ETV Bharat / state

তিনিবছৰে বন্ধ লখিমপুৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহ: মেৰামতিত বিসংগতিৰ অভিযোগ - LAKHIMPUR DISTRICT LIBRARY

author img

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 5:16 PM IST

Poor condition of lakhimpur district library: অধ্যয়নৰ পৰিৱেশ নথকা লখিমপুৰ জিলা পুথিভঁৰালৰ মেৰামতিৰ নামত বিসংগতি ৷ মেৰামতিৰ অচিলাৰে প্ৰায় তিনিবছৰ ধৰি বন্ধ এই পুথিভঁৰাল ৷ যাৰ বাবে এই সন্দৰ্ভত ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷

LAKHIMPUR DISTRICT LIBRARY
লখিমপুৰ জিলা পুথিভঁৰাল বন্ধ (ETV Bharat Assam)

লখিমপুৰ, 5 আগষ্ট: বিগত তিনিটা বছৰে বন্ধ হৈ আছে লখিমপুৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহ ৷ পুনৰনিৰ্মাণৰ নামত আজিলৈকে পুথিভঁৰালটো বন্ধ কৰি ৰখা হৈছে ৷ তাৰপিচতো কিন্তু সম্পূর্ণ নহ'ল লখিমপুৰ জিলা পুথিভঁৰালৰ মেৰামতিৰ কাম ৷ এবছৰত নিৰ্মাণকাৰ্য সম্পূর্ণ কৰা হ’ব বুলি ৰাজহুৱা জাননী জাৰি কৰাৰ পিচতো আজিলৈকে পুথিভঁৰালটোৰ দ্বাৰ পুনৰ মুকলি নোহোৱা কথাটোৱে সৃষ্টি কৰিছে ৰহস্যৰ ৷

কোঁচ ৰাজবংশী সংগ্ৰাম সমিতিৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

প্ৰাপ্ত তথ্য অনুসৰি, লখিমপুৰ জিলা পুথিভঁৰালৰ পুনৰ নির্মাণৰ বাবে চৰকাৰে চি আই ডি এফ আঁচনিৰ অধীনত 2020-21 বর্ষতে আৱণ্টন দিছিল 4.99 কোটি টকা ৷ তাৰপিচতো নিবিদাপ্ৰাপ্ত ঠিকাদাৰে এইপর্যন্ত পুথিভঁৰালটোৰ নিৰ্মাণকাৰ্য সম্পূর্ণ কৰিব নোৱাৰিলে ৷ যাৰ বাবে এই সন্দৰ্ভত ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷

লগতে পঢ়ক: Lakhimpur District Library: এবছৰৰ বাবে বন্ধ হ'ল লখিমপুৰ জিলা পুথিভঁৰাল

জিলা আছুৱেও এই সন্দৰ্ভত জিলা আয়ুক্তক লিখিত অভিযোগ দাখিল কৰিছে ৷ তথাপিও কিন্তু পুথিভঁৰালৰ নিৰ্মাণকাৰ্য খৰতকীয়া হোৱা নাই ৷ আনকি সভাকক্ষটোও নির্মাণ হৈ নুঠাত জিলাখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ একাংশ অনুষ্ঠান পাতিবলৈও নাটনি হৈছে ঠাইৰ ৷ যাৰ বাবে সমস্যাত পৰিছে স্থানীয় ৰাইজৰ লগতে স্থানীয় দল-সংগঠনসমূহ ৷

উল্লেখ্য যে, মেৰামতি তথা উপযুক্ত ৰক্ষণাবেক্ষণৰ অভাৱত ভূতবাংলালৈ পৰিণত হৈছিল লখিমপুৰ জিলা পুথিভঁৰাল ৷ সোণালী জয়ন্তী বৰ্ষ গৰকা জিলাখনৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানটোত নাছিল অধ্যয়নৰ পৰিৱেশ ৷ পুথিভঁৰালটোৰ কদৰ্যময় পৰিৱেশত নাক কোঁচ খাই যোৱা অৱস্থা হৈছিল গ্ৰন্থপ্ৰেমীৰ ৷ যাৰ বাবে পুথিভঁৰালটো পুনৰ মেৰামতিৰ দায়িত্ব গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে ৷ বৃহৎ সংখ্যক ধন আৱণ্টন দিয়াৰ পিছতো এই কাৰ্য সম্পূৰ্ণ নোহোৱা কথাটোৱে সৃষ্টি কৰিছে ৰহস্যৰ ৷

লগতে পঢ়ক: লখিমপুৰ জিলা পুথিভঁৰালত এতিয়া নাই অধ্যয়নৰ পৰিৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.