ETV Bharat / state

ভাৰতীয় সেনাৰ পৰা কিয় UPSC লৈ মন উৰিল অভিনন্দন সিঙৰ ? এক বিশেষ সাক্ষাৎকাৰ - Indian army to civil service - INDIAN ARMY TO CIVIL SERVICE

Major Abhinandan Singh : ভাৰতীয় সেনাত থাকিও ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰতি আকৰ্ষিত হ’ল তেওঁ ৷ অসমৰ প্ৰতি আছে তেওঁৰ বিশেষ টান ৷উত্তৰ-পূবৰ শিক্ষাৰ্থী কিয় কম আগ্ৰহী ইউ পি এছ চিৰ প্ৰতি? সকলো সামৰি মেজৰ অভিনন্দন সিঙৰ সৈতে সাংবাদিক কুলগীতা সাউদৰ বিশেষ সাক্ষাৎকাৰ...

Major Abhinandan Singh
মেজৰ অভিনন্দন সিঙৰ সৈতে সাক্ষাৎকাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 11, 2024, 8:51 PM IST

মেজৰ অভিনন্দন সিঙৰ সৈতে সাক্ষাৎকাৰ (ETV Bharat Assam)

গুৱাহাটী, 11 মে’ : ২০২৩ বৰ্ষত ইউ পি এছ চি পৰীক্ষাৰ স্থানপ্ৰাপক মেজৰ অভিনন্দন সিঙৰ সৈতে ই টি ভিৰ ভাৰতৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ । ইউ পি এছ চি পৰীক্ষাৰ বাবে কিদৰে নিজকে প্ৰস্তুত কৰিব সেই বিষয়ে তেওঁ মন্তব্য কৰে ।

৯ বছৰ ভাৰতীয় সেনাত থাকি দেশ সেৱা কৰাৰ পিচত ইউ পি এছ চিৰ প্ৰতি কিয় আকৰ্ষিত হ’ল সেই বিষয়ে তেওঁ কয় যে ২০১৪ চনত ভাৰতীয় সেনাত যোগদান কৰিছিল । চাকৰি জীৱন তেওঁ অসমৰ তেজপুৰৰ পৰা আৰম্ভ কৰিছিল । ১০১৭ চনত এক প্ৰশিক্ষণ শিবিৰত ভৰিত আঘাত পোৱাৰ পিচতে তেওঁ উপলব্ধি কৰিছিল যে তেওঁ যিদৰে ভাৰতীয় সেনাত সেৱা কৰিব লাগিছিল তেনেদৰে কৰিব নোৱাৰিব ।

তাৰ পিচতে তেওঁ ২০১৯ পৰা ইউ পি এছ চিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে । ২০২১ চনত ইউ পি এছ চি পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও সফল নোহোৱাত ২০২২ত পুনৰ চেষ্টা কৰি উত্তীৰ্ণ হয় । তথাপিও ৰেংকটো অৱনমিত হৈ থকাৰ ফলত ৰেংক উন্নীতকৰণৰ বাবে ২০২৩ত পুনৰ অৱতীৰ্ণ হয় । ২০২২ তকৈ ২০২৩ ৰ ফলাফলত উন্নত হয় তেওঁৰ ৰেংক ।

অভিনন্দন সিঙে ইউ পি এছ চিৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে ডাঙৰ সপোন দেখিব লাগে আৰু সপোন পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগে । ইউ পি এছ চিৰ প্ৰস্তুতি আৰম্ভ কৰাৰ পূৰ্বে পৰিকল্পনা কৰিব লাগে কেনেদৰে পঢ়িব, কি কিতাপ পঢ়িব ।

উত্তৰ-পূবত সঠিক শৈক্ষিক সজাগতা, পৰামৰ্শ আৰু নেতৃত্বৰ অভাৱৰ বাবে ইউ পি এছত উত্তীৰ্ণৰ হাৰ কম বুলি মন্তব্য কৰে মেজৰ অভিনন্দন সিঙে । অৱশ্যে তেওঁ কয় যে লাহে লাহে ইউ পি এছচিত উত্তীৰ্ণৰ সংখ্যা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ওলাইছে । তেওঁ লগতে কয়, ‘‘ অসম মোৰ হৃদয়ত আছে । অসমৰ মানুহ সহজ-সৰল, সহায়কাৰী । কাজিৰঙা, নামেৰীকে ধৰি পৰ্যটকৰ বাবে বিভিন্ন আকৰ্ষণীয় স্থান আছে অসমত । প্ৰায় ৯ বছৰৰ পিচত অসমলৈ আহি নষ্টালজিক হৈ পৰিছোঁ ৷’’

লগতে পঢ়ক: কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত শীৰ্ষত জিলিকিল আদিত্য শ্ৰীবাস্তৱ; শীৰ্ষ পাঁচটা স্থানত তিনি পুৰুষ দুই মহিলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.