ETV Bharat / state

মূৰত মুগাৰ পাগুৰি, গাত পৰম্পৰাগত আহোম সাজেৰে লাচিতৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন প্ৰধানমন্ত্ৰীৰ - PM Modi Assam visit

PM Modi Inaugurate Lachit Statue : সম্পূৰ্ণ আহোমৰ পৰম্পৰাগত পোচাকত লাচিতৰ সুউচ্চ প্ৰতিমূৰ্তি উন্মোচন কৰে প্ৰধানমন্ত্ৰীয়ে । 125 ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো 175 কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে ৷

লাচিতৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন প্ৰধানমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 3:58 PM IST

পৰম্পৰাগত আহোম সাজেৰে লাচিতৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন প্ৰধানমন্ত্ৰীৰ

গুৱাহাটী, ৯ মাৰ্চ : দেহত সোণালী সূতা মুগাৰ পোচাক প্ৰধানমন্ত্ৰীৰ ৷ অসমৰ ইতিহাস প্ৰসিদ্ধ আহোম জনগোষ্ঠীয় সাজ-পোচাকৰ সৈতে মূৰত পাগুৰিৰে মহাবীৰ লাচিত বৰফুকনৰ সমাধিথলীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । আহোম পুৰোহিত— বাইলুংসকলৰ সৈতে উপাসনাত ভাগ লৈছে প্ৰধানমন্ত্ৰীয়ে । নেপথ্যত ভাহি উঠিছে টাই জনগোষ্ঠীয় ধৰ্মীয় উপাসনাৰ ধ্বনি ।

এনে এক পৰিৱেশতেই অসমীয়াৰ সোণালী ইতিহাস তথা অসমীয়াৰ স্বাভিমান বীৰ লাচিত বৰফুকনৰ ১২৫ ফুট উচ্চতাৰ বিশাল প্ৰতিমূৰ্তি শনিবাৰে উন্মোচন কৰে অসম ভ্ৰমণৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । নামফলকৰ আঁৰকাপোৰ আঁতৰাই প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰে যোৰহাটৰ টীয়কৰ হোলোঙাপাৰৰ লাচিত মৈদামত বীৰ লাচিতৰ বিশাল প্ৰতিমূৰ্তিটো ৷

অসমীয়াৰ সাহসৰ প্ৰতীক লাচিত বৰফুকনৰ মূৰ্তি উন্মোচন কৰি মূৰ্তিটো প্ৰদক্ষিণ কৰে তেওঁ । প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰা লাচিত বৰফুকনৰ 125 ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো 175 কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে ৷ এই প্ৰকল্পত মুঠ ৪৯ বিঘা ২ কঠা ১৭ লেচা ভূমি ব্যৱহাৰ কৰা হৈছে ৷ প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰা লাচিত বৰফুকনৰ মূৰ্তিটোৰ লগত দৃশ্য-শ্ৰব্য ব্যৱস্থা, পানীৰ ফোৱাৰা আৰু আৱাসিক ব্লককে ধৰি আন বহু পৰিপূৰক ব্যৱস্থাও আছে ।

লাচিত বৰফুকনৰ এই ১২৫ ফুট ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰি উলিয়াইছে বিশ্ববিশ্ৰুত ভাস্কৰ্য শিল্পী ৰাম ভাঞ্জী সুতাৰে । এইগৰাকী শিল্পী ৰাম ভাঞ্জী সুতাৰেই বিশ্বৰ আটাইতকৈ ওখ ঐক্যমূৰ্তি (Statue of unity), চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তিটোৰ নেতৃত্ব দিছিল । উল্লেখ্য যে ২০২২ বৰ্ষত ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভাৰ্ছুৱেলী লাচিত মৈদামৰ স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল ৷ প্ৰায় দুবছৰৰ পিচত শনিবাৰে দেশৰ প্ৰধানমন্ত্ৰীয়ে এই প্ৰতিমূৰ্তি উন্মোচন কৰে ।

লগতে পঢ়ক :অৰুণাচলৰ ছেলা সুৰংগ মুকলি; প্ৰায় ৫৫ কোটি টকাৰ ব্যয়সাপেক্ষে মুকলি বিভিন্ন আঁচনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.