ETV Bharat / state

দুই তিনিদিনৰ ভিতৰত লখিমপুৰৰ প্ৰাৰ্থী ঘোষণা কৰা হ'ব: জীতেন্দ্ৰ সিং - Lok Sabha Election 2024

Lok Sabha Election 2024 : "যিসকলে টিকটৰ পিচত দৌৰি থাকে, দলত ওপৰে ওপৰে থাকে তেওঁলোক দলৰ প্ৰকৃত সংগী নহয়। বিজেপিলৈ যিবোৰ গৈছে সেইবোৰ‌ লুভীয়া । টকাৰ‌ বিনিময়ত কংগ্ৰেছে কাকো টিকট দিয়া নাই ৷" জীতেন্দ্ৰ সিং

Lok Sabha Election 2024
দুই তিনিদিনৰ ভিতৰত লখিমপুৰৰ প্ৰাৰ্থী ঘোষণা কৰা হ'ব: জীতেন্দ্ৰ সিং
author img

By ETV Bharat Assamese Team

Published : Mar 20, 2024, 9:25 PM IST

দুই তিনিদিনৰ ভিতৰত লখিমপুৰৰ প্ৰাৰ্থী ঘোষণা কৰা হ'ব: জীতেন্দ্ৰ সিং

গুৱাহাটী,‌ ২০ মাৰ্চ : "লখিমপুৰৰ প্ৰাৰ্থীৰ নাম দুই তিনিদিনত ঘোষণা কৰা হ'ব। এইক্ষেত্ৰত দিল্লীত কংগ্ৰেছৰ নেতৃত্বৰ আলোচনা চলি আছে ।" আজি গুৱাহাটীত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে এই মন্তব্য প্ৰকাশ কৰে ৷ বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ অসমৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত কেইবাগৰাকী বিজেপি নেতাই আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সংগঠনসমূহৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ পৰিছে ৷ ইফালে এতিয়াও লখিমপুৰ লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰিব পৰা নাই । কিন্তু ইয়াৰ মাজতে লখিমপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰাণী নৰহে দিল্লীত বাহৰ পাতি প্ৰাৰ্থিত্ব লাভৰ‌ বাবে তাতবাটি কাঢ়ি আছে ।‌

উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছে লখিমপুৰৰ বাবে উদয়‌ শংকৰ হাজৰিকা আৰু ৰাণী নৰহৰ নাম কংগ্ৰেছ হাইকামাণ্ডলৈ প্ৰেৰণ কৰিছিল । কিন্তু কংগ্ৰেছ দলে এতিয়াও লখিমপুৰৰ প্ৰাৰ্থীৰ নাম ঘোষণাত বিলম্ব কৰি আছে । ইফালে অসম‌ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই উদয় শংকৰক প্ৰাৰ্থিত্ব দিয়াৰ পক্ষত আছে বুলি জানিব পৰা গৈছে ।‌ কিন্তু ৰাণী নৰহৰ বাবে দিল্লীৰ হাইকামাণ্ডে চূড়ান্ত সিদ্ধান্ত ল'ব পৰা নাই ৷

সিঙে লগতে কয় যে, এইবাৰ কংগ্ৰেছে ভাৰসাম্য থকা এখন কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । য'ত সকলো বৰ্গৰে প্ৰতিনিধিত্ব আছে । এইবাৰ কংগ্ৰেছে দুগৰাকী মহিলা প্ৰাৰ্থী দিছে । ৪০ বছৰৰ তলৰ ছয়গৰাকীক প্ৰাৰ্থিত্ব দিয়া হৈছে । এইবাৰ অসমত কংগ্ৰেছে অধিকাংশ আসন‌ পাব ।

" যিসকলে টিকটৰ পিচত দৌৰি থাকে, দলত ওপৰে ওপৰে থাকে তেওঁলোক দলৰ প্ৰকৃত সংগী নহয় । বিজেপিলৈ যিসকল গৈছে সেইবোৰ‌ লুভীয়া। দলৰ লগত ডাব’ল গেম খেলা লোকক সহ্য কৰা নহয় । টকাৰ‌ বিনিময়ত কংগ্ৰেছে কাকো টিকট দিয়া নাই ।" এই মন্তব্য জীতেন্দ্ৰ সিঙৰ ৷

লগতে পঢ়ক: বিজেপি ত্যাগৰ এদিন পিচতে কংগ্ৰেছত যোগদান প্ৰাক্তন বিধায়ক আমিনুল হক লস্কৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.