ETV Bharat / state

আত্মহত্যা, দুৰ্ঘটনা নে আন কিবা; কি হৈছিল ভৱেন সন্দিকৈৰ লগত ? - Man Jumps Off JMCH Building

author img

By ETV Bharat Assamese Team

Published : 12 hours ago

Man falls to death from the JMCH building : JMCH হুলস্থূল ৷ তিনি মহলাৰ ওপৰৰ পৰা পৰিল ভৱেন সন্দিকৈ ৷ কেনেকৈ পৰিল ভৱেন সন্দিকৈ ?

Man Jumps Off JMCH Building
JMCH হুলস্থূল (ETV Bharat Assam)

যোৰহাট, 19 ছেপ্টেম্বৰ : প্ৰকৃতিৰ এক চিৰসত্য ঘটনা; জন্ম, মৃত্যু, বিবাহ - কোনেও ক’ব নোৱাৰে কাৰ, কেতিয়া, কি হয় ৷ এতিয়া হাঁহি-ধেমালি কৰি আছো, পিছ মুহূৰ্ততে কি হয় কোনেও ক’ব নোৱাৰে ৷ ভৱেন সন্দিকৈয়ে জানো ভাবিছিল, তেওঁৰ লগত যে এনে এটা ঘটনা হ’ব বুলি ! কোনেও সহজভাৱে ল’ব পৰা নাই ভৱেন সন্দিকৈৰ সৈতে যে এনে এটা ঘটনা হ’ব পাৰে বুলি ৷

JMCH হুলস্থূল (ETV Bharat Assam)

পঢ়ুৱৈৰ মনত নিশ্চয় এটা প্ৰশ্নৰ উদ্ৰেক ঘটিছে ৷ কোন এই ভৱেন সন্দিকৈ, কি হৈছে তেওঁৰ লগত ? আহকচোন যাওঁ ঘটনাৰ মাজলৈ -

বুধবাৰৰ নিশাৰ কথা ৷ হঠাৎ যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত লাগিল হুলস্থূল ৷ কোনোৱে তৰকিব নোৱাৰিলে কি হ’ল ৷ কিছু সময়ৰ পাচত গম পোৱা গ’ল যে হাস্পতালৰ তৃতীয় মহলাৰ পৰা এজন লোকে জাপ মাৰিছে ৷ জাপ মৰা লোকজনৰ নাম ভৱেন সন্দিকৈ ৷ হাস্পতালৰ লোকৰ তৎপৰতাত গুৰুতৰভাৱে আহত ভৱেনক ICU ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু ICU ত ভৰ্তি কৰোৱা কিছু সময়ৰ পাচতে মৃত্যু হয় ভৱেন সন্দিকৈৰ ৷

জানিব পৰা মতে, ভৱেন সন্দিকৈৰ গৰ্ভৱতী পত্নীক ঘটনাৰ এদিন পূৰ্বে হাস্পতালৰ শিশু আৰু প্ৰসূতি বিভাগত ভৰ্তি কৰোৱা হৈছিল ৷ ভৱেন সন্দিকৈৰ মৃত্যুৰ প্ৰায় 10 মিনিটৰ পাচতে এটি ল’ৰা সন্তানক জন্ম দিয়ে তেওঁৰ পত্নীয়ে ৷ বাতৰি লিখা পৰলৈকে ভৱেন সন্দিকৈৰ পত্নীয়ে তেওঁৰ স্বামীৰ অকস্মাৎ বিয়োগৰ বিষয়ে জ্ঞাত নহয় ৷

ইফালে নিহত ভৱেন সন্দিকৈৰ পত্নীৰ পৰিয়ালৰ দাবী এয়া আত্মহত্যা নহয় । কোনো কাৰণতে তিনি মহলা পৰা জপিয়াই আত্মহত্যা কৰা নাই ভৱেনে ৷ যিহেতু ভৱেন সন্দিকৈৰ গৰ্ভৱতী পত্নী হাস্পতালত ভৰ্তি হৈ আছে যাৰ বাবে তেওঁ চিন্তাত আছিল ৷ তেওঁলোকৰ মতে, তেওঁৰ টোপনি ক্ষতি হোৱাৰ ফলত সম্ভৱত মূৰ ঘূৰাই বা অন্য কিছু কাৰণত দুৰ্ঘটনাবশত উক্ত স্থানৰ পৰা পিছলি পৰে । এই অনাকাংক্ষিত ঘটনাক কেন্দ্ৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : গাহৰি পুহিলে লাগে লেঠা; দিপাংকৰৰ ঘৰৰ বিশ্বকৰ্মা পূজালৈ নাহিল ৰাইজ - FAMILY ISOLATED FOR PIG FARM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.