ETV Bharat / state

চৰকাৰী মাটি জালিয়াতিৰে বিক্ৰী কৰি গ্ৰেপ্তাৰ হ'ল চৰকাৰী লাটমণ্ডল - Land fraud case

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 2:23 PM IST

Land scam in Dibrugarh: চৰকাৰী মাটি জালিয়াতিৰে বিক্ৰী কৰি গ্ৰেপ্তাৰ হ'ল ডিব্ৰুগড়ৰ পশ্চিম ৰাজহ চক্ৰৰ মণ্ডল ৷ হোজাইৰ পৰা ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত মণ্ডল মুক্তিয়াৰ হুছেইনক ৷ মাটিৰ দালালৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় মণ্ডলক ৷

land fraud case Dibrugarh
চৰকাৰী মাটি জালিয়াতিৰে বিক্ৰী কৰি গ্ৰেপ্তাৰ হ'ল চৰকাৰী লাটমণ্ডল (ETV Bharat Assam)

মৰাণ, 24 জুন: ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যত অসম আৰক্ষীয়ে চলাইছিল মাটিৰ দালালৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান । ৰাজ্যৰ জিলাই জিলাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মাটিৰ দালালৰ তালিকা প্ৰস্তুত কৰি বহু মাটিৰ দালালক ৰঙাঘৰলৈ প্ৰেৰণ কৰিছিল অসম আৰক্ষীয়ে ।

ইয়াৰ পাচতো শিক্ষা লোৱা নাই একাংশ মাটিৰ দালাল আৰু চৰকাৰী বিষয়াই । মুখ্যমন্ত্ৰীয়ে মাটিৰ দালালৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ অসম আৰক্ষীক নিৰ্দেশনা প্ৰদান কৰাৰ সময়তে ডিব্ৰুগড়ত সংঘটিত হয় এটি চাঞ্চল্যকৰ ঘটনা ।

খোদ চৰকাৰী মণ্ডলে চৰকাৰী ভূমি জালিয়াতিৰে বিক্ৰী কৰি লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাচতেই সোমবাৰে গ্ৰেপ্তাৰ কৰা হয় ডিব্ৰুগড়ৰ পশ্চিম ৰাজহ চক্ৰৰ মণ্ডল মুক্তিয়াৰ হুছেইনক । নগাঁও জিলাৰ হোজাইত পলাতক অৱস্থাত থকা পশ্চিম ৰাজহ চক্ৰৰ মণ্ডল মুক্তিয়াৰ হুছেইনক নিশাই আটক কৰে ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষীয়ে ।

লগতে পঢ়ক: গৰাকীৰ অজ্ঞাতেই দালালে বেচিলে দুবিঘা ভূমি; ন্যায়ৰ বাবে চৰকাৰক আহ্বান ভুক্তভোগীৰ - Land brokers bullying

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি বগীবিল দলঙৰ সমীপৰ লৰুৱা বিলৰ প্ৰায় 1300 বিঘা চৰকাৰী মাটিৰ কিছু অংশ ভুৱা নথিৰে বহু নামি দামী লোকক বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে ধৃত মুক্তিয়াৰ হুছেইনৰ বিৰুদ্ধে । ডিব্ৰুগড় জিলাৰ লগতে আন জিলাৰ ব্যক্তিকো ভুৱা নথিৰে ভূমি বিক্ৰী কৰাৰ অভিযোগ লাভ কৰাৰ পাছতেই চাৰিদিনৰ পূৰ্বে বগীবিলৰ চৰাইহাবিৰ পৰা আৰক্ষীয়ে আটক কৰিছিল মাটিৰ দালাল জয়কুমাৰ হাজৰিকাক ।

মাটিৰ দালালিৰ অভিযোগত অভিযুক্ত জয়কুমাৰ হাজৰিকাক মাৰাথান জেৰা চলোৱাৰ পাচতেই মাটিৰ দালালৰ স্বীকাৰোক্তিত কৰায়ত্ত কৰিবলৈ সক্ষম হ'ল মণ্ডল মুক্তিয়াৰ হুছেইনক ।

লগতে পঢ়ক: ভূমি কেলেংকাৰী : আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে ইজনৰ পিচত সিজনৰ নাম

আনহাতে, সমগ্ৰ ঘটনা তন্ন-তন্নকৈ তদন্ত চলালে মাটিৰ দালাল চক্ৰৰ লগত জড়িত বহু ৰৌ-বৰালি জালত পৰাৰ সম্ভাৱনা আছে । ঘটনা সন্দৰ্ভত বৰবৰুৱা আৰু ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকে কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই ।

ধৃত জয়কুমাৰ হাজৰিকা আৰু মুক্তিয়াৰ হুছেইনক আজি স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত জেললৈ প্ৰেৰণ কৰা হ’ব বুলি আৰক্ষীয়ে জনায় ।

লগতে পঢ়ক: গুৱাহাটীৰ বাহিৰৰ ভূমিৰ নথিৰ জালিয়াতিৰ বাবেও গঠন হ’ব বিশেষ তদন্তকাৰী দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.