ETV Bharat / state

কাজিৰঙা বন বিভাগৰ পোহনীয়া হাতী পাটকাইৰ মৃত্যু - Elephant death in Kaziranga

Elephant dies in Kaziranga: কাজিৰঙা বন বিভাগৰ পোহনীয়া হাতী পাটকাইৰ মৃত্যু । দীৰ্ঘদিনে বিভিন্ন ৰোগত আক্ৰান্ত হৈ অৱশেষত মৃত্যুক আকোৱালি ল'লে পাটকায়ে । ডিগবৈৰ পৰা উদ্ধাৰ কৰা হাতীজনী কাজিৰঙাত ৰখা হৈছিল প্ৰতিপালনৰ বাবে ।

Kaziranga forest department's pet elephant Patkai dies
কাজিৰঙা বনবিভাগৰ পোহনীয়া হাতী পাটকাইৰ মৃত্যু
author img

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 9:23 PM IST

কাজিৰঙা বনবিভাগৰ পোহনীয়া হাতী পাটকাইৰ মৃত্যু

কাজিৰঙা, ২৮ মাৰ্চ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে এক কৰুণ ঘটনা ৷ ৰোগত আক্ৰান্ত হৈ কাজিৰঙাত মৃত্যু এজনী পোহনীয়া হাতীৰ ৷ ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত বিগত তিনিবছৰে থকা পাটকাই নামৰ পোহনীয়া হাতীজনীৰ ইতিমধ্যে মৃত্যু হয় ৷ কাজিৰঙাৰ বন কৰ্তৃপক্ষই জনোৱা অনুসৰি, তিনিবছৰৰ পূৰ্বে ডিগবৈৰ পৰা এজনী হাতী জব্দ কৰা হৈছিল ৷ মাইক্ৰ'চিপকে ধৰি আন কোনো ধৰণৰ কাগজ নথকাত বনবিভাগে হাতীজনীক জব্দ কৰি কাজিৰঙালৈ প্ৰেৰণ কৰিছিল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

তিনিবছৰৰ পূৰ্বে ডিগবৈ বন বিভাগে চোৱাচিতাৰ বাবে প্ৰেৰণ কৰা হাতীজনী অনাৰ পাছৰ পৰাই বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল বুলি বন বিষয়াসকলে জানিবলৈ দিয়ে ৷ পশু চিকিৎসকৰ মতে, দীৰ্ঘদিনে স্বাস্থ্যজনিত কাৰণত ভাগি পৰা ৪৫ বছৰীয়া পাটকাই অৱশেষত বুধবাৰে মৃত্যুমুখত পৰে । পশু চিকিৎসকে জনোৱা অনুসৰি হাতীজনীৰ দাঁত, যকৃত আদিত ৰোগ বিয়পিছিল । প্ৰায়বোৰ অংগই বিকল হৈ পৰা বুলি উল্লেখ কৰে পশু চিকিৎসকে ।

ইতিপূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কেইবাটাও হাতীৰ মৃত্যু ঘটিছে ৷ বন বিভাগৰ পশু চিকিৎসকে কয় যে হাতী উদ্ধাৰ তথা জব্দ কৰিলেই কাজিৰঙালৈ প্ৰেৰণ কৰাটো অনুচিত ৷ কিয়নো হাতী এটা নতুন পৰিৱেশত খাপ খোৱাটো সহজ নহয় । উজনি অসমত গোটেই জীৱনটো কটোৱা হাতীয়ে নতুন এক পৰিৱেশৰ সৈতে খাপ খাই দীৰ্ঘদিনে জীৱন কটোৱা সম্ভৱ নহয় । ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা জব্দ কৰা হাতী প্ৰতিপালনৰ বাবে কাজিৰঙালৈ প্ৰেৰণ কৰা পাচত পৰিৱেশৰ সৈতে খাপ খাব নোৱৰাৰ বাবে মৃত্যুমুখত পৰিছে ।

লগতে পঢ়ক: খাদ্যৰ সন্ধানত জনাঞ্চলত বিচৰণ বন্যহস্তীৰ জাকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.