ETV Bharat / state

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত ৱাৰিছ পাঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ অধিবক্তা

author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 7:17 PM IST

Dibrugarh central jail: ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত ৱাৰিছ পাঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ অধিবক্তা ৷ অমৃতপাল সিঙৰ লগতে দহ কাৰাবন্দীৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগ ৷

Amritpal Singh
ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ
ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিঙৰ অধিবক্তা

ডিব্ৰুগড়, 20 ফেব্ৰুৱাৰী: ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত কাৰাবন্দী হৈ থকা ৱাৰিছ পাঞ্জাৱ দে’ৰ মুৰব্বী তথা খালিস্তানপন্থী নেতা অমৃতপাল সিঙৰ বন্ধ কুঠৰীৰ পৰা উদ্ধাৰ হৈছিল বহু আপত্তিজনক সামগ্ৰী ৷ কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই উক্ত সামগ্ৰীসমূহ উদ্ধাৰ কৰাৰ পিচতে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ডিব্ৰুগড়ত উপস্থিত হৈ সমগ্ৰ ব্যৱস্থাপনাৰ বুজ লয় ।

ইয়াৰ মাজতে ডিব্ৰুগড় কাৰাগাৰত উপস্থিত হয় অমৃতপাল সিঙৰ অধিবক্তা তথা প্ৰাক্তন সাংসদ ৰাজদেৱ সিং খালছা ৷ মঙলবাৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিংসহ তেওঁৰ সহযোগীক সাক্ষাৎ কৰিবলৈ অহা জ্যেষ্ঠ অধিবক্তা ৰাজদেৱ সিং খালছাই সংবাদ মাধ্যমৰ আগত অমৃতপাল সিঙৰ লগতে দহ কাৰাবন্দীৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগ তোলে ।

অধিবক্তাগৰাকীয়ে কয় যে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিংসহ আন দহগৰাকী সহযোগীক হত্যাৰ ষড়যন্ত্ৰ চলিছে ৷ অধিবক্তাগৰাকীয়ে জানিবলৈ দিয়া মতে কাৰাবন্দীসকলৰ স্বাস্থ্যৱস্থা সুস্থিৰ নহয় । NSA ৰ গোচৰত বন্দী হৈ থকা কাৰাবন্দীসকলক পাঞ্জাৱলৈ প্ৰত্যাৱৰ্তন কৰোৱাটো বিচাৰিছে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে । উল্লেখ্য যে ১৭ ফেব্ৰুৱাৰীত খালিস্তানী উগ্ৰপন্থী অমৃতপাল সিং থকা NSA চেলত জব্দ হৈছিল বৃহৎ পৰিমাণৰ চিম কাৰ্ড, টিভি ৰিমৰ্ট, দুটা ম’বাইল ফোন, স্পাইকেম পেইন, ব্লুটুথ হেডফোন । এই কথা জানিবলৈ দিছিল আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে ।

উদ্ধাৰ হোৱা সামগ্ৰীসমূহ নিষিদ্ধ আছিল খালিস্তানী উগ্ৰপন্থীসকলক ৰখা কক্ষত । সামগ্ৰীসমূহ কেনেকৈ কাৰাগাৰৰ ভিতৰলৈ আহিল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে । এই ঘটনাক লৈ আজিপৰ্যন্ত মুখ খোলা নাই ডিব্ৰুগড় কাৰাগাৰ কৰ্তৃপক্ষৰ লগতে ৰাজ্যৰ গৃহ বিভাগে ৷

লগতে পঢ়ক: ডিব্ৰুগড়ত পুৱাই উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.