ETV Bharat / state

কৃত্ৰিম বানত লটিঘটি : সকলো শৈক্ষিক প্ৰতিষ্ঠান বন্ধৰ ঘোষণা জিলা প্ৰশাসনৰ - GUWAHATI ARTIFICIAL FLOODS

author img

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 6:54 AM IST

Artificial Floods in Guwahati : মহানগৰীত পুনৰ কৃত্ৰিম বানৰ তাণ্ডৱ ৷ মঙলবাৰে সকলো শৈক্ষিক প্ৰতিষ্ঠান বন্ধৰ ঘোষণা কামৰূপ জিলা প্ৰশাসনৰ ৷

GUWAHATI ARTIFICIAL FLOODS
মহানগৰীত কৃত্ৰিম বান (ETV Bharat Assam)

গুৱাহাটী, ৬ আগষ্ট : সোমবাৰৰ এজাক বৰষুণতে আভিজাত্য উটি যোৱা মহানগৰী গুৱাহাটীৰ সকলোধৰণৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব মঙলবাৰে ৷ এই ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷

প্ৰশাসনে ঘোষণা কৰা অনুসৰি, মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত সৃষ্টি হোৱা কৃত্ৰিম বানৰ বাবে গুৱাহাটী পৌৰ নিগম এলেকাৰ অধীনষ্ঠ সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান, মহাবিদ্যালয় আৰু কোচিং চেণ্টাৰসমূহ মঙলবাৰে বন্ধ থাকিব ৷

কৃত্ৰিম বানত লটিঘটি মহানাগৰিকৰ (ETV Bharat Assam)

সোমবাৰে আবেলিৰে পৰা হোৱা প্ৰচণ্ড বৰষুণত মহানাগৰিকৰ জনজীৱন দুৰ্বিষহ হৈ পৰিছিল ৷ বিশেষকৈ পল্টন বজাৰৰ পৰা খানাপাৰা আৰু মালিগাঁৱৰ পৰা গণেশগুৰিলৈ হোৱা কৃত্ৰিম বানৰ ফলত মহানগৰীত সৃষ্টি হয় তীব্ৰ যান-জঁট ৷ বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি যোৱা ছাত্ৰ-ছাত্ৰী, নিজ কৰ্ম সামৰি ঘৰলৈ উভতি যোৱা কৰ্মচাৰী, শ্ৰমিক, ব্যৱসায়ী আদি সকলো ঘন্টাৰ পিছত ঘন্টা ধৰি ৰাজপথত আৱদ্ধ হৈ থাকিবলগীয়া হয় ৷

লগতে পঢ়ক: ৰাজ্যত আগন্তুক পাঁচ দিনলৈ ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী

কোনো কোনোৱে কৰ্মস্থানৰ পৰা শেষ নিশাহে ঘৰত উপস্থিত হয় ৷ কোনোৱে জেচিবিত উঠি, কোনোৱে আকৌ মৰণক শৰণ দি এবুকু পানীৰ মাজেৰে, যিয়ে যেনেকৈ পাৰে ঘৰমুৱা হৈছিল ৷ মুঠতে এজাক বৰষুণে মহানগৰবাসীৰ বিলৈ-বিপত্তিৰ সীমা নোহোৱা কৰিলে ৷ কোনো কোনোৱে আকৌ কাৰ্যালয়ৰ সমীপত থকা হোটেলতে নিশাটো পাৰ কৰে ৷

GUWAHATI ARTIFICIAL FLOODS
মহানগৰীৰ মহানাগৰিকৰ অৱস্থা (Facebook)

গুৱাহাটীৰ কৃত্ৰিম বান প্ৰৱণ এলেকা হিচাপে বিবেচিত অনিল নগৰ, নবীন নগৰ, ৰুক্মিণী গাঁও, হাতীগাঁও আদি এলেকাত কৃত্ৰিম বানত বুৰ যায় বহুলোকৰ ঘৰ ৷ গুৱাহাটী মহানগৰ উন্নয়ন, স্মাৰ্ট চিটি নিৰ্মাণৰ নামত কোটি কোটি টকা ব্যয় হৈ থকাৰ পাচতো মহানগৰবাসীয়ে আগৰ দৰেই কৃত্ৰিম বানত দুৰ্ভোগ ভুগিবলগীয়া হোৱাটো সম্প্ৰতি উদ্বেগৰ বিষয় হৈ পৰিছে ৷

লগতে পঢ়ক: বৰষুণ নহয় যেন সীমাহীন দুদৰ্শাহে : কৃত্ৰিম বানত মহানগৰীৰ ৰাজপথত উপঙিল বিলাসী বাহন - Guwahati Artificial Floods

আনহাতে, কৃত্ৰিম বানৰ পৰা পৰিত্ৰাণ পোৱাৰ বিপৰীতে মহানগৰীৰ ন ন অঞ্চলত এই সমস্যাই দেখা দিছে ৷ কৃত্ৰিম বানত বুৰ যোৱা মহানগৰীৰ ৰাজপথ, উপপথ, পদপথ আদি সমূলি সুৰক্ষিত নোহোৱাটোও চিন্তাৰ কাৰণ হৈছে ৷ উন্মুক্ত পদপথ, পানী যোগান, নিৰ্মাণ আদিৰ বাবে খান্দি ৰখা ৰাজপথ আৰু নলা নিৰ্মাণৰ বাবে বন্ধ কৰি ৰখা মহানগৰীৰ উপপথবোৰ স্বাভাৱিকতে যাতায়াতৰ বাবে বিপদসংকুল হৈ আছে ৷

এজাক বৰষুণত পানীৰে উপচি পৰা এনে ৰাজপথ, পদপথ, উপপথবোৰ সম্প্ৰতি মহানগৰবাসীৰ বাবে মৰণফান্দ হৈ পৰিছে ৷ মূলতঃ স্মাৰ্ট চিটি গুৱাহাটীত পদে পদে নৰক যাতনা ভূগিবলগীয়া হৈছে সাধাৰণ জনতাই ৷

লগতে পঢ়ক: পুনৰ পানীৰ তলত ডিব্ৰুগড় চহৰ - Dibrugarh Artificial flood

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.