যোৰহাট, 28 মাৰ্চ : দুলীয়াজানৰ ক্ৰীড়া সংগঠক, সাংবাদিক আৰু সাংস্কৃতিক কৰ্মী অলক ৰঞ্জন বৰা ওৰফে বাচাৰ অকাল মৃত্যুত ৰাজ্যৰ লগতে দুলীয়াজানত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে ৷ দীৰ্ঘদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ থকা অলক ৰঞ্জন বৰাই বুধবাৰে দুলীয়াজানৰ অইল ইণ্ডিয়া চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৷
- " class="align-text-top noRightClick twitterSection" data="">
দুলীয়াজানৰ প্ৰতিটো অনুষ্ঠানৰ সৈতে জড়িত থকা ক্ৰীড়া সংগঠক, সাংবাদিক আৰু সাংস্কৃতিক কৰ্মী অলক ৰঞ্জন বৰাৰ নশ্বৰ দেহ বৃহস্পতিবাৰে অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধা জনালে দুলীয়াজানৰ ৰাইজ তথা বিভিন্ন দল-সংগঠনে ৷ অলক ৰঞ্জন বৰাৰ নশ্বৰ দেহ আজি নিজ বাসগৃহৰ পৰা প্ৰথমে লৈ যোৱা হয় নেহৰু ময়দানলৈ ৷ তাতেই প্ৰয়াত অলক ৰঞ্জন বৰাক দুলীয়াজান এথলীট ক্লাব আৰু দুলীয়াজান ক্ৰীড়া সন্থা আদি বিভিন্ন দল- সংগঠনে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
পিচত তেখেতৰ নশ্বৰ দেহ দুলীয়াজানৰ পুৰণি বাছ আস্থানত অৱস্থিত মিডিয়া চেণ্টাৰৰ সন্মুখলৈ লৈ অনা হয় ৷ তাতেই দুলীয়াজান প্ৰেছ ক্লাব, সন্মিলিত সাংবাদিক মঞ্চ দুলীয়াজান, দুলীয়াজান আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতি, দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা, দুলীয়াজান সাহিত্য সভা, পুৰণি বাছ আস্থান ব্যৱসায়ী সন্থা আদি বিভিন্ন দল- সংগঠনে শেষ শ্ৰদ্ধা নিবেদন কৰে ৷ শেষত অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত টিপলিং ৰাজহুৱা শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় তেখেতৰ ৷
এগৰাকী ক্ৰীড়া সংগঠক, সাংবাদিক, সাংস্কৃতিক কৰ্মী হিচাবে সকলোৰে পৰিচিত অলক ৰঞ্জন বৰাই মৃত্যুৰ সময়ত পত্নীসহ এটি কণমানি পুত্ৰ সন্তান এৰি গৈছে ৷ মৃত্যুৰ সময়লৈকে দুলীয়াজানত সক্ৰিয়ভাৱে সাংবাদিকতা কৰাৰ লগতে সামাজিক কামত জড়িত হৈ আছিল তেওঁ ৷ সেয়েহে অলক ৰঞ্জন বৰাৰ মৃত্যুত এতিয়া চকুলো টুকিছে দুলীয়াজানৰ ৰাইজে ৷