লখিমপুৰ,২ মাৰ্চ: নাগৰিকত্ব সংশোধনী আইন চমুকৈ CAA ৰ বিৰুদ্ধে দীৰ্ঘদিনে অসমত প্ৰতিবাদ চলি আছে । সময়ে সময়ে প্ৰতিবাদৰ জোৰ কম হ'লেও স্থবিৰ হোৱা নাই প্ৰতিবাদী ধাৰা । বিভিন্ন দল-সংগঠনৰ লগতে ৰাইজ এনে প্ৰতিবাদী মিচিলত চামিল হৈ চৰকাৰক CAA বলবৎ নকৰিবলৈ দাবী জনাই আহিছে । পিছে চৰকাৰ নাচোৰবান্দা । লোকসভা নিৰ্বাচনৰ পূৰ্বেই CAA বলবৎ কৰিবলৈ প্ৰস্তুতি চলাইছে কেন্দ্ৰীয় চৰকাৰে ।
CAA বলবৎ কৰাৰ লগে লগে উদ্ভৱ হ'ব পৰা সম্ভাব্য পৰিস্থিতি মোকাবিলা কৰিবলৈ ইতিমধ্যে কেন্দ্রই ৰাজ্য চৰকাৰলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে । কেন্দ্রৰ এনে নিৰ্দেশনাৰ পাচতে সষ্টম হৈ পৰিছে ৰাজ্য চৰকাৰ । বিশেষকৈ আৰক্ষী বিভাগক সাজু কৰি তোলা হৈছে । ৰাজ্যৰ আন জিলাৰ দৰে লখিমপুৰতো আৰক্ষী বিভাগ CAA বলবৎ কৰাৰ সময়ত উদ্ভৱ হ'ব পৰা পৰিস্থিতি মোকাবিলা কৰিব পৰাকৈ সাজু হৈ আছে ।
আৰক্ষীৰ লগতে সাজু কৰি ৰখা হৈছে অৰ্ধসামৰিক বাহিনীকো । জিলাখনৰ বিভিন্ন স্থানত আৰক্ষী অৰ্ধসামৰিক বাহিনীয়ে ইতিমধ্যে যৌথভাৱে সতৰ্কতামূলক টহল দিয়া আৰম্ভ কৰিছে । প্ৰতিবাদকাৰীয়ে জুই জ্বলাই কৰা প্ৰতিবাদ ৰোধ কৰিবলৈ পেট্র'ল, ডিজেল আদি বিক্ৰী কৰা খুচুৰা ডিপো সমূহ বন্ধ কৰিবলৈ আৰক্ষীয়ে নিৰ্দেশ দিছে । গাড়ী, মটৰচাইকেলৰ গেৰেজৰ পৰা পুৰণি টায়াৰ আদি আঁতৰাবলৈয়ো নিৰ্দেশ দিয়া হৈছে । সাজু থাকিবলৈ নিৰ্দেশ দিয়া হৈছে অগ্নি নিৰ্বাপক বাহিনীকো ।
জিলাখনৰ থানা, আৰক্ষী চকী আদিত লাঠিকে ধৰি প্ৰতিবাদ দমনৰ বাবে ব্যৱহৃত সা-সামগ্ৰীসমূহ মজুত ৰখা পৰিলক্ষিত হৈছে । ৰজাঘৰৰ এনে সমৰসজ্জাৰ বিপৰীতে প্ৰজাঘৰো সাজু প্ৰতিবাদ সাব্যস্ত কৰিবলৈ । আছু, জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, জাতীয়তাবাদী যুৱ পৰিষদ আদি বিভিন্ন সংগঠনে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কটোৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
আছুকে ধৰি ৩০ জনগোষ্ঠীয় সংগঠনৰ লগতে ৰাইজে CAA বলবৎ হ'লে প্ৰতিবাদত চামিল হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে । এফালে ৰজাঘৰৰ CAA বলবৎ কৰাৰ প্ৰস্তুতি আনফালে প্ৰজাঘৰৰ প্ৰতিবাদৰ প্ৰস্তুতিৰ দৃশ্যপট । প্ৰতিবাদকাৰীসকলে বাইক ৰেলী, CAA ৰ প্ৰতিলিপি দাহ, জোৰ সমদল, অনশন ধৰ্মঘট আদি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে । যাৰ বাবে সময়ত কেনে পৰিবেশ সৃষ্টি হ'ব সেয়া এই সময়ত পূৰ্বানুমান কৰাটো কঠিন হৈ পৰিছে ।