ETV Bharat / state

যোৰহাটৰ কণমানিটিৰ অন্তিম সৎকাৰ সম্পূৰ্ণ : কান্দি কান্দি কেক কাটিলে পিতৃ-মাতৃয়ে - CHILD DEATH IN JMCH

author img

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 3:20 PM IST

Controversy at JMCH : যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত বুধবাৰে আকস্মিক মৃত্যুক আঁকোৱালি লোৱা শিশুটিৰ শেষকৃত্য সম্পন্ন ৷ পিতৃ-মাতৃয়ে অন্তিম সংস্কাৰথলীতে কাটিলে কেক ৷ এই হৃদয় বিদাৰক দৃশ্যই কন্দুৱাই পেলাই তাত উপস্থিত থকা সকলোকে ৷

CHILD DEATH IN JMCH
হেঁপাহৰ জন্মদিনটো পালন কৰা নহ’ল (ETV Bharat Assam)

যোৰহাট, 11 জুলাই: নিয়তিয়ে বিচৰা হ’লেই আজি এবছৰত ভৰি দিলেহেঁতেন যোৰহাটৰ দুৰ্ভগীয়া কণমানিটোৱে ৷ পিছে নিয়তিৰ নিষ্ঠুৰ সিদ্ধান্ত ৷ মাত্ৰ এটা বেজীয়ে পিতৃ-মাতৃৰ বুকু শুদা কৰি চিৰদিনৰ বাবে আঁতৰাই নিলে এটি দুৰ্ভগীয়া কন্যা শিশুক ৷

কান্দি কান্দি কেক কাটিলে পিতৃ-মাতৃয়ে (ETV Bharat Assam)

ইতিমধ্যে এই ঘটনা সকলোৰে জ্ঞাত ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি বুধবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত সৃষ্টি হৈছিল হাহাকাৰ পৰিস্থিতি ৷ হাস্পতালখনত উপস্থিত থকা বহুসংখ্যক লোকে শিশুটিৰ মৃত্যুক কেন্দ্ৰ কৰি খিৰিকীৰ আইনা পৰ্যন্ত ভাঙি চুৰমাৰ কৰিছিল ৷

লগতে পঢ়ক: 11 জুলাইত আছিল জন্মদিন : কাৰ ভুলৰ বাবে আকস্মিক মৃত্যুক সাৱটিলে যোৰহাটৰ কণমানিটিয়ে - CHILD DEATH AT JMCH

সেই মৃত শিশুটিৰে আজি জন্মদিন ৷ পিছে জন্মদিন পালন কৰাৰ সলনি পিতৃ-মাতৃয়ে কৰিবলগীয়া হ’ল অন্তিম সংস্কাৰৰ সকলো নীতি-নিয়ম ৷ শোকবিহ্বল প্ৰয়াত শিশুটিৰ পিতৃ-মাতৃয়ে বৃহস্পতিবাৰে কান্দি কান্দি অন্তিম সংস্কাৰৰ সকলো নিয়ম সম্পূৰ্ণ কৰাৰ পিচত সেই স্থানতে কেক কাটে ৷

বহু হেঁপাহেৰে সন্তানৰ এবছৰীয়া জন্মদিনটো ধুমধামেৰে উদযাপন কৰাৰ বাবে পৰিয়ালটোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকাৰ পিচতো সেয়া কৰিব নোৱাৰিলে ৷

অভিযোগ উত্থাপন হৈছে যে, শিশুটিৰ মৃত্যুৰ পিচত পিতৃয়ে চিকিৎসকৰ পৰামৰ্শ মতে বেজী দিয়া নাৰ্ছজনীক বিচাৰি প্ৰৱেশ কৰিছিল হাস্পতালখনৰ আই চি ইউ কক্ষত ৷ কিন্তু আই চি উইত পূৰ্বৰে পৰা উপস্থিত থকা অন্যান্য চিকিৎসক, নাৰ্ছে মাতৃয়ে খুৱাই থকা গাখীৰ বুকুত লগাৰ ফলতহে শিশুটিয়ে মৃত্যুবৰণ কৰা বুলি সমগ্ৰ ঘটনাৰ দোষ পৰিয়ালৰ লোকলৈ ঠেলি দিব বিচাৰে ৷ কেৱল এয়াই নহয়, হাস্পতালখনৰ কৰ্তৃপক্ষই আই চি ইউ কক্ষৰ পৰা আৰক্ষীৰ সহায়ত মৃত শিশুটিৰ পিতৃক বাহিৰলৈ উলিয়াই পঠিওৱা বুলিও নিজমুখে কৰিছে অভিযোগ ৷

লগতে পঢ়ক: যোৰহাটত মৃত্যুৰ কিৰিলি: তিনিটি শিশুৰ মৃত্যুৰ কাৰণ বৰ্ণনা J.M.C.Hৰ অধীক্ষকৰ - CHILDS DEATH AT JMCH

আনহাতে, বৃহস্পতিবাৰে পুৱা 9 বজাত মৃত শিশুটিৰ ঘৰত যোৰহাট জিলা আয়ুক্ত উপস্থিত হোৱাৰ কথা আছিল বুলি পিতৃয়ে উল্লেখ কৰিছে ৷ সময় উকলিল, কিন্তু তেওঁলোকৰ সুৱনিগাঁৱৰ ঘৰতহে আহি উপস্থিত নহ’ল জিলা আয়ুক্তগৰাকী ৷ আনকি মৃত শিশুটিৰ পিতৃ মঞ্জিত দাসে বাৰে বাৰে জিলা আয়ুক্তগৰাকীক ফোনযোগে যোগাযোগ কৰাৰ পিচত উক্ত স্থান পালোহিয়েই বুলি কৈ দায়িত্ব সামৰে যোৰহাট জিলাৰ আয়ুক্তগৰাকীয়ে ৷ তাৰ সলনি তেওঁলোকৰ ঘৰত উপস্থিত হয় জিলা আৰক্ষী ৷

লগতে পঢ়ক: যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালক কেন্দ্ৰ কৰি চলা অপপ্ৰচাৰৰ বিৰুদ্ধে স্থিতি স্পষ্ট অধীক্ষকৰ - Jorhat Medical College Hospital

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.