ETV Bharat / state

প্ৰায় ১০ ঘন্টা দ পুখুৰীত পৰি আৰ্তনাদ ৬ টা বন্যহস্তীৰ; পুৱাহে উদ্ধাৰ - WILD ELEPHANT MENACE

দ পুখুৰীত পৰি নিশাৰে পৰা পোৱালিসহ ৬ টা বন্যহস্তীৰ আৰ্তনাদ । পুৱা বুলড’জাৰৰ সহায়ত বনবিভাগে উদ্ধাৰ কৰিলে হাতী কেইটাক ৷

Jorhat forest department rescued six elephants trapped with their calves for about 10 hours
প্ৰায় ১০ ঘন্টা ধৰি পোৱালিসহ আৱদ্ধ ৬টা হাতীৰ মৰণকাতৰ আৰ্তনাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 21, 2024, 12:22 PM IST

যোৰহাট: ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া বন্যহস্তীৰ মুক্ত বিচৰণৰ দৃশ্য সুলভ হৈ পৰিছে ৷ ব্যতিক্ৰম নহয় যোৰহাট জিলাও ৷ জিলাখনৰ মৰিয়নীৰ লগতে আন কেবাটাও প্ৰান্তত দেখা গৈছে বন্যহস্তীৰ বিচৰণ ৷ কৃষকৰ পথাৰৰ পকা ধান খাবলৈ বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে জাকে জাকে হাতী ৷ তাৰ মাজতে মৰিয়নীৰ দিহিঙীয়া গাঁৱত সংঘটিত হ’ল এটা অঘটন ৷ বিচৰণৰ কৰি থাকোঁতেই এটা দ পুখুৰীত সোমাল পোৱালীসহ ছটাকৈ বন্যহস্তী ৷

জানিব পৰা মতে, যোৰহাটৰ হোলোঙাপাৰা গিবন অভায়ৰণ্যৰ পৰা খাদ্য সন্ধানত জনাঞ্চললৈ ওলাই আহিছিল ৪০/৫০ টা হাতীৰ এটা বৃহৎ জাক ৷ এই হাতীৰ জাকটোৱে বুধবাৰে নিশা মৰিয়নী দিহিঙীয়া গাঁৱত প্ৰৱেশ কৰিছিল । কিন্তু দুৰ্ভাগ্যৱশতঃ ইয়াৰে পোৱালিসহ ৬ টা হাতী নিশাৰ ভাগত ইটা ভাটা নিৰ্মাণৰ বাবে খান্দি থোৱা এটা দ পুখুৰীত পৰি যায় ৷ ফলত নিশাৰে পৰা আজি পুৱালকৈ (বৃহস্পতিবাৰ) পোৱালিসহ ৬ টা হাতীয়ে পানী আৰু বোকাৰে পৰিপূৰ্ণ দ পুখুৰীত পৰি আৰ্তনাদ কৰি থাকিবলগীয়া হয় ।

প্ৰায় ১০ ঘন্টা ধৰি পোৱালিসহ আৱদ্ধ ৬টা হাতীৰ মৰণকাতৰ আৰ্তনাদ (ETV Bharat Assam)
লগতে পঢ়ক : বন্যহস্তীৰ দেহত ৰেডিঅ' ক'লাৰ স্থাপন, জানিব পৰা যাব হাতীৰ জাকৰ গতিবিধি

পুৱাৰ ভাগত অশেষ চেষ্টাৰ অন্তত আজি পুৱা দুটা হাতীয়ে পুখুৰীৰ পৰা উঠি আহিবলৈ সক্ষম হয় যদিও অন্য চাৰিটা হাতী পুখুৰীতে আবদ্ধ হৈ থাকে । অৱশেষত এখন বুলড’জাৰৰ সহায়ত বন বিভাগে পুখুৰীটোত আবদ্ধ হাতী কেইটাক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

‌ইফালে মৰিয়নী আঞ্চলিক বন বিভাগৰ এজন বিষয়াই জানিবলৈ দিয়া মতে, বুধবাৰে নিশা ভাগৰ পৰাৰ পুখুৰীত আবদ্ধ হাতীকেইটাক বৃহস্পতিবাৰে উদ্ধাৰ কৰা হয় ৷ উদ্ধাৰ কৰা হাতীকেইটাই কোনো ধৰণৰ গুৰুতৰ আঘাত পোৱা নাই । লগতে তেওঁ কয় যে একাংশ লোকে পুখুৰীত আবদ্ধ হাতী কেইটাক জোকাই হাৰাশাস্তি কৰিছিল ৷ যাৰ ফলত বন্যহস্তীৰ জাকটো অধিক উত্তেজিত হৈ পৰিছিল ।

লগতে পঢ়ক : ভাগৰি-জুগৰি শুই পৰিল বনৰজা

লগতে পঢ়ক : বন্যহস্তীয়ে এতিয়া আৰু আগৰ দৰে মানুহক ভয় নকৰা হৈছে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.