ETV Bharat / state

স্মাৰ্ট মিটাৰ আৰু বৰ্ধিত বিদ্যুৎ মাচুলৰ আতিশয্য : টীয়কত ৰাইজৰ প্ৰতিবাদ - Protest in Teok

author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 3:18 PM IST

Power tariff hike : কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ নেতৃত্বত শক্তি বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ ৷ টীয়কৰ বৈদ্যুতিক সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন ৷

Protest Against Price Hike
টীয়কত ৰাইজৰ প্ৰতিবাদ (ETV Bharat Assam)

টীয়ক, 19 আগষ্ট : ৰাজ্য চৰকাৰৰ শক্তি বিভাগৰ স্মাৰ্ট মিটাৰ আৰু বৰ্ধিত বিদ্যুৎ মাচুলে জলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক ৷ বিজুলী ব্যৱহাৰ নকৰিলেও বিল অহা স্মাৰ্ট মিটাৰৰ আতিশয্যত অতিষ্ঠ হৈ পৰিছে ৰাইজ ৷ ফলত ঠায়ে ঠায়ে স্মাৰ্ট মিটাৰ, বৰ্ধিত বিদ্যুৎ মাচুল তথা শক্তি বিভাগৰ বিৰুদ্ধে ক্ষোভৰ উদগীৰণ ঘটিছে ৷ ইয়াৰ মাজতে সোমবাৰে যোৰহাটৰ টীয়কতো কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ নেতৃত্বত শক্তি বিভাগৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল ৰাইজ ৷

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ নেতৃত্বত প্ৰতিবাদ (ETV Bharat Assam)

টীয়কৰ বৈদ্যুতিক সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ উদ্যোগত স্মাৰ্ট মিটাৰ আৰু বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৰাইজে ৷ প্ৰতিবাদস্থলীত হিমন্ত বিশ্ব শৰ্মাক ডকাইত আখ্যা দি চৰকাৰৰ এই সিদ্ধান্তক অনতি পলমে সলনি কৰি ৰাইজক উপকৃত কৰিবলৈ দাবী জনাই দুয়োটা সংগঠনৰ নেতৃত্বই ৷ অতি শীঘ্ৰেই এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে পুঁজিপতি আদানীৰ স্মাৰ্ট মিটাৰ ওফৰাই দিয়া হ’ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷ লগতে ৰাইজৰ এই দাবী শীঘ্ৰেই মানি নল’লে পুনৰ তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল’ব বুলিও প্ৰতিবাদকাৰীসকলে চৰকাৰক সকীয়াই দিয়ে ৷

লগতে পঢ়ক : বিদ্যুৎ মাচুল বৃদ্ধি আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তিনিচুকীয়াত সৰৱ আছু - AASU Protest

আনহাতে প্ৰতিবাদকাৰীসকলে কয় যে, অসমৰ দুখীয়া জনতাক স্মাৰ্ট মিটাৰৰ নামত চৰকাৰখনে ৰামঠগন দি ৰাজহ সংগ্ৰহ কৰিছে ৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজক সকাহ দিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ সেয়েহে এনেদৰে ৰাইজক ৰামটাঙোন মৰা কাৰ্যৰ বিৰোধিতা কৰি 2026ত চৰকাৰ ওফৰাই দিবলৈ বেছি পৰ নালাগে বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী ৰাইজে ৷ লগতে প্ৰতিবাদস্থলীৰ পৰাই তেওঁলোকৰ সমস্যা সমাধানৰ দাবীত যোৰহাট জিলা বিদ্যুৎ বিভাগৰ কাৰ্যবাহী বিষয়াক স্মাৰকপত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷

উল্লেখ্য যে, শক্তি বিভাগে ঘৰে ঘৰে স্থাপন কৰা স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ভুক্তভোগী ৰাইজে দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপন কৰি আহিছে ৷ বৰ্ধিত বিদ্যুৎ মাচুল আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠন তথা ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও ৰাজ্য চৰকাৰে এইক্ষেত্ৰত এতিয়ালৈকে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷

লগতে পঢ়ক : বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ বিক্ষোভ - AASU Protest

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.