ETV Bharat / state

ষট পূজাৰ সময়ত কি কি নিৰ্দেশনা মানি চলিব লাগিব; জনালে আৰক্ষী আয়ুক্তই - CHHATH PUJA 2024

পূজাৰ সময়ত নিষিদ্ধ সংগঠনে যাতে কূটাঘাট সংঘটিত কৰিব নোৱাৰে, তাৰবাবে সমিতিসমূহক সষ্টম হ'বলৈ আহ্বান আৰক্ষী আয়ুক্তৰ ৷ মহানগৰীৰ ৬০টা ঘাটত হ'ব ষট পূজা‌ ৷

CHHATH PUJA 2024
ষট পূজাৰ সময়ত কি কি নিৰ্দেশনা মানি চলিব লাগিব (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 4, 2024, 7:54 PM IST

গুৱাহাটী: অহা ৭ আৰু ৮ নৱেম্বৰত অনুষ্ঠিত হ'ব ষট পূজা । ষট পূজা উপলক্ষ্যে গুৱাহাটী মহানগৰীত জিলা প্ৰশাসনে ষট পূজা কমিটিসমূহলৈ কিছু নীতি-নিষেধাজ্ঞা জাৰি কৰিছে ।

ষট পূজা উপলক্ষে কি কি নীতি-নিৰ্দেশনা মানিব লাগিব ষট পূজা কমিটিবোৰে:

  • আৰক্ষীৰ উপৰিও পূজা কমিটিয়ে নিজাববীয়াকৈ স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব
  • চিকিৎসকৰ দল ৰখাটো বাঞ্ছনীয়
  • পূজাস্থলীত ডাষ্টবিনৰ ব্যৱস্থা কৰিব লাগিব
  • নিশা ৮ বজাৰ পৰা ১০ বজালৈ ফটকা ফুটাব পাৰিব
  • পূজাত প্লাষ্টিক সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ আহ্বান
  • মধ্যৰাতিলৈ বেছি জোৰকৈ গান বজাব নোৱাৰিব
  • মণ্ডপত পৰ্যাপ্ত পৰিমাণৰ পানী, পোহৰৰ ব্যৱস্থা থাকিব লাগিব
  • পূজাঘাটৰ বাবে প্ৰয়োজনীয় অনুমতি আৰক্ষী কৰ্তৃপক্ষৰ পৰা লোৱাটো বাঞ্চনীয়
  • সকলো কাৰ্যালয় আৰু স্বেচ্ছাসেৱকৰ তালিকা আগতীয়াকৈ নিকটতম আৰক্ষী থানাত দাখিল কৰিব লাগিব
  • স্বেচ্ছাসেৱকসকলক স্থানীয় আৰক্ষীৰ সহযোগত তেওঁলোকৰ কৰ্তব্য আৰু দায়িত্বৰ বিষয়ে আগতীয়াকৈ অৱগত কৰিব লাগিব
  • ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ পৃথক প্ৰৱেশ/প্ৰস্থানৰ স্থান স্থাপন কৰাৰ লগতে সঠিকভাৱে চিচি টিভি কেমেৰা সংস্থাপন কৰিব লাগিব

ষট পূজা সমিতিবোৰে কি কি কৰিব নোৱাৰিব:

  • পূজা ঘাটৰ পৰা ১০০ মিটাৰৰ ভিতৰত পাৰ্কিং কৰিব নোৱাৰিব
  • পৰিৱেশ প্ৰদূষিত সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব
  • অনুমতি নোহোৱাকৈ কোনো সমদল উলিয়াব নোৱাৰিব
  • পূজাৰ নামত ৰাজহুৱা পথ বন্ধ কৰিব নোৱাৰিব
  • 125DBত কৈ উচ্চ প্ৰাবল্যৰ ফটকা ফুটুৱাব নোৱাৰিব
  • ষট পূজাৰ সময়ত মহানগৰীত যান-বাহন চলাচলৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হ’ব

সোমবাৰে গুৱাহাটী জিলা পুথিভঁৰালত জিলা প্ৰশাসন, আৰক্ষী আৰু অন্যান্য বিভাগসমূহৰ সৈতে ষট পূজা কমিটিৰ নেতৃত্বৰ এখন বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত পূজা সমিতিবোৰে কি কি নীতি-নিৰ্দেশনা মানি পূজাৰ আয়োজন কৰিব লাগিব সেই সম্পৰ্কে আলোচনা হয় । বৈঠকৰ শেষত সংবাদ মাধ্যমৰ আগত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই এই বিষয়ে সদৰী কৰে ৷

মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা (ETV Bharat Assam)

গুৱাহাটীৰ ক’ত ক’ত অনুষ্ঠিত হ'ব ষট পূজা:

গুৱাহাটীৰ ৬০ টা ঘাটত অনুষ্ঠিত হ'ব ষট পূজা‌ ৷ লাচিত ঘাটত, মাছখোৱা, ভূতনাথ, উজানবজাৰ, চূনচালি, বশিষ্ঠ, যোৰাবাটকে ধৰি সৰু-ডাঙৰ মুঠ ৬০ টা ঘাটত অনুষ্ঠিত হ'ব ষট পূজা ।

নিষিদ্ধ সংগঠনে পূজাৰ সময়ত যাতে কূটাঘাটৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে সমিতি সমূহক সষ্টম হ'বলৈ আহ্বান

মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই কয়, "ষট পূজাৰ সময়ত কোনো নিষিদ্ধ ঘোষিত সংগঠনে কূটাঘাটমূলক ঘটনা অথবা অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰাৰ পৰিকল্পনা কৰিব পাৰে । সেয়ে এনে ঘটনা প্ৰতিহত কৰাৰ বাবে প্ৰশাসন আৰু ৰাইজ একগোট হৈ কাম কৰে তথা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে সেই বিষয়ে আলোচনা কৰা হয় ।" তেওঁ লগতে আলোচনাত পূজাৰ ঘাটৰ ওচৰত পুৰণি পৰিত্যক্ত বাহন, পৰিত্যক্ত মেচিন দেখিলে আৰক্ষীক যোগাযোগ কৰিবলৈ সকলোকে আহ্বান জনায় ।

লগতে পঢ়ক: উৎসৱৰ বতৰত অতিৰিক্ত ৰে’লৰ ব্যৱস্থা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.