ETV Bharat / state

এতিয়াও পণবন্দী মুছলেক আলী, কন্যাক ইউনিয়নৰে আলোচনা অসমৰ দল-সংগঠনৰ - CHARAIDEO KIDNAPPING CASE

অসমৰ ব্যৱসায়ীৰ অপহৰণৰ ঘটনাক লৈ অসমৰ দল-সংগঠনৰ সৈতে নাগালেণ্ডৰ কন্যাক ইউনিয়নৰ আলোচনা। ইপিনে নগা উগ্ৰপন্থীৰ নতুন ভিডিঅ' বাৰ্তা প্ৰেৰণ ।

Kanyak Union holds meeting with Assam outfit over abduction of Assam businessman
কন্যাক ইউনিয়ন আলোচনাত মিলিত অসমৰ দল-সংগঠনৰ সৈতে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 30, 2024, 7:38 PM IST

মৰাণ: আজিও নগা দুৰ্বৃত্তৰ কৱলত অসমৰ চৰাইদেউ জিলাৰ নামতোলাৰ ব্যৱসায়ী মুছলেক আলী । ২৫ তাৰিখে সন্ধিয়া নামতোলা আৰক্ষী চকীৰ নিচেই কাষৰ পৰা নগা দুৰ্বৃত্তই গুলী ফুটাই অপহৰণ কৰিছিল মুছলেক আলীৰ নামৰ অসমৰ ব্যৱসায়ীক । মুছলেক আলী নামৰ লোকজনক নিজ ব্যৱসায় প্ৰতিষ্ঠানত বহি থকা সময়ত সোমবাৰে সন্ধিয়া নামতোলা আৰক্ষী থানাৰ পৰা ১০০ মিটাৰ আঁতৰতে অস্ত্ৰধাৰী দুৰ্বৃত্তই অপহৰণ কৰি এখন বগা ৰঙৰ টাটা চুম’ত লৈ গৈছিল ।

ব্যৱসায়ীজনৰ দোকানৰ সন্মুখত এটা গ্ৰেণেডো এৰি গৈছিল দুৰ্বৃত্তৰ দলটোৱে । এই অপহৰণৰ ঘটনা বন্দী হৈছিল চি চি টিভিত । নগা দুৰ্বৃত্তই গুলীচালনা কৰি নাগালেণ্ডৰ পৰা আহি অসমৰ ভূমিত সংঘটিত কৰা ঘটনাক লৈ ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি হৈছে । ঘটনাৰ পাছৰে পৰা IGP জিৎমল দলেৰ লগতে বহু কেইজন আৰক্ষীৰ শীৰ্ষ বিষয়াই পৰিস্থিতি বুজ লৈছে যদিও অসমৰ ব্যৱসায়ীকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । অপহৰণকাৰীয়ে অপহৃত মুছলেক আলীৰ কেইবাটাও ভিডিঅ' বাৰ্তা ইতিমধ্যে ৰাজহুৱা কৰি জানিবলৈ দিছে মুছলেক আলীয়ে ড্ৰাগছ ব্যৱসায় কৰা বাবে অপহৰণ কৰা বুলি ।

কন্যাক ইউনিয়ন আলোচনাত মিলিত অসমৰ দল-সংগঠনৰ সৈতে (ETV Bharat Assam)

নাগালেণ্ডৰ কন্যাক ইউনিয়ন আলোচনাত মিলিত হ'ল অসমৰ দল- সংগঠনৰ সৈতে:

শুকুৰবাৰে মুছলেক আলীক মুক্তি কৰি দিয়াৰ দাবীত নাগালেণ্ডৰ বিৰুদ্ধে পথ অৱৰোধ কৰিছিল অসমৰ দল-সংগঠনে । অসমৰ ব্যৱসায়ীক অপহৰণৰ প্ৰতিবাদত পুৱা ৫ বজাৰ পৰা নামতোলাত নাগালেণ্ডৰ বিৰুদ্ধে পথ অৱৰোধ কৰি বন্ধ কৰি দিছিল যাতায়ত । পথ অৱৰোধৰ ফলত সম্পূৰ্ণৰূপে অচল হৈ পৰিছে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাৰ সৈতে যাতায়ত । ইয়াৰ পাছতে দুই ৰাজ্য প্ৰশাসন তৎপৰ হৈ পৰা পৰিলক্ষিত হয় সমগ্ৰ ঘটনাক লৈ ।

আজি অপহৰণৰ ঘটনাক লৈ নাগালেণ্ডৰ কন্যাক ইউনিয়ন আলোচনাত মিলিত হ'ল অসমৰ চৰাইদেউ দল-সংগঠনৰ সৈতে । এই ঘটনাৰ বাবে যাতে অসম নাগালেণ্ডৰ মাজত থকা সমন্বয় যাতে অটুট থাকে তাৰ বাবে আলোচনাত মিলিত হয় কন্যাক ইউনিয়ন । আলোচনাৰ পাছতে নাগালেণ্ডৰ পৰা অহা অস্ত্ৰধাৰী লোকে মুছলেক আলী নামৰ ব্যৱসায়ীজনক অপহৰণ কৰা কাৰ্যক গৰিহণা দুয়ো পক্ষৰ । ২৪ ঘণ্টাৰ ভিতৰত অপহৃত লোকজনক মুকলি কৰাৰ দাবী নগালেণ্ডৰ কন্যাক ইউনিয়নৰ । আনহাতে নামতোলা আৰক্ষী থানাৰ সমীপতে ড্ৰাগছৰ বেহা অব্যাহত থকা কাৰ্যৰ বিৰোধিতা কৰে । লগতে আৰক্ষীৰ বিফলতাৰ বাবেই নামতোলাত অসামাজিক কাৰ্যকলাপ চলি থকাৰ অভিযোগ কৰে ।

নামতোলাত অসম আৰু নাগালেণ্ডৰ পথ অৱৰোধ উঠাই ল'বলৈ আহ্বান জনাই নগা উগ্ৰপন্থী সংগঠনৰ নতুন ভিডিঅ' বাৰ্তা প্ৰেৰণ:

অসম আৰু নাগালেণ্ডৰ ৰাইজে অপহৃত মুছলেক আলীক বিনাচৰ্তে মুকলি কৰি দিবলৈ দাবী জনোৱা সময়ত আজি পুনৰ গোপন স্থানৰ পৰা নগা বিদ্ৰোহী সংগঠনে প্ৰেৰণ কৰিলে মুছলেক আলীৰ ভিডিঅ' বাৰ্তা । চৰাইদেউ নামতোলাৰ অপহৃত ব্যক্তি মুছলেক আলীৰ চতুৰ্থটো ভিডিঅ' প্ৰেৰণ । দল- সংগঠনে মুছলেক আলীৰ মুক্তিৰ দাবীত নামতোলাত অসম আৰু নাগালেণ্ডৰ পথ অৱৰোধ উঠাই ল'বলৈ নগা উগ্ৰপন্থী সংগঠন শিবিৰৰ পৰা ভিডিঅ' প্ৰেৰণ কৰে । ভিডিঅ' বাৰ্তাত সুকলমে আছো বুলি মন্তব্য কৰিছে মুছলেক আলীয়ে । অসম আৰু নাগালেণ্ডৰ মাজত সংঘাতৰ সৃষ্টি নকৰিবলৈ আহ্বান মুছলেক আলীৰ ।

লগতে পঢ়ক: অসম আৰক্ষীয়ে কৰিব নোৱৰা কাম কৰি দেখুৱাইছে নাগালেণ্ডৰ দুৰ্বৃত্তই

নামতোলাত অপহৰণৰ ঘটনাৰ বুজ ল'লে শীৰ্ষ আৰক্ষী বিষয়াই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.