ETV Bharat / state

কাজিৰঙাত ২০২৪-২৫ পৰ্যটন বৰ্ষৰ প্ৰথম এমাহতে সংগ্ৰহ ৬৫ লাখ টকাৰ ৰাজহ - KNP REVENUE COLLECTION

Kaziranga National Park : ১ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । এমাহত প্ৰায় ২৯ হাজাৰ দেশী-বিদেশী পৰ্যটকৰ আগমন ।

Kaziranga National Park
পৰ্যটন বৰ্ষৰ প্ৰথম এমাহতে সংগ্ৰহ ৬৫ লাখ টকাৰ ৰাজহ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 2, 2024, 11:30 AM IST

কাজিৰঙা : পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি মাত্ৰ এমাহতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত সংগ্ৰহ হৈছে ৬৫ লাখ টকাৰ ৰাজহ ৷ মাত্ৰ এমাহত প্ৰায় ২৯ হাজাৰ দেশী-বিদেশী পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছে ৷ কাজিৰঙাৰ বন বিভাগৰ এক সূত্ৰই জনোৱা অনুসৰি, চলিত বৰ্ষৰ বানৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প এলেকাৰ পৰ্যটকে ভ্ৰমণ কৰা স্থানৰ একাংশ পথ কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হৈছিল ৷ যাৰ বাবে যোৱা ১ অক্টোবৰত পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আংশিকভাৱে মুকলি কৰা হৈছিল ৷

কেৱল জীপ ছাফাৰীৰে আৰম্ভ কৰা পৰ্যটন বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখন আংশিকভাৱে মুকলি হ'লেও যথেষ্ট সংখ্যক দেশী-বিদেশী পৰ্যটক উপস্থিত হৈছে ৷ যোৱা ১ অক্টোবৰত কাজিৰঙাৰ মুখ্য বনাঞ্চলৰ লগতে বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলত জীপ ছাফাৰী মুকলি কৰা হৈছিল ৷ জীপ ছাফাৰীত বিভিন্ন দেশী-বিদেশী পৰ্যটকে কাজিৰঙাৰ বিনন্দীয়া পৰিৱেশত সময় অতিবাহিত কৰি সমগ্ৰ পৰ্যটন ক্ষেত্ৰলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে ৷

পৰ্যটন বৰ্ষৰ প্ৰথম এমাহতে সংগ্ৰহ ৬৫ লাখ টকাৰ ৰাজহ (ETV Bharat)

কাজিৰঙা দৰ্শন ৫৭৯ বিদেশী পৰ্যটকৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোণালী ঘোষে কয় যে অক্টোবৰ মাহত মুঠ ২৮,৯৮০ গৰাকী দেশী-বিদেশী পৰ্যটকে উদ্যান দৰ্শন কৰিছে । ইয়াৰে ২৮,৪০১ গৰাকী দেশীয় পৰ্যটকৰ বিপৰীতে ৫৭৯ গৰাকী বিদেশী পৰ্যটক ৷ মাত্ৰ এটা মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই পৰ্যটকৰ পৰা মুঠ ৬৫,৩৭,৫১৫ টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ নয়নাভিৰাম দৃশ্য, অতুলনীয় জৈৱ বৈচিত্ৰ দৰ্শনৰ বাবেই এই পৰ্যটন বৰ্ষত কাজিৰঙালৈ অহা পৰ্যটকৰ পৰিসংখ্যাই পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছে ৷

২০২৩-২৪ বিত্তীয় বৰ্ষত ৰাজহ সংগ্ৰহৰ পৰিমাণ

সেইমতে, ২০২৩-২৪ বিত্তীয় বৰ্ষত কাজিৰঙালৈ অহা মুঠ পৰ্যটকৰ সংখ্যা ৩,২৭,৪৯৩ গৰাকী বুলি বিভাগীয় সূত্ৰত প্ৰকাশ পাইছে ৷ ইয়াৰে মুঠ ৩,১৩,৫৭৪ গৰাকী দেশীয় পৰ্যটক আৰু ১৩,৯১৯ গৰাকী বিদেশী পৰ্যটক ৷ এই পৰ্যটকসকলৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলে লাভ কৰে মুঠ ৮,৮১,৮৪,১৬১ টকাৰ ৰাজহ ৷

উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তিনিটা বন সংমণ্ডলৰ ভিতৰত পূব অসম বন্যপ্ৰাণী সংমণ্ডলে মুঠ ৩২,০৯৬১ গৰাকী পৰ্যটকৰ পৰা ৮,৫৯,৪৮,৩৫১ টকাৰ ৰাজহ, নগাঁও বন সংমণ্ডলে ৩,৪৮৪ গৰাকী পৰ্যটকৰ পৰা ৬২,৪০০ টকাৰ ৰাজহ আৰু বিশ্বনাথ বন সংমণ্ডলে ৩,০৪৮ গৰাকী পৰ্যটকৰ পৰা ১৬,১১,৮১০ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

আনহাতে, বিগত ২০২২-২৩ পৰ্যটন বৰ্ষত কাজিৰঙাই দেশী বিদেশী মুঠ ৩,১৪,৭৯৬ গৰাকী পৰ্যটকৰ পৰা মুঠ ৮,৩৩,৮৫,৪৮৩ টকাৰ ৰাজহ লাভ কৰিছিল ৷ যাৰ পটভূমিত পূৰ্বৰ তুলনাত ২০২৩-২৪ পৰ্যটন বৰ্ষত ১২,৬৯৭ জন দেশী বিদেশী পৰ্যটক বৃদ্ধি পোৱাৰ উপৰিও কাজিৰঙাই পূৰ্বতকৈ ৪৭,৯৮,৬৭৮ টকাৰ অধিক ৰাজহ লাভ কৰিবলৈ সক্ষম হয় ৷

২০২৩ চনৰ অক্টোবৰৰ ১৫ তাৰিখৰ পৰা বাৰিষাৰ পিছতেই শেহতীয়া পৰ্যটন বৰ্ষত পৰ্যটকৰ বাবে পুনৰ মুকলি হোৱা কাজিৰঙাত পৰ্যটকে পূৰ্বৰ তুলানতকৈ বিগত বৰ্ষত কাৰ্বি-আংলঙত চাইকেল চলোৱাৰ সুবিধা, পাণবাৰী সংৰক্ষিত বনাঞ্চল আৰু বুঢ়াপাহাৰৰ চিৰাঙৰ ট্ৰেকিং পথৰ বিশেষ সুবিধাৰ উপৰিও কাৰ্বি জনগোষ্ঠীৰ খাদ্য চোৰাণ-আহেম আৰু মিচিং জনগোষ্ঠীৰ দ্বাৰা পৰিচালিত মিচিং খাদ্যৰ অজুন উকুম নামৰ কেন্দ্ৰ, বুঢ়াচাপৰিৰ মহিলা নেতৃত্বাধীন ভোজনালয় বিচাগ-না চ' পৰম্পৰাগত খাদ্যৰ জুতি লোৱাৰো সুবিধা লাভ কৰিছিল বুলি উদ্যান কৰ্তৃপক্ষই অৱগত কৰে ৷

ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ নদীত শিহু দৰ্শনৰ সুবিধাৰ বাবে নৌকা বিহাৰৰ লগতে পাণপুৰ আৰু বুঢ়াচাপৰিত জীপ আৰু চাইকেল ছাফাৰীও বিগত পৰ্যটন বৰ্ষতে আৰম্ভ কৰা হৈছিল ৷ আনহাতে, এই পৰ্যটন বৰ্ষৰ লগত সংগতি ৰাখি কাজিৰঙা কৰ্তৃপক্ষই বাগৰি বনাঞ্চলৰ প্ৰৱেশ দ্বাৰত পৰ্যটকৰ বাবে মুকলি কৰা ইক' চপ নামৰ বিভাগীয় বিপণীখনে পৰ্যটকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে ৷ বিপণিখনত কাষৰীয়া এলেকাৰ লোকৰ দ্বাৰা উৎপাদিত বিভিন্ন হস্তশিল্প সামগ্ৰী, স্থানীয় শিপিনীৰ গামোছা, মৌজোল আদি উপলব্ধ ৷

লগতে পঢ়ক :পৰম্পৰাগত হস্তীপূজাৰে কাজিৰঙাত আৰম্ভ হাতী ছাফাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.