ETV Bharat / state

ৰাসৰ বাবে বিশেষ ব্যৱস্থা: সলনি হ'ব মাজুলী-যোৰহাট সংযোগী ফেৰী ঘাট - FERRY SERVICE IN MAJULI

মাজুলী-যোৰহাট সংযোগী দলঙৰ নিৰ্মাণকাৰ্য চলি থকা দক্ষিণপাটৰ পৰা চলিব কমলাবাৰী-নিমাতী ফেৰী সেৱা । পুৱাৰ পৰা দিনৰ ভাগত অবিৰতভাৱে চলি থাকিব ফেৰী সেৱা ।

Kamalabari-Nimati ferry service to run from Dakshinpat instead of Kamalabari
সলনি হ'ব মাজুলী-যোৰহাট সংযোগী ফেৰী ঘাট (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 12, 2024, 6:04 PM IST

মাজুলী: সমাগত মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ । ৰাস মহোৎসৱক লৈ উখল-মাখল পৰিবেশে বিৰাজ কৰিছে সত্ৰপীঠ মাজুলীত । মাজুলীৰ ১২ খন সত্ৰৰ লগতে অৰ্দ্ধ শতাধিক ৰংগমঞ্চ সাজু হৈ উঠিছে ৰাস পৰিৱেশনৰ বাবে । সাজু হৈ উঠিছে মাজুলী জিলা প্ৰশাসন । এই ৰাস মহোৎসৱত মাজুলীত প্ৰায় ১ লাখ বন্তি প্ৰজ্জ্বলনৰে ৰাস মহোৎসৱৰ দর্শনাৰ্থীক আদৰাৰ আয়োজন কৰিছে উদ্যোক্তাসকলে ।

ইফালে কমলাবাৰী-নিমাতী ফেৰী সেৱাৰ কমলাবাৰী ঘাটৰ পৰা চলাৰ বিপৰীতে মাজুলীৰ দক্ষিণপাটৰ যোৰহাট-মাজুলী সংযোগী দলঙৰ য'ত নিৰ্মাণকাৰ্য চলি আছে তাৰ সমীপৰ পৰা চলিব কমলাবাৰী-নিমাতী ফেৰী সেৱা । বুধবাৰে পুৱাৰ পৰা আৰম্ভ হ'ব এই ফেৰী সেৱা ।

সলনি হ'ব মাজুলী-যোৰহাট সংযোগী ফেৰী ঘাট (ETV Bharat Assam)

কমলাবাৰী আৰু নিমাতীৰ মাজত এতিয়া যি ঠাইৰ পৰা ফেৰী সেৱা চলি আছে সেই স্থান বাম হৈ যোৱাৰ বাবে ফেৰী চলাচল কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ফেৰীৰ চালকৰ লগতে আভ্যন্তৰীণ জল পৰিবহন বিভাগ । যাৰ ফলশ্ৰুতিত সেই ঠাইৰ পৰা ফেৰী সেৱা চলাচল বন্ধ থাকিব । ইয়াৰ বিপৰীতে ৰাস দর্শনাৰ্থীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি দাক্ষিণপাটৰ পৰা চলিব কমলাবাৰী নিমাতী ফেৰী সেৱা ।

এই ফেৰী সেৱা পুৱাৰ পৰা দিনৰ ভাগত অবিৰতভাৱে চলি থাকিব । নাথাকে কোনো অনলাইন টিকটৰ সুবিধা । যাত্ৰীৰ লগতে চাৰিচকীয়া, দুচকীয়া বাহন পৰাপাৰ কৰিবলৈও কোনো অসুবিধাৰ সন্মুখীন হ'ব নালাগে যাত্ৰীসকল । অনুমান কৰা হৈছে কাইলৈ যি ঠাইৰ পৰা কমলাবাৰী নিমাতী ফেৰী সেৱা চলিব সেই ঠাইৰ পৰা ২০ বা ২৫ মিনিটৰ ভিতৰতে পৰাপাৰ হ'ব পাৰিব । ইফালে ফেৰীঘাটটোলৈ অহা যোৱা কৰিবৰ বাবে ইতিমধ্যে ঠিক কৰি থকা হৈছে এটা পথ ।

লগতে পঢ়ক: ৰাস মহোৎসৱত মাজুলীত পদূলিয়ে পদূলিয়ে জ্বলিব লক্ষাধিক বন্তি

ৰাজ্যপালৰ পৰা বাঃ বাঃ লোৱাৰ চেষ্টা ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.