ETV Bharat / state

কামাখ্যা মন্দিৰ একচেছ কৰিড’ৰ নিৰ্মাণত সহযোগ নকৰে জূনা আখাৰাৰ সাধুসকলে - MAA KAMAKHYA ACCESS CORRIDOR

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 6:06 PM IST

Kamakhya Temple Corridor: কামাখ্যা মন্দিৰ আৰু ইয়াৰ চৌহদক আধুনিক ৰূপ দিয়াৰ অৰ্থে অসম চৰকাৰে কামাখ্যা মন্দিৰ একচেছ কৰিড'ৰ নিৰ্মাণৰ ঘোষণা কৰিছিল ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে আই আই টিৰ বিশেষজ্ঞৰ প্ৰতিবেদন নোপোৱা পৰ্যন্ত কামাখ্যা মন্দিৰ একচেছ কৰিড’ৰ নিৰ্মাণৰ কামত স্থগিতাদেশ জাৰি কৰিছে । ইয়াৰ পাচত এইবাৰ চৰকাৰৰ এই কাৰ্যৰ বিৰোধিতা কৰিছে জূনা আখাৰাৰ সাধুসকলে । কামাখ্যা পৰ্যটন ক্ষেত্ৰ নহয়, এয়া সাধন ভূমিহে বুলি উল্লেখ এইসকল সাধুৰ ৷

Kamakhya Temple Corridor
কামাখ্যা মন্দিৰ একচেছ কৰিড’ৰ নিৰ্মাণত সহযোগ নকৰে জূনা আখাৰা সাধুসকলে (ETV BHARAT ASSAM)

গুৱাহাটী, ২৬ জুন: অসম চৰকাৰৰ কামাখ্যা মন্দিৰ একচেছ কৰিড’ৰ নিৰ্মাণত সহযোগ নকৰে কামাখ্যাত থকা শ্ৰী পঞ্চনাম দশম জূনা আখাৰাৰ সাধুসকলে । সমগ্ৰ ভাৰততে ব্যাপ্ত হৈ থকা মুঠ ৫১খন পীঠস্থানৰ ভিতৰত কামাখ্যা মন্দিৰ অন্যতম গুৰুত্বপূৰ্ণ তথা একমাত্ৰ যোনি পীঠ ।

কামাখ্যা মন্দিৰ একচেছ কৰিড’ৰ নিৰ্মাণত সহযোগ নকৰে জূনা আখাৰাৰ সাধুসকলে (ETV BHARAT ASSAM)

তন্ত্ৰ-সাধনাৰ এক অন্যতম স্থান হৈছে কামাখ্যা । সেয়েহে কামাখ্যাত অনুষ্ঠিত হোৱা অম্বুবাচী মেলালৈ তাহানিৰ দিনৰে পৰা সাধনাৰ বাবে আহি আছে সাধু-সন্তসকল । সাধু-সন্তসকলৰ বিশ্বাস অনুসৰি, বছৰৰ বছৰৰ জোৰা তপস্যাৰ কৰি যি ফল পোৱা যায়, সেই ফল কামাখ্যাধামত আহিলে কম সময়ৰ ভিতৰতে লাভ কৰা যায় । সেয়ে কোনো কাৰণতে কামাখ্যাধামত একচেছ কৰিড’ৰ নিৰ্মাণ হ'বলৈ নিদিয়াৰ হুংকাৰ সাধু-সন্তসকলৰ ।

লগতে পঢ়ক: কামাখ্যা কৰিড'ৰ নিৰ্মাণত আদালতৰ স্থগিতাদেশ : আই আই টিৰ প্ৰতিবেদনে নিৰ্ণয় কৰিব কামাখ্যা কৰিড'ৰৰ ভৱিষ্যৎ - Gauhati HC on Kamakhya Corridor

এই সন্দৰ্ভত সাধু শ্ৰীনন্দ প্ৰজ্ঞানন্দ গিৰীবাবাই কয়, "কামাখ্যা এখন মহাতন্ত্ৰপীঠ । যদিহে ইয়াতে কৰিড’ৰ নিৰ্মাণ কৰা হয় তেন্তে ইয়াত থকা শক্তি তথা আধ্যাত্মিকতা নোহোৱা হৈ যাব । অন্যান্য পীঠসমূহ যেনে তাৰাপীঠতো কৰিড’ৰ নিৰ্মাণ কৰা হৈছে । কৰিড’ৰ নিৰ্মাণৰ ফলত তাত সাধনাৰ মাহাত্ম্য নোহোৱা হৈ যাব । কামাখ্যা পৰ্যটন ক্ষেত্ৰ নহয়, এয়া সাধন ভূমি । ইয়াতে সকলোৱে সাধনা কৰিবলৈ আহে ।" সেয়ে কোনো কাৰণতে চৰকাৰৰ এই সিদ্ধান্ত সমৰ্থন নকৰে সাধুসকলে ।

ইফালে আই আই টিৰ বিশেষজ্ঞৰ প্ৰতিবেদন নোপোৱা পৰ্যন্ত বন্ধ থাকিব কামাখ্যা মন্দিৰ একচেছ কৰিড’ৰ নিৰ্মাণৰ কাম । গুৱাহাটী উচ্চ ন্যায়ালয়ে ১৯ জুনত এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰি এই স্থগিতাদেশ জাৰি কৰে ।

লগতে পঢ়ক: ভণ্ড বাবাৰে ভৰি পৰিছে কামাখ্যা : কি ব্যৱস্থা গ্ৰহণ মন্দিৰ সমিতিৰ - Kamakhya temple

উল্লেখ্য যে, ৪০২ কোটি টকা ব্যয় সাপেক্ষে প্ৰধানমন্ত্ৰী ডেভেলপমেণ্ট-এন ই আঁচনিৰ অধীনত (Prime Minister's Development Initiative for North Eastern Region, PM-DevINE) কামাখ্যা মন্দিৰ আৰু ইয়াৰ চৌহদক আধুনিক ৰূপ দিয়াৰ অৰ্থে কামাখ্যা মন্দিৰ একচেছ কৰিড'ৰ নিৰ্মাণৰ ঘোষণা কৰা হৈছিল । এই প্ৰকল্প ৰূপায়ণৰ বাবে অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগক (গৃহ আৰু ঘাইপথ) কনছেপ্ট প্লেনিঙৰ দায়িত্ব দিয়া হৈছিল । কামাখ্যা মন্দিৰ একচেছ কৰিড'ৰ (Maa Kamakhya Divya Pariyojana or Maa Kamakhya Access Corridor) প্ৰকল্পত উল্লেখ থকা মতে, এই আঁচনি অনুসৰি কামাখ্যা মন্দিৰৰ সমীপতে নিৰ্মাণ কৰা হ'ব বহুকেইটা কেইবামহলীয়া ভৱন ।

তাৰে ভিতৰত থাকিব ক্লক ৰূম, টিকট কাউণ্টাৰ, ইনফৰমেশ্যন চেণ্টাৰ, ছ'ভেনিয়াৰ শ্বপ আদি । আনহাতে, মাল্টি ইউটিলিটি ব্লকত ভি ভি আই পিৰ বাবে প্ৰৱেশৰ পথ, ন্যাসৰ কাৰ্যালয়, ভোজনালয় আৰু পাকঘৰ, ৰেষ্টোৰা, পুথিভঁৰাল, ভি ভি আই পি লাউঞ্জ, ভি ভি আই পি ছাৰ্ভিচ অন টেৰেজ থাকিব । তীৰ্থযাত্ৰী থকাৰ ব্যৱস্থা (১৪ হাজাৰ যাত্ৰী থাকিব পৰা ৩ টা মহলা) আদি, প্ৰসাদ ব্লকত দোকান, ছাৰ্ভিচ ব্লকত নিৰাপত্তাৰক্ষী আৰু স্বেচ্ছাসেৱকৰ বাবে ব্যৱস্থা থাকিব । কামাখ্যা মন্দিৰ আৰু তাৰ সমীপৰ মন্দিৰবোৰৰ আশেপাশে নিৰ্মাণ কৰা হ'ব এই ভৱনসমূহ ।

লগতে পঢ়ক: প্ৰৱঞ্চকৰ জালত নপৰিবলৈ ভক্তক আহ্বান কামাখ্যা দেৱালয় কৰ্তৃপক্ষৰ - Maa Kamakhya Temple

উল্লেখ্য যে এই প্ৰকল্প ৰূপায়ণৰ বাবে আহ্বান কৰা নিবিদাত উল্লেখ কৰা মতে, এই ভৱনসমূহ হ'ব বেছমেন্টসহ চাৰিমহলীয়া অট্টালিকা । ভৱনসমূহ নিৰ্মাণৰ বাবে সেয়েহে ভূগৰ্ভৰ বহু তললৈ মন্দিৰ চৌহদৰ ভিতৰে-বাহিৰে নিৰ্মাণকাৰী সংস্থাই খান্দিব লাগিব । লোকনিৰ্মাণ বিভাগে ২০২৩ চনৰ ২৮ নৱেম্বৰত সেই সম্পৰ্কীয় নিবিদাৰ জাননী জাৰি কৰিছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.