ETV Bharat / state

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়লৈ প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ অধীনত পাঁচ কোটিৰ অনুদান - Lakhimpur Commerce College - LAKHIMPUR COMMERCE COLLEGE

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ে কেন্দ্রীয় শিতানত পাঁচ কোটি টকাৰ অনুদান লাভ কৰিছে ৷ লখিমপুৰ জিলাৰ ভিতৰত একমাত্র লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ে এই অনুদান লাভ কৰিবলৈ সক্ষম হৈছে।

LAKHIMPUR COMMERCE COLLEGE
প্ৰধান মন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ অধীনত পাঁচ কোটিৰ অনুদান
author img

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 8:31 PM IST

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়লৈ পাঁচ কোটিৰ অনুদান

লখিমপুৰ, 6 এপ্ৰিল : লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ বাবে সুখবৰ ৷ প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ অধীনত পাঁচ কোটিৰ অনুদান লাভ কৰিছে মহাবিদ্যালয়খনে ৷ ইয়াৰ পিচতেই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বাণিজ্য শিক্ষাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

  • " class="align-text-top noRightClick twitterSection" data="">

এই মহাবিদ্যালয়খনে প্ৰধান মন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ অধীনত পাঁচ কোটি টকা মহাবিদ্যালয় সৱলীকৰণ শিতানত লাভ কৰিছে ৷ এই অনুদান লাভ কৰা লখিমপুৰ বাণিজ্য মহাবিদ্যালয় জিলাখনৰ ভিতৰত একমাত্ৰ মহাবিদ্যালয় ৷ উল্লেখ্য যে, সমগ্ৰ দেশৰ 321 খন মহাবিদ্যালয়ে এই অনুদান লাভ কৰিছে ৷ ইয়াৰ ভিতৰত অসমৰ আছে 14 খন মহাবিদ্যালয় ৷

লখিমপুৰ জিলাৰ ভিতৰত একমাত্ৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়খন এই অনুদানৰ বাবে তালিকাভুক্ত হৈছে ৷ অধ্যক্ষ ড৹ লোহিত হাজৰিকাই মহাবিদ্যালয়খনে এই অনুদান লাভ কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে ৷ তেওঁ এই অনুদানেৰে মহাবিদ্যালয়খনৰ বাবে গ্ৰহণ কৰা কেতবোৰ আঁচনিৰ কথা সদৰী কৰে ৷

অধ্যক্ষ ড৹ লোহিত হাজৰিকাই কয় যে, ই অনুদানৰ টকাৰে মহাবিদ্যালয়খনৰ আন্তগাঁঠনিৰ উন্নয়ন কৰাৰ উপৰিও বৃত্তিমুখী শিক্ষা প্ৰদানৰ লক্ষ্য লোৱা হৈছে ৷ বিভিন্ন বৃত্তিমুখী শিক্ষা প্ৰদান কৰি উঠি অহা সকলে চৰকাৰী চাকৰি নহ’লেও যাতে জীৱিকা নিৰ্বাহ কৰিব পাৰে তাৰ বাবে উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ৷ মহাবিদ্যালয়খনক এনে দিশত অগ্ৰণী ৰূপত গঢ়ি তোলাৰ বাবে কেতবোৰ আঁচনি গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয় ৷ কেন্দ্ৰীয় চৰকাৰৰ এই অনুষ্ঠানেৰে সমৃদ্ধ হোৱা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ক অনন্য ৰূপত গঢ়ি তোলাটো তেওঁৰ এক সপোন আৰু এই সপোনক সাকাৰ ৰূপ দিয়াত সকলোৰে সহযোগিতা কামনা কৰে অধ্যক্ষগৰাকীয়ে ৷

লগতে পঢ়ক : তেজপুৰ বিশ্ববিদ্যালয়ত সংযুক্ত হ'ল ছটা নতুন বিভাগ - Tezpur University

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.