ETV Bharat / state

বিজেপিৰ পৰা নিলম্বনৰ পিচত মনোজ কুমাৰ মহন্তৰ প্ৰথমটো প্ৰতিক্ৰিয়া - Jorhat BJP leader suspended

author img

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 6:48 PM IST

Jorhat BJP leader suspended: শেহতীয়াকৈ বিজেপি দলৰ ভিতৰচ'ৰাত পুৰণি নেতাৰ মাজত অসন্তুষ্টি দেখা গৈছে । জ্যেষ্ঠ তথা পুৰণি নেতাই দল ত্যাগ কৰাৰ সময়তে যোৰহাটৰ এগৰাকী সমৰ্পিত নেতা তথা ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মনোজ কুমাৰ মহন্তক দলে নিলম্বন কৰে । নিলম্বনৰ পিচত তেওঁ সংবাদ মাধ্যমৰ সন্মুখত কি ক'লে ? চাও আহক ।

Jorhat BJP leader suspended
বিজেপিৰ পৰা নিলম্বনৰ পিচত মনোজ কুমাৰ মহন্তৰ প্ৰথমটো প্ৰতিক্ৰিয়া (ETV Bharat)

যোৰহাট,৪ আগষ্ট : ৩২ বছৰে বিজেপি দলৰ হৈ সেৱা কৰা ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মনোজ কুমাৰ মহন্তক দলৰ পৰা নিলম্বন কৰা হয় । সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত দলৰ ভাবমূৰ্তি ম্লান কৰি অনুশাসন বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগতে মহন্তক যোৱা ৩ আগষ্টত দলৰ পৰা নিলম্বন কৰা হয় । নিলম্বনৰ পিচতে মনোজ কুমাৰ মহন্তই সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

নিলম্বিত বিজেপি নেতাৰ প্ৰতিক্ৰিয়া :

মনোজ কুমাৰ মহন্তৰ মতে তেওঁ কেতিয়াও দল বিৰোধী কাৰ্যকলাপ বা দলৰ ভাৱমূৰ্তি ম্লান কৰিব পৰা কাম কৰা নাই । বৰঞ্চ দলৰ বিপৰ্যয়ৰ সময়ত কঠোৰ প্ৰত্যাহ্বান নেওচি তেওঁ দলৰ হৈ কাম কৰিছে । ইটিভি ভাৰতৰ সন্মুখত তেওঁ বিজেপি দলৰ সৈতে তেওঁৰ ৩২ বছৰীয়া যাত্ৰাৰ বিভিন্ন মুহূৰ্ত বৰ্ণনা কৰে । মনোজ কুমাৰ মহন্তই কয়, "মই দলৰ স্বাৰ্থত পোষ্ট কৰিছিলো । সেই পোষ্টটো দলৰ বা সংগঠনৰ বাবে প্ৰয়োজনীয় বুলি বিবেচনা কৰা ভাল আছিল । কিন্তু সেয়া নকৰি তেওঁলোকে অনুশাসনমূলক বুলি বিবেচনা কৰিছে । তাত তেওঁলোক কিছুমান শব্দত বিসংগতি দেখিব পাৰে । মোৰ ইয়াত ক'বলগীয়া একো নাই, কাৰণ তাত উচ্চ স্তৰৰ, শিক্ষিত আৰু চিন্তাশক্তিৰ ব্যক্তিসকল আছে । তেওঁলোকে আলোচনা কৰিহে এই সিদ্ধান্ত লৈছে ।"

পুৰণি কৰ্মীৰ প্ৰতি দলৰ চিন্তাধাৰা সন্দৰ্ভত তেওঁ কয়, "পুৰণি কৰ্মী বা সমৰ্পিত কাৰ্যকৰ্তাসকলে নিজে একো নিবিচাৰে । সেই সমৰ্পিত কৰ্মীসকলক দলে নিজে দায়িত্ব দিয়ে । 'সৰ্বা দা'ৰ সময়তো এই ধৰণৰ ব্যৱস্থা আছিল । কিন্তু এতিয়াও সেই ধৰণৰ বিচাৰ ধাৰণা থাকিব লাগে । সম্ভৱত একাংশ কৰ্মীক এই কাৰ্যই অসন্তুষ্ট কৰিছে । যদি এয়া অব্যাহত থাকে তেনেহ'লে দলক ক্ষতি কৰিব ।"

দলৰ প্ৰতি সমৰ্পন :

বিজেপি দলত যোগদানৰ কাহিনীও মনোজ কুমাৰ মহন্তই বৰ্ণনা কৰে । তেওঁ উল্লেখ কৰা মতে বিজেপিৰ জ্যেষ্ঠ নেতা বিজয় কৃষ্ণ দত্ত, তিলেশ্বৰ চুতীয়া আৰু প্ৰফুল্ল গোস্বামীৰ অনুৰোধত তেওঁ শিৱসাগৰত বিজেপি দলত যোগদান কৰিছিল । কিন্তু বিজেপিত যোগদানৰ পিচত তেওঁ বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ কথাও উল্লেখ কৰে । দলৰ সংগঠন আগবঢ়োৱাৰ সময়ত আলফা(স্বাঃ)ৰ ভাবুকিৰ সন্মুখীন হোৱাৰ কথাও তেওঁ দাবী কৰে ।

অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বৰ কথা উল্লেখ কৰি তেওঁ কয়, "বাজপেয়ীৰ নেতৃত্বৰ প্ৰতি আমি আকৰ্ষিত হৈছিলো, আমি পাগল হৈছিলো । তেওঁৰ ব্যক্তিত্ব, নেতৃত্ব আৰু কৃতিত্বক দলৰ সম্বল হিচাপে লৈ সংগঠন বঢ়াইছিলো । এতিয়া চোৰ, ডকাইত সকলোকে দলৰ ওচৰ চপাই লয় । আমি সেয়া কৰা নাছিলো । প্ৰভাৱশালী ব্যক্তিসকলক দলত আহিবলৈ প্ৰভাৱিত কৰিছিলো । সেই সময়ত দলৰ বাবে কাম কৰিবলৈ গৈ এখন পুৰী দুজনে ভাগ কৰি খাইছিলো, এটা শিঙৰা ১০ জনে ভাগ কৰি খাইছিলো । কিন্তু আজি দলৰ সকলো ফালে জয় জয় ময় ময় অৱস্থাৰ দিনত আমি কেতিয়াও ভবা নাছিলো যে দলৰ পৰা কিবা বিচাৰিব লাগিব । তেওঁলোকে আমাক কোনো ধৰণৰ আশীৰ্বাদ নকৰিলে । নৱাগত একাংশই আজি চৰকাৰ চলাই আছে যিসকলে এসময়ত আমাৰ দলৰ কাৰ্যালয় ভাঙিছিল, দলৰ ওপৰত অত্যাচাৰ কৰিছিল । তাৰ পিচত আমাৰ ক'বলগা বিশেষ নাথাকে ।"

লগতে পঢ়ক :বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভালৈ নাহিল সৰ্বানন্দ সোণোৱাল - STATE BJPS EXTENDED EXECUTIVE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.