ETV Bharat / state

যোৰহাটৰ ৰাইজক আধুনিক অগ্নিনিৰ্বাপক বাহিনী দিয়াত ব্যৰ্থ চৰকাৰ:গৌৰৱ গগৈ - MP GAURAV GOGOI

Jorhat Fire: যোৰহাটৰ অগ্নিকাণ্ড সংঘটিত অঞ্চল পৰিদৰ্শন সাংসদ গৌৰৱ গগৈৰ ।

Jorhat Fire
যোৰহাটৰ ৰাইজক আধুনিক অগ্নিনিৰ্বাপক বাহিনী দিয়াত ব্যৰ্থ চৰকাৰ:গৌৰৱ গগৈ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 3, 2024, 12:42 PM IST

যোৰহাট : জৰুৰীকালীন সেৱাৰ ভিতৰত অতি গুৰুত্বপূৰ্ণ অগ্নিনিৰ্বাপক বাহিনীৰ আধুনিকীকৰণৰ বাবে কোনো পদক্ষেপ লোৱা নাই চৰকাৰে । এই অভিযোগ যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ । দীপাৱলীৰ নিশা অগ্নিকাণ্ড সংঘটিত স্থানত উপস্থিত হৈ এই মন্তব্য কৰে সাংসদগৰাকীয়ে । ভুক্তভোগী পৰিয়ালক প্ৰয়োজনীয় সমৰ্থন আৰু সাহায্য প্ৰদানৰো আহ্বান জনায় সাংসদগৰাকীয়ে ।

অগ্নিকাণ্ড সংঘটিত অঞ্চল পৰিদৰ্শন গৌৰৱ গগৈৰ

শুকুবাৰে নিশা প্ৰায় ১২ বজাত যোৰহাটৰ এ টি ৰোডৰ ভোগদৈ মছজিদৰ সমীপত অগ্নিকাণ্ড সংঘটিত হৈছিল । য'ত এগৰাকী লোক নিহত হয় । শনিবাৰে উক্ত স্থান পৰিদৰ্শন কৰে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে । লগতে ভুক্তভোগীসকলকো সাক্ষাৎ কৰে । ভুক্তভোগী পৰিয়ালৰ সদস্যসকলৰ সৈতে তেওঁ বাৰ্তালাপ কৰে আৰু সকলো সম্ভৱ সহায়ৰ আশ্বাস দিয়ে ।

যোৰহাটৰ ৰাইজক আধুনিক অগ্নিনিৰ্বাপক বাহিনী দিয়াত ব্যৰ্থ চৰকাৰ:গৌৰৱ গগৈ (ETV Bharat)

পৰৱৰ্তী সময়ত সাংবাদিকৰ সন্মুখত সাংসদ গৌৰৱ গগৈয়ে কয়, "যিমান সোনকালে পাৰি অগ্নিকাণ্ডত সকলো হেৰুৱাই সৰ্বস্বান্ত হোৱা লোকসকলক শীঘ্ৰে ক্ষতিপূৰণ দিব লাগে । জুইত জাহ যোৱা গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ পুনৰ উলিয়াই দিয়াৰ ক্ষেত্ৰত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰি লাগে বুলিও তেওঁ আহ্বান জনায় ।"

অগ্নিকাণ্ডত নিহত লোকজনৰ পৰিয়ালৰ প্ৰতিও গভীৰ সমবেদনা জ্ঞাপন কৰে সাংসদ গৌৰৱ গগৈয়ে । ভুক্তভোগী পৰিয়ালটোক সকলো ফালৰ পৰা সহায় কৰিবলৈও তেওঁ প্ৰশাসনক আহ্বান জনায় । আনহাতে অগ্নিনিৰ্বাপক বাহিনীক আজিলৈ চৰকাৰে আধুনিকীকৰণ নকৰাৰ বাবে সাংসদগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰে । তেওঁ কয়, "অগ্নিনিৰ্বাপক বাহিনীৰ আধুনিকীকৰণৰ বাবে আজিলৈ চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।"

অগ্নিনিৰ্বাপক বাহিনীৰ আধুনিকীকৰণৰ পোষকতা

লগতে শীঘ্ৰে অগ্নিনিৰ্বাপক বাহিনীক শক্তিশালী কৰিবলৈ তেওঁ চৰকাৰক দাবী জনায় । দীপাৱলীৰ দলে উৎসৱৰ সময়ত অগ্নিনিৰ্বাপক বাহিনী লগতে ৰাইজ অধিক সজাগ সচেতন হোৱাটো প্ৰয়োজন বুলিও তেওঁ উল্লেখ কৰে ।

শুকুৰবাৰৰ ভয়ংকৰ অগ্নিকাণ্ডত বহু কেইখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে আৱাসগৃহ জুইত ভস্মীভূত হৈছিল । ভয়াৱহ অগ্নিকাণ্ডটোত অগ্নিদগ্ধ হৈ মৃত্যুক আঁকোৱালি লৈছিল সুশীল ৰায় নামৰ ৩৫ বছৰীয়া এজন লোকে ।

লগতে পঢ়ক :শোৱাপাটিতে জ্বলি ছাই হ’ল বিহাৰৰ সুশীল কুমাৰ ৰায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.