ETV Bharat / state

ধ্ৰুপদী স্বীকৃতিৰ বাবে কিমান দীঘলীয়া আছিল অসমীয়া ভাষাৰ যাত্ৰা ? - DR SANGEETA SAIKIA

অসমীয়া ভাষাই ধ্ৰুপদী স্বীকৃতি লাভ কৰাৰ ক্ষেত্ৰত আছে বহুতৰে পৰিশ্ৰম আৰু চেষ্টা ৷ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড৹ সংগীতা শইকীয়াই সুঁৱৰিলে সেই দীঘলীয়া যাত্ৰা ৷

DR SANGEETA SAIKIA
আইৰ ভাষা আৰু ঠাইৰ ভাষা অসমীয়াক জগত সভাত স্হান দিয়াৰ সমগ্ৰ প্ৰক্ৰিয়াটোক ড° (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 18, 2024, 7:39 PM IST

Updated : Nov 18, 2024, 9:32 PM IST

গুৱাহাটী: অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ ক্ষেত্ৰত পশ্চিমবংগৰ শান্তি নিকেতন বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ এগৰাকী সহকাৰী অধ্যাপিকা, অসমকন্যা ড৹ সংগীতা শইকীয়াই গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াইছিল । তেওঁৰ নিৰলস প্ৰচেষ্টা আৰু পৰৱৰ্তী পৰ্যায়ত অসম চৰকাৰ আৰু সাহিত্য সভাৰ উদ্যোগত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে । অসমীয়া ভাষাক জগত সভাত স্থান দিয়াৰ সমগ্ৰ প্ৰক্ৰিয়াটোক কেনেদৰে আগবঢ়াই নিছিল সেই বিষয়ে ড৹ সংগীতা শইকীয়াৰে ইটিভি ভাৰতৰ সাংবাদিক কুলগীতা সাউদৰ এক বিশেষ সাক্ষাৎকাৰ ।

অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভৰ ক্ষেত্ৰত আপুনি কিদৰে অৰিহনা যোগাইছিল ? এইক্ষেত্ৰত প্ৰত্যাহ্বান আৰু অনুপ্ৰেৰণা কি আছিল ?

অসমীয়া ভাষাও যে ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভৰ বাবে উপযুক্ত তথা যোগ্য সেই কথাটো মনলৈ আহিছিল ওডিয়া ভাষাই ধ্ৰুপদী স্বীকৃতি লাভ কৰাৰ দিনা ৷ অসমীয়া ভাষাৰ জন্মৰ প্ৰায় সমসাময়িক কালতে জন্ম লাভ কৰা ওডিয়া ভাষাই যদি কেন্দ্ৰীয় চৰকাৰ প্ৰদত্ত ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিব পাৰে, তেনেহ’লে অসমীয়াইনো কিয় নোৱাৰিব- তেনে এটা মনোভাৱেৰে মই যাৱতীয় তথ্যৰ সন্ধান কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু ইণ্টাৰনেটৰ যোগেদি কেন্দ্ৰীয় চৰকাৰৰ ধ্ৰুপদী ভাষা নীতি তথা চৰ্তাৱলীৰ সবিশেষ লাভ কৰিলোঁ ৷

বিশ্বভাৰতী, শান্তি নিকেতনত অনাঅসমীয়া ছাত্ৰ-ছাত্ৰীক বুজাবলৈ আৰু লগতে অধ্যাপক-অধ্যাপিকাসকলৰ সৈতে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি সম্পৰ্কীয় বিভিন্ন আলোচনা অথবা সততে হোৱা আলোচনাচক্ৰৰ বাবে কেইখনমান গুৰুত্বপূৰ্ণ গ্ৰন্থত সততে চকু ফুৰাবলগীয়া হৈছিল বাবে তেনে কেইখনমান গ্ৰন্থ আমাৰ সংগ্ৰহত আছিল ৷ যেনে- Early Inscriptions of Assam (মুকুন্দ মাধৱ শৰ্মা), অসমীয়া সাহিত্যৰ বুৰঞ্জী, প্ৰথম ভাগ (সম্পাদনা, বিশ্বেশ্বৰ হাজৰিকা), অসমীয়া জাতিৰ ইতিবৃত্ত (ড৹ নগেন শইকীয়া), কামৰূপ শাসনাৱলী, প্ৰাচ্য শাসনাৱলী, বিশ্বলিপিৰ ভূমিকা আদি গ্ৰন্থ তন্ন তন্নকৈ পৰীক্ষা কৰি ভাৰত চৰকাৰৰ চৰ্তানুসৰি অসমীয়া ভাষাৰ থাকিবলগীয়া প্ৰাচীনত্ব সম্পৰ্কে নিশ্চিত হৈছিলোঁ ৷ অসমীয়া ভাষাই আৱেদন কৰিলে ধ্ৰুপদী ভাষা হ’বগৈ বুলি মনতো আশাৰ সঞ্চাৰ হৈছিল ৷

লগতে পঢ়ক: মধুৰ-ঐতিহাসিক ক্ষণ: অসমীয়া ভাষাই পালে ধ্ৰুপদী ভাষাৰ স্বীকৃতি

২০১৫ চনত ভুৱনেশ্বৰত অনুষ্ঠিত হোৱা এখন আলোচনাচক্ৰত উপস্থিত থকাৰ সূত্ৰে কেৱল ওডিয়া ভাষাৰেই নহয় সমগ্ৰ ভাৰতবৰ্ষৰে শ্ৰেষ্ঠ এগৰাকী খ্যাতনামা ভাষাবিদ অধ্যাপক ড৹ দেৱীপ্ৰসন্ন পট্টনায়ক(কেন্দ্ৰীয় ভাষা সংস্থান, মহীশূৰৰ প্ৰতিস্থাপক নিৰ্দেশক)ৰ ওডিয়া ভাষাৰ প্ৰতিবেদনখন তেখেতৰ বাসভৱনত গ্ৰন্থাকাৰে দেখাৰ সৌভাগ্য হৈছিল ৷ সেইখন দেখাৰ পাছত মোৰ সপোনটোৱে যেন বিমূৰ্ত সপোনৰ পৰা এক আকাৰ পাবলৈ আৰম্ভ কৰিলে ৷

উল্লেখযোগ্য যে ড৹ দেৱীপ্ৰসন্ন পট্টনায়কৰ পাণ্ডিত্যক আজিও সকলো স্তৰৰ ৰাজনীতিবিদে মানি চলে ৷ ৰাজনৈতিক প্ৰভাৱ নাথাকিলে কেৱল এনেধৰণৰ এখন বিস্তাৰিত তথ্য-সমলযুক্ত তথা যুক্তিনিৰ্ভৰ গ্ৰন্থ ৰচনা কৰিলেও কামটো হোৱাৰ সম্ভাৱনা ক্ষীণ ৷ ভাষা-পাণ্ডিত্যৰ সুবাদেৰে অধ্যাপক পট্টনায়ক ৰাজনৈতিকভাৱেও এগৰাকী প্ৰভাৱশালী ব্যক্তি ৷ সেয়ে অসমীয়া ভাষাৰ সমগ্ৰ কামটো কেনেকৈ সুচাৰুৰূপে কৰিব পাৰি চিন্তা-চৰ্চা কৰি সবিস্তাৰে প্ৰতিবেদন আকাৰে লিখি উলিয়ালোঁ আৰু বিষয়টো আগবঢ়াই নিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাই তদানীন্তন মুখ্যমন্ত্ৰীলৈ ১৮ নৱেম্বৰ, ২০১৬ তাৰিখে পত্ৰৰূপে প্ৰেৰণ কৰিলোঁ ৷

মোৰ বিস্তাৰিত প্ৰতিবেদনৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ে চিঠিখন সাংস্কৃতিক পৰিক্ৰমা বিভাগলৈ প্ৰেৰণ কৰে ( সম্ভৱতঃ ধ্ৰুপদী ভাষাৰ স্বীকৃতি কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে প্ৰদান কৰে বাবে মোৰ পত্ৰৰ যোগেদি প্ৰেৰণ কৰা প্ৰস্তাৱটোও অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগলৈকে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰথমে পঠিয়ায়) ৷ কিন্তু ২০১৭ চনৰ ১ এপ্ৰিলত বিষয়টো উচ্চ শিক্ষাৰ সৈতেহে সম্পৰ্কিত বুলি সাংস্কৃতিক পৰিক্ৰমা বিভাগে উচ্চ শিক্ষা বিভাগলৈ প্ৰেৰণ কৰে ৷

বৰ্তমানৰ মুখ্যমন্ত্ৰীয়েই আছিল সেই সময়ৰ শিক্ষা মন্ত্ৰী ৷ চিঠিৰ আকাৰত মুখ্যমন্ত্ৰীলৈ মোৰ প্ৰস্তাৱটো পঠিওৱাৰ পাছতো অসম চৰকাৰৰ উচ্চ পৰ্যায়ৰ আমোলা-বিষয়াসকলক বাৰে বাৰে সাক্ষাৎ কৰি ধ্ৰুপদী ভাষা আৰু ইয়াৰ স্বীকৃতিৰ প্ৰয়োজনীয়তা সম্পৰ্কে বুজাই বিষয়টোত তৎপৰতা দেখুৱাবলৈ অনুৰোধ জনাবলগীয়া হৈছিল ৷ আনহাতে মুখ্যমন্ত্ৰী তথা অসম চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰস্তাৱৰ কথাখিনিয়েই প্ৰবন্ধ আকাৰে ৭ জানুৱাৰী, ২০১৭ চনত অসমীয়া প্ৰতিদিনৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশ হৈছিল "অসমীয়া ভাষাই কেতিয়া লাভ কৰিব ধ্ৰুপদী ভাষাৰ মৰ্যাদা" শিৰোনামেৰে ৷ এইটো অসমীয়া ভাষাৰ ধ্ৰুপদী স্বীকৃতি বিষয়ক প্ৰথমটো লেখা ৷

লগতে পঢ়ক: অসমীয়া ভাষাৰ ধ্ৰুপদী যাত্ৰা; সামাজিক মাধ্যমত একাংশৰ আক্ষেপ কিয় ?

২০১৯ চনত বিশ্বভাৰতী শান্তি নিকেতনত নামভৰ্তি কৰা এগৰাকী গৱেষিকাক গৱেষণাৰ বিষয় হিচাপে দিছিলোঁ- “অসমীয়া ভাষাত ধ্ৰুপদী ভাষাৰ উপাদান" বিষয়টো ৷ এইটোৱেই অসমীয়া ভাষাৰ ধ্ৰুপদী স্বীকৃতি সম্পৰ্কীয় প্ৰথম গৱেষণা, যিটো বৰ্তমান সমাপ্ত হোৱাৰ দিশত ৷ তেনেদৰে ২০২০ চনত সাতসৰী আলোচনীত মই লিখা "অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্যাদা লাভৰ সম্ভাৱনীয়তা" শীৰ্ষক আন এটা প্ৰবন্ধও প্ৰকাশ হয় ৷

২০১৫ চনৰে পৰা ২০১৯ চনলৈ বিভিন্ন শিক্ষাবিদ, ভাষাবিদ, লিপিবিদ, নৃতত্ত্ববিদ, লোক-সংস্কৃতিবিদক লগ ধৰি অসমীয়া ভাষাৰ ধ্ৰুপদী মৰ্যাদা লাভ সন্দৰ্ভত তেওঁলোকৰ মতামত, কামটো আগবঢ়োৱাৰ ক্ষেত্ৰত তেখেতসকলৰ সহায় সহযোগিতা পাম নে নাপাম ইত্যাদি আলোচনা কৰিছিলোঁ ৷ অন্নদাচৰণ ভাগৱতী ছাৰ আৰু বীৰেন দত্ত ছাৰৰ পৰা মৃদু ধমক খাবলগীয়া হৈছিল ভাষাৰ বিশেষজ্ঞক নধৰি তেখেতসকলক আমনি কৰাৰ বাবে; যদিও কথাটো শুনি তেখেতসকলো আনন্দিত হৈছিল ৷ আনহাতে ভাষাবিদ, লিপিবিদ, সাহিত্যৰ বুৰঞ্জী প্ৰণেতা বিশ্বেশ্বৰ হাজৰিকা ছাৰ অৱসাদত ভুগি থকা অৱস্থাতো বৰ সুখী হৈছিল আৰু সহযোগ কৰাৰ আশ্বাস দিছিল ৷ তেনেদৰে ড৹ হীৰেন গোহাঁই ছাৰ আৰু ড৹ নগেন শইকীয়া ছাৰে দেখুওৱা আগ্ৰহ আৰু সহযোগিতাৰ আশ্বাসেও মোৰ মনত আশাৰ সঞ্চাৰ কৰিছিল ৷

ৰাজনীতিৰ সৈতে যুক্ত নোহোৱাকৈ আৰু লগতে সহকৰ্মী নথকা বিশ্বভাৰতীৰ অসমীয়া বিভাগত কাম কৰি বিষয়টোৰ গুৰুত্ব আৰু কঠিনতা দুয়োটাই ভালদৰে বুজি উঠিছিলোঁ ৷ এইটো যে অকলশৰীয়াকৈ কৰা কাম নহয় এটা দলগত কামহে সেইটো ভালদৰেই বুজি পাইছিলোঁ ৷ কথাটো চৰকাৰী কৰ্তৃপক্ষকো বাৰম্বাৰ বুজোৱা হৈছিল ৷ কিন্তু দীৰ্ঘদিন ধৰি কথাটো চৰকাৰী পক্ষৰ ফালৰ পৰা আগনবঢ়া দেখি সেই সময়ত নতুনকৈ অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হোৱা কুলধৰ শইকীয়াকো জনোৱা হ’ল আৰু তেখেতৰ আগ্ৰহত সমুদায় তথ্যপাতি অৰ্পণ কৰি কেনেকৈ কামত আগবাঢ়িব লাগিব তাৰ সবিশেষ বিস্তাৰিতভাৱে বৰ্ণনা কৰা হ’ল ৷

২০২৪ চনৰ প্ৰথম ভাগলৈকে অসংখ্যবাৰ তেখেতৰ সৈতে টেলিফোনিক কথা-বতৰা আৰু এবাৰ সাক্ষাৎ হৈছিল আৰু কামবোৰ কেনেদৰে কোন পৰ্য্যায়লৈকে আগবাঢ়িছে তেখেতেও আমাক জনাইছিল ৷ আমিও এইক্ষেত্ৰত যে চৰকাৰী হেঁচা অপৰিহাৰ্য্য সেইটো বাৰে বাৰে উল্লেখ কৰিছিলোঁ ৷

আনহাতে মোৰ প্ৰস্তাৱসম্বলিত চিঠিৰ বাবেই কেতিয়াবা অকলশৰে, কেতিয়াবা মোৰ সৈতে মোৰ গৃহস্থ কুশলেও সাংস্কৃতিক পৰিক্ৰমা বিভাগ, উচ্চ শিক্ষা সঞ্চালকালয়, পুৰাতত্ত্ব বিভাগ, ৰাজ্যিক সংগ্ৰহালয়, সচিবালয়লৈ অহা-যোৱা কৰিয়েই আছিল আৰু সেই সময়ৰ মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, সাংস্কৃতিক পৰিক্ৰমা আৰু প্ৰাথমিক শিক্ষাৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব মাধুৰিমা বৰুৱা আদি বিভিন্ন ব্যক্তিক লগ ধৰি কথাটোৰ মহত্ত্ব বুজাই কামটো কৰা প্ৰসংগত তাগিদা দিছিল ৷

আনন্দৰাম বৰুৱা ভাষা, কলা সংস্থাৰ সঞ্চালক দিলীপ কলিতা, ২০১৯ চনত সেই সময়ৰ মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, ভাৰতীয় ইতিহাস প্ৰণয়ন সমিতিৰ সচিব হেমন্ত ধিং হাজৰিকা, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ড৹ জগদীশ পাটগিৰী আদি যিসকলে শান্তি নিকেতন ভ্ৰমণ কৰিবলৈ আহি অসমীয়া বিভাগত পদাৰ্পণ কৰিছিল, সকলোকে মোৰ প্ৰবন্ধপাতিসমূহ অৰ্পণ কৰি এই বিষয়ে চৰকাৰৰ সৈতে যোগাযোগ কৰি ব্যৱস্থা ল’বলৈ অনুৰোধ জনাইছিলোঁ ৷

ঠিক তেনেদৰেই ২০২২ চনৰ জুলাই মাহত শান্তি নিকেতনলৈ অহা সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকনকো ধ্ৰুপদী ভাষাৰ বিষয়টো সবিস্তাৰেৰে জনাই, সকলো প্ৰবন্ধ, তথ্যপাতি ইত্যাদি অৰ্পণ কৰিছিলোঁ বিষয়টো বিধানসভাত গুৰুত্বসহকাৰে উত্থাপন কৰিবলৈ অনুৰোধ জনাই ৷ তেওঁ আমাৰ অনুৰোধ ৰক্ষা কৰি অসমীয়া ভাষাৰ ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভৰ প্ৰসংগটো বিধানসভাত উপস্থাপন কৰাৰ কিছুদিনৰ ভিতৰতেই সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই প্ৰসংগটো ৰাজ্যসভাত উত্থাপন কৰি প্ৰথমবাৰৰ বাবে অসমীয়া ভাষাতেই ভাষণ দিয়ে ৷

অসম সাহিত্য সভাৰ প্ৰতিবেদনৰ লগতে চৰকাৰী পক্ষৰ পৰা প্ৰেৰণ কৰা প্ৰতিবেদনৰ ভিত্তিত অসমীয়া ভাষাই অৱশেষত ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰে ২০২৪ চনৰ ৩ অক্টোবৰৰ সন্ধিয়া ৷ বিশ্বভাৰতী, শান্তি নিকেতনৰ অনাঅসমীয়া বহুভাষিক পৰিৱেশত তামিল, সংস্কৃত, পালি, প্ৰাকৃত, বাংলা আৰু মাৰাঠী বিভাগৰ সহকৰ্মীৰে পৰিবেষ্টিত হৈ অসমীয়া ভাষাই ধ্ৰুপদী স্বীকৃতি পোৱাৰ আনন্দ মই সগৌৰৱেৰে উপভোগ কৰিছোঁ ৷ সপোন বাস্তৱায়িত হোৱাত মই সঁচাই আনন্দিত ৷ অসমীয়া ভাষাৰ ধ্ৰুপদী যাত্ৰাৰ সুদীৰ্ঘ যাত্ৰাপথৰ এগৰাকী সামান্য সৈনিক হ’বলৈ পাই মই আজি গৌৰৱান্বিত ৷ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিক সৰ্বভাৰতীয় স্তৰতেই কেৱল নহয়, বিশ্বৰ শিক্ষানুষ্ঠানসমূহলৈ অধ্যয়নৰ বিষয় আৰু বিভাগ হিচাপে লৈ যাব পাৰিলেহে আচলতে আমাৰ শ্ৰম সাৰ্থক হ’ব ৷

ধ্ৰুপদী ভাষাৰ তাৎপৰ্য কি ?

ধ্ৰুপদী ভাষাৰ তাৎপৰ্য হ'ল- যিবোৰ ভাষাৰ প্ৰাচীনত্ব, বিশেষ সাংস্কৃতিক, ঐতিহাসিক, আৰু সাহিত্যিক মূল্য থাকে সেইবোৰ ভাষাই ধ্ৰুপদী ভাষা । ধ্ৰুপদী ভাষা বুলিলে এটা ভাষাক স্বীকৃতিৰ বাবে থকা চৰ্তসমূহ পূৰণ কৰাৰ সপক্ষে যথোচিত প্ৰমাণ, যুক্তি, উচ্চস্তৰৰ লিখিত নিদৰ্শন থকা তথা উচ্চ সাহিত্যিক মানদণ্ডসম্পন্ন ভাষাকে বুজায় ।

সাধাৰণতে, ধ্ৰুপদী ভাষা বুলিলে তলত উল্লেখ কৰা বৈশিষ্ট্যযুক্ত ভাষাসমূহ নিৰ্দেশ কৰে-

ক) প্ৰাচীনত্ব: ভাষাটোৰ উৎপত্তি, লিখিত নিদৰ্শন আৰু সাহিত্য প্ৰাচীন হোৱাটো ধ্ৰুপদী মৰ্যাদাৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ । ভাৰত চৰকাৰৰ স্বীকৃতিৰ বাবে ভাষাটোৰ লিখিত সমল কমেও ১৫০০ৰ পৰা ২০০০ বছৰীয়া অথবা ততোধিক পুৰণি হ'ব লাগিব ।

খ) সমৃদ্ধ সাহিত্য পৰম্পৰা: ভাষাটোৰ অতি উচ্চ পৰ্যায়ৰ বা মহৎ বুলি গণ্য কৰিবপৰা লিখিত সমল, পাঠ বা সাহিত্য তথা নিজস্ব সাহিত্যিক ঐতিহ্য পৰম্পৰা থাকিব লাগিব ।

গ) নিৰৱচ্ছিন্ন ঐতিহ্য: ধ্ৰুপদী স্বীকৃতি দাবী কৰা ভাষাৰ প্ৰাচীন লিখিত সমল, সাহিত্য আৰু সংস্কৃতি বৰ্তমানেও চৰ্চা তথা অধ্যয়নৰ বা বিষয়বস্তুৰূপে চলি থাকিব লাগিব ৷

ঘ) প্ৰাচীন ৰূপৰ পৰা বিৱৰ্তিত অথবা আধুনিক ৰূপৰ স্তৰভেদে পৃথকতা: বিকাশ বা বিৱৰ্তনৰ স্তৰত একোটা ভাষাৰ ৰূপৰ ভিন্নতা বিভিন্ন কাৰণত ঘটিব পাৰে ৷ ধ্ৰুপদী বুলি চিহ্নিত একোটা ভাষাৰ প্ৰাচীনতম ৰূপৰ সৈতে বৰ্তমানৰ ৰূপৰ পাৰ্থক্য থাকিব লাগিব ৷

বিশ্বৰ ভাষাসমূহৰ তুলনামূলক প্ৰেক্ষাপটত লেটিন, গ্ৰীক, চীনা, পাৰ্চী, সংস্কৃত, পালি, তামিল আদি ধ্ৰুপদী বৈশিষ্ট্যসম্পন্ন ভাষা । ভাৰতত সংস্কৃত, তামিল, কন্নাড়া, তেলুগু, মালায়ালম, ওডিয়া, অসমীয়া, বাংলা, মাৰাঠী, পালি আৰু প্ৰাকৃত ভাষাক ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি দিয়া হৈছে । ধ্ৰুপদী ভাষা একোটা জাতিৰ সাংস্কৃতিক পৰিচয় সংৰক্ষণৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ ।

ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভেৰে অসমীয়া ভাষা কিদৰে উপকৃত হ'ব ?

ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পাছত অসমীয়া ভাষা বিভিন্ন ধৰণেৰে উপকৃত হ’ব ৷

উদাহৰণস্বৰূপে-

ক) গৱেষণা আৰু অধ্যয়নৰ ক্ষেত্ৰত উন্নয়ন:

ধ্ৰুপদী ভাষাৰ মর্যাদা লাভ কৰা ভাষাসমূহৰ গৱেষণা আৰু অধ্যয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশাল ধনৰাশি প্ৰদান কৰে । এই ধনৰাশিৰে অসমীয়াৰ প্ৰাচীনতম সাহিত্য, ভাষাৰ উৎস আৰু বিকাশৰ ওপৰত সুচিন্তিত আৰু গভীৰ স্তৰৰ গৱেষণা সম্ভৱ হ’ব । ধ্ৰুপদী অসমীয়া অধ্যয়ন উৎকৰ্ষতা কেন্দ্ৰ কেন্দ্ৰীয় চৰকাৰে প্ৰতিষ্ঠা কৰিব ৷

খ) ভাষাৰ সংৰক্ষণ আৰু সমৃদ্ধি:

ধ্ৰুপদী ভাষাৰ মর্যাদা লাভে প্ৰাচীন অসমীয়া সাহিত্য আৰু লিখিত সমল সমূহ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিব । বৰ্তমান সময়ত অসমীয়া ভাষা লুপ্ত বা সংকটাপন্ন হোৱাৰ বিপদজনক সম্ভাৱনাৰ পৰা এই স্বীকৃতিয়ে ৰক্ষা কৰিব । মানুহৰ সচেতনতা বৃদ্ধি কৰি অসমৰ ভাষিক বৈচিত্ৰ্যৰ মাজতো অসমীয়া ভাষাই একতা আনিব ৷ ধ্ৰুপদী মৰ্যাদা লাভ কৰা অসমীয়া ভাষাই অসমৰ ভাষিক বৈষম্যৰ অৱসান ঘটাব বুলি আশা কৰা হৈছে ৷

গ) আন্তঃৰাষ্ট্ৰীয় পৰিচয় লাভ:

ধ্ৰুপদী ভাষাৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ ফলত অসমীয়া ভাষাই বৈজ্ঞানিক, সাহিত্যিক আৰু সাংস্কৃতিক ক্ষেত্ৰত উচ্চস্তৰীয় স্বীকৃতি লাভ কৰিব । ফলত অসমীয়া ভাষাৰ আন্তর্জাতিক পৰিচয় বৃদ্ধি পাব বুলি আশা কৰিব পাৰি । আমাৰ মাধৱ কন্দলী, শংকৰদেৱৰ সাহিত্যিক, সাংস্কৃতিক অৱদান সম্পৰ্কেও বিশ্বৰ বিদ্বৎসমাজ অৱগত হ’ব ৷

ঘ) সাহিত্যিক আৰু সাংস্কৃতিক সমৃদ্ধি:

ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি লাভ কৰাৰ ফলস্বৰূপে সাহিত্যিক আৰু সাংস্কৃতিক দিশত নতুন সম্ভাৱনাৰ সৃষ্টি হৈছে । বিশ্বস্তৰত আৰু সৰ্বভাৰতীয় স্তৰত অসমীয়াৰ ঐতিহ্যবাহী সংস্কৃতি আৰু সাহিত্যৰ নতুনকৈ মূল্যায়ন হ’ব ।

ঙ) উচ্চ শিক্ষানুষ্ঠানত আসন আৰু অধ্যয়ন ক্ষেত্ৰ সৃষ্টি:

বিশ্ববিদ্যালয় অনুদান আয়োগৰ সহযোগত ধ্ৰুপদী ভাষাসমূহৰ অধ্যয়নৰ বাবে বিশ্ববিদ্যালয়সমূহত বিশেষ বিদ্যায়তনিক লক্ষ্য আৰু আদৰ্শৰে স্নাতকোত্তৰ বা বিশেষ পাঠ্যক্ৰম প্ৰস্তুত কৰা হয় । অসমীয়া ভাষাৰ ধ্ৰুপদী ভাষাৰ মৰ্যাদাপ্ৰাপ্তিয়ে শিক্ষাৰ্থীসকলৰ বাবেও নতুন বিদ্যায়তনিক সুযোগৰ সৃষ্টি কৰিব । লগতে শিক্ষক আৰু গৱেষকৰ পদৰো সৃষ্টি কৰিব ৷

চ) ভাষা গৌৰৱ আৰু ভাষা চেতনাৰ সৃষ্টি:

অসমীয়া ভাষাৰ ধ্ৰুপদী স্বীকৃতিপ্ৰাপ্তিয়ে অসমৰ অধিবাসীসকলৰ মাজত অসমীয়া ভাষাৰ প্ৰতি গৌৰৱ আৰু সচেতনাৰ বিস্তাৰ কৰিব । তৰুণ আৰু প্ৰাচীন-সকলো প্ৰজন্মই ভাষাটোক যথোচিত গুৰুত্ব দিবলৈ আগ্ৰহী হ’ব বুলি আশা কৰা হৈছে । অসমীয়া ভাষীৰ হিন্দী, ইংৰাজী আদি অন্য ভাষাৰ প্ৰতি অবাঞ্ছিত আৰু অপ্ৰয়োজনীয় অনুৰাগ হ্ৰাস পাব ৷

ধ্ৰুপদী মৰ্যাদা প্ৰাপ্তিয়ে অসমৰ বিদ্যালয় আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ পাঠ্যক্ৰমত অসমীয়া বিষয়টো অপৰিহাৰ্য হোৱাত সহায় কৰিব ৷ নিজ ভাষাৰ ঐতিহ্য আৰু মহত্ব সম্পৰ্কে শিক্ষিত, অৰ্ধশিক্ষিত, অশিক্ষিত- সকলোৰে চেতনা জাগ্ৰত কৰি দৈনিক কথোপকথন, ব্যক্তিগত আৰু চৰকাৰী ফলক, নামফলক, সংখ্যা শব্দ, কাৰ্যালয়, আদালত, শিক্ষানুষ্ঠান, চিঠি-পত্ৰ আদি ব্যৱহাৰিক ক্ষেত্ৰত ভাষাটোৰ সৰবৰহী প্ৰচলনত সহায় কৰিব ৷ অসমীয়া ভাষাৰ ঐতিহ্য, ঐতিহ্যবাহী সাহিত্যৰ ভিত্তিত আধুনিক সাহিত্য, কথাছবি আদি নিৰ্মিত হ’ব ৷ ধ্ৰুপদী ভাষাৰ মৰ্যাদাই অসমীয়া ভাষাৰ সামাজিক, সাংস্কৃতিক আৰু বিদ্যায়তনিক উন্নতিত এক নৱ অধ্যায়ৰ সূচনা কৰিব ।

ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভৰ পিছত অসমীয়াভাষীৰ কৰণীয় কি হ'ব পাৰে বুলি আপুনি ভাবে ?

অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মর্যাদা লাভ কৰাৰ ফলত অসমীয়াভাষীৰ দায়িত্ব আৰু কৰ্তব্য বৃদ্ধি পাইছে বুলি মই ভাবোঁ । ধ্ৰুপদী ভাষাৰ মর্যাদা কেৱল কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃতিতেই সীমাবদ্ধ হ'ব নালাগিব; ইয়াৰ সদ্ব্যৱহাৰ আৰু উন্নতিৰ বাবে অসমীয়াভাষীসকলে কিছু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব লাগিব ।

ক) ভাষাৰ সংৰক্ষণ

অসমীয়াভাষীয়ে প্ৰাচীন লিখিত সমল উদ্ধাৰ, পাঠোদ্ধাৰ, সংৰক্ষণৰ বাবে, প্ৰাচীন অসমীয়া সাহিত্য, আৰু নিজস্ব শব্দৰ সংৰক্ষণৰ বাবে চেষ্টা আৰু গৱেষণা কৰিব লাগিব । অসমীয়া ভাষাৰ প্ৰাচীন তথ্যপাতি আৰু পাণ্ডুলিপিসমূহ আধুনিক প্ৰযুক্তিৰে সংৰক্ষণ তথা ডিজিটাইজ কৰা অসমীয়াভাষীৰ কৰণীয় ৷ অসমীয়াভাষীৰ কথিত ভাষিক সমল আৰু উপভাষাগত ৰূপসমূহ সংৰক্ষণ কৰি মূল অসমীয়া ভাষাক সমৃদ্ধ কৰা আমাৰ দায়িত্ব ।

খ) গৱেষণা আৰু শিক্ষা:

বিশ্ববিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহত অসমীয়া ভাষাৰ ওপৰত অধিক গৱেষণাৰ সুযোগ সৃষ্টি কৰা প্ৰতিজন নিষ্ঠাবান অসমীয়াভাষীৰে দায়িত্ব ৷ অসমৰ সকলো স্তৰৰ পাঠ্যপুথিত অসমীয়া সাহিত্য, ভাষাতত্ত্ব, আৰু ঐতিহ্যক অধিক স্থান দিয়া অসমীয়াভাষী শিক্ষিতসকলৰ পৱিত্ৰ কৰ্তব্য ৷ অসমৰ স্থানীয় বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত অসমীয়া ভাষাৰ প্ৰচলন বৃদ্ধি কৰা প্ৰতিজন অসমীয়াৰে অৱশ্য কৰণীয় ৷

গ) অসমীয়া ভাষা-সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰ:

অসমীয়া ভাষা আৰু সাহিত্যক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ আৰু বিস্তাৰ কৰাৰ বাবে যথেষ্ট অনুষ্ঠান, সন্মিলনী, আৰু আলোচনা সভাৰ আয়োজন কৰা উচিত ৷ প্ৰাচীন আৰু আধুনিক অসমীয়া সাহিত্য আৰু সংস্কৃতি সম্বন্ধীয় গ্ৰন্থ ইংৰাজী আৰু অন্যান্য দেশীবিদেশী ভাষালৈ অনুবাদৰ ব্যৱস্থা কৰাটো সাম্প্ৰতিক সময়ত অতি জৰুৰী । ই অসমীয়া ভাষাৰ গুৰুত্বপূৰ্ণ গ্ৰন্থসমূহ ভাৰতবাসীৰ লগতে বিশ্ববাসীৰ ওচৰলৈ লৈ যোৱাত সহায়ক হ’ব ৷

এক্স, ফেচবুক, ইনষ্টাগ্ৰাম, টেলিগ্ৰাম আদি সামাজিক মাধ্যমত, ই-বুক, আলোচনী, বাতৰি কাকতৰ ই-সংস্কৰণ আদিত অসমীয়া ভাষাৰ ব্যৱহাৰ ব্যাপক হাৰত বৃদ্ধি কৰি অসমীয়া ভাষাক সাম্প্ৰতিক সময়ৰ উপযোগীকৈ গঢ়ি তোলা প্ৰতিজন সচেতন অসমীয়াৰে দায়িত্ব ।

ঘ) নৱ প্ৰজন্মক অসমীয়া ভাষাৰ প্ৰতি উৎসাহিত কৰা:

অসমীয়া ভাষাৰ ধ্ৰুপদী স্বীকৃতিৰ গুৰুত্ব উপলব্ধি কৰি যাতে নতুন প্ৰজন্মই অসমীয়া ভাষা শিকিবলৈ, ব্যৱহাৰ কৰিবলৈ অনুপ্ৰেৰণা লাভ কৰে তাৰ বাবে শিক্ষক, অভিভাৱকে যত্ন কৰা উচিত । ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া ভাষাত বক্তৃতা দিয়া, লিখা, গৱেষণা কৰা আৰু সকলো ধৰণৰ চর্চা তথা সৃষ্টিশীলতাত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা প্ৰতিজন অসমীয়াভাষীৰেই কৰ্তব্য ।

ঙ) সাহিত্যিক আৰু সাংস্কৃতিক কৰ্মসূচী:

ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ ফলত নতুন সাহিত্যিক সৃষ্টি আৰু সাংস্কৃতিক প্ৰদৰ্শন কেনেদৰে নিয়মিতভাৱে সম্পন্ন হয় তাৰ বাবে অসমীয়াভাষীয়েই চেষ্টা চলাব লাগিব ৷ অসমীয়া নাটক, চলচ্চিত্ৰ, আৰু গীতৰ ব্যাপক প্ৰচলনৰ লগতে সাহিত্যত আধুনিকত্ব আৰু ঐতিহ্যৰ সমন্বয় ঘটোৱা ভাষা আৰু জাতিৰ নামত অসমীয়া সৃষ্টিশীল লেখক-শিল্পীৰ গধুৰ দায়িত্ব ৷

চ) অসমীয়াৰ ভাষাৰ ব্যৱহাৰিক দিশৰ প্ৰসাৰ:

চৰকাৰী, ব্যক্তিগত আৰু ব্যৱসায়িক ক্ষেত্ৰত অসমীয়া ভাষাৰ ব্যৱহাৰক অধিক প্ৰাসংগিক কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ সচেতন আৰু কাৰ্যকৰীভাৱে কৰিব লাগিব ৷ হাটে-বাটে, বজাৰে সমাৰে অসমীয়া ভাষাৰ প্ৰয়োগ অসমীয়াভাষী সকলেই কৰিব লাগিব ৷ অসমীয়া ক’বলৈ বা শিকিবলৈ যত্ন কৰা পৰ্যটক বা ব্যৱসায়ী অনাঅসমীয়াসকলকো আগ্ৰহেৰে অসমীয়া ভাষা শিকোৱাৰ দায়িত্ব ল’ব লাগিব অসমীয়াভাষীসকলেই ৷ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ পাঠ্যপুথিৰপৰা বিদায় দিয়া অসমীয়া সংখ্যাসমূহ অসমীয়াভাষী সকলেই আন্দোলন কৰি হ’লেও পঢ়াশালিলৈ ঘূৰাই আনিব লাগিব ৷ তেনেদৰে ঘূৰাই আনিব লাগিব আমাৰ বাৰসমূহ, সম্বন্ধবাচক শব্দসমূহ আৰু ইংৰাজী, হিন্দীক উপযাচি এৰি দিয়া স্থানৰ নিভাঁজ, থলুৱা অসমীয়া শব্দসমূহ ৷ চৰকাৰী নথি-পত্ৰ, সকলো চৰকাৰী ঘোষণা, আৰু দলিল-দস্তাবেজ অসমীয়া ভাষাতেই সহজলভ্য কৰি তোলাটোও অসম চৰকাৰৰ অৱশ্য কৰণীয় দায়িত্ব।

ছ) অসমীয়া ভাষাৰ ব্যাপক ব্যৱহাৰ:

সাংবাদিকতা আৰু সকলোধৰণৰ সংবাদ মাধ্যমত অসমীয়া ভাষাৰ ব্যাপক ব্যৱহাৰেৰে অসমীয়া ভাষাৰ প্ৰসাৰ প্ৰচাৰ কৰা উচিত ৷ অসমীয়া ভাষাত সংবাদ আৰু অনুষ্ঠান প্ৰচাৰৰ পৰিমাণ বৃদ্ধি কৰা উচিত ৷ শিশুৰ উপযোগী কাহিনী, গীত, প্ৰশ্নোত্তৰ, নাটক, কাৰ্টুন, মনোৰঞ্জন আৰু জ্ঞানমূলক অনুষ্ঠান দৃশ্য-শ্ৰাব্য মাধ্যমেৰে ইউটিউব, ইণ্টাৰনেটত সহজলভ্য হ’লে অসমীয়া শিশুৱে কুমলীয়া বয়সৰপৰাই মাতৃভাষাৰ মাধুৰ্য আৰু আকৰ্ষণ উপলব্ধি কৰিব পাৰিব ৷ অসমীয়া ভাষাত নতুন সংবাদপত্ৰ, বাতৰি চেনেল, আৰু অনলাইন মাধ্যমৰ সূচনা কৰা অসমীয়াৰে কৰ্তব্য ৷

জ) অসমীয়া ভাষাৰ ঐতিহাসিক গুৰুত্বৰ পুনঃপ্ৰতিষ্ঠা:

ধ্ৰুপদী স্বীকৃতিৰ আধাৰত অসমীয়া ভাষাৰ ঐতিহাসিক সমল আৰু অৰ্থনৈতিক দিশসমূহ সম্পৰ্কে পৰ্যাপ্ত আলোচনা আৰু উন্নয়নৰ বাবে বিভিন্ন মঞ্চত চৰ্চা কৰা প্ৰতিগৰাকী শিক্ষিত অসমীয়াভাষীৰে দায়িত্ব ৷ ধ্ৰুপদী ভাষাৰ মর্যাদা সকলো অসমীয়াৰ বাবেই এক বৃহৎ গৌৰৱময় প্ৰাপ্তি ৷ এই স্বীকৃতিৰ সদ্ব্যৱহাৰ কৰি ভাষাটোক আগবঢ়াই নিবলৈ অসমীয়াভাষীসকলে সংগঠিতৰূপত দায়িত্ব পালন কৰিব লাগিব ।

লগতে পঢ়ক: ভাষাৰ স্বীকৃতিত আনন্দিত অসম সাহিত্য সভাৰ দুই প্ৰাক্তন সভাপতি

Last Updated : Nov 18, 2024, 9:32 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.