ETV Bharat / state

লখিমপুৰৰ আৰক্ষীৰ বিশেষ শাখাৰ লেন্স নায়ক নিত্যানন্দ দেউৰীৰ দেহাৱসান - Police person death

Nityananda Deori passes away: লখিমপুৰ জিলা আৰক্ষীৰ বিশেষ শাখাত নিয়োজিত নিত্যানন্দ দেউৰী নামৰ লেন্স নায়কৰ দেহাৱসান । এদিন পুৰ্বে তেওঁ উচ্চ ৰক্তচাপত আক্রান্ত হৈ চিকিৎসাধীন অৱস্থাতে শুকুৰবাৰে নিশা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

Lance Naik Nityananda Deori passes away in Lakhimpur
লেন্স নায়ক নিত্যানন্দ দেউৰীৰ দেহাৱসান
author img

By ETV Bharat Assamese Team

Published : Feb 4, 2024, 1:56 PM IST

লখিমপুৰ, ৪ ফেব্ৰুৱাৰী : লখিমপুৰত আৰক্ষীৰ বিশেষ শাখাৰ লেন্স নায়কৰ দেহাৱসান । লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ অধীনত নিযুক্ত বিশেষ শাখাৰ লেন্স নায়ক নিত্যানন্দ দেউৰীয়ে শুকুৰবাৰে নিশা ইহললীলা সম্বৰণ কৰে । এক জানুৱাৰীত উচ্চ ৰক্তচাপত আক্ৰান্ত হৈছিল লেন্স নায়ক নিত্যানন্দ দেউৰী । ততাতৈয়াকৈ তেওঁক লখিমপুৰ মেডিকেল কলেজত ভৰ্তি কৰোৱাৰ পাচত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় লৈ নিয়া হৈছিল ।

Lance Naik Nityananda Deori passes away in Lakhimpur
লেন্স নায়ক নিত্যানন্দ দেউৰীৰ দেহাৱসান

ডিব্ৰুগড়ত তেওঁক চিকিৎসা চলি থকাৰ মাজতে শুকুৰবাৰে নিশা হাৰ মানে নিয়তিৰ ওচৰত । শনিবাৰে তেওঁৰ নশ্বৰদেহ লখিমপুৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ অনা হয় । আৰক্ষী বিভাগে তেওঁক যথাৰীতি বিভাগীয় মৰ্যাদাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । তাৰ পাচতে তেওঁৰ মৃতদেহ বিহপুৰীয়াৰ স্বগৃহলৈ লৈ যোৱা হয় ।

উল্লেখ্য যে শেহতীয়াকৈ তেওঁক জিলাখনৰ নাৰায়ণপুৰ থানাত নিয়োগ কৰা হৈছিল । যোৱা এক জানুৱাৰীত তেওঁ নাৰায়ণপুৰ থানাত যোগদান কৰিবলৈ গৈ ঘুৰি আহিবলৈ লওতেই উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ পৰে । নিত্যানন্দ দেউৰীৰ বিয়োগত সমগ্ৰ জিলাখনত গভীৰ শোকৰ ছাঁ পৰে । অতি অমায়িক সৰবৰহী ব্যক্তি নিত্যানন্দ দেউৰীৰ মৃত্যুত বিভাগীয় লোকৰ লগতে ৰাইজেও শোক প্রকাশ কৰে । মৃত্যুৰ সময়ত পত্নীসহ দুই পুত্র সন্তানক ইহ সংসাৰত এৰি থৈ যায় নিত্যানন্দ দেউৰীয়ে ।

উল্লেখ্য যে, বিগত ২০০৬ চনত তেওঁ ধেমাজি জিলাত অসম আৰক্ষীৰ ২২ নম্বৰ বেটেলিয়নত কনিষ্টবল হিচাপে নিযুক্তি লাভ কৰিছিল ৷ পৰৱৰ্তী সময়ত তেওঁ কামাণ্ডোৰ প্ৰশিক্ষণ গ্রহণ কৰিছিল । ২০০৮ চনত তেওঁ দিল্লীত এনএছজি ৰ প্ৰশিক্ষণ গ্রহণ কৰে । তাৰ পিচত তেওঁ ঘুৰি আহি গুৱাহাটীৰ কাহিলীপাৰাৰ আৰক্ষীৰ বিশেষ শাখাত যোগদান কৰে । প্ৰায় দুটা বছৰ তাত কৰ্মৰত হৈ থকাৰ পাচত তেওঁ লখিমপুৰ লৈ আহে আৰু জিলাৰ আৰক্ষীৰ বিশেষ শাখাত যোগদান কৰে ।

জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়, বগা নদী থানা আদিত কৰ্মৰত হৈ থকাৰ পাচত তেওঁ ক শেহতীয়া কৈ জিলাখনৰ নাৰায়ণপুৰ থানাত নিয়োগ কৰা হৈছিল । তেওঁৰ পিতৃও আৰক্ষী বিভাগত নিযুক্ত আছিল আৰু আততায়ীৰ গুলীত প্ৰাণ হেৰুৱাইছিল । পিতৃৰ মৃত্যুৰ পাচত আৰক্ষী বিভাগত নিত্যানন্দই নিযুক্তি লাভ কৰে আৰু শেহতীয়া কৈ উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাৱলগীয়া হয় ।

লগতে পঢ়ক: ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ নন্দীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.