ETV Bharat / state

বন্ধুত্ব দিৱসত বন্ধুক ব্লেকমেইলিং ! জোনাইত পত্নীক ব্যৱহাৰ কৰি ব্লেকমেইলিঙৰ অভিযোগ - Blackmailing allegation by friend

author img

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 4:58 PM IST

Kidnapping allegation in Jonai : বন্ধুপত্নীৰ জালত পৰি বন্ধুৰ ব্লেকমেইলিঙৰ অভিযোগ উত্থাপিত হৈছে জোনাইত ৷ মাত্ৰ এমাহ পূৰ্বে গঢ় লৈ উঠিছিল দুজন লোকৰ ৷ ভুক্তভোগীৰ সৈতে বন্ধুপত্নী গ’ল অৰুণাচললৈ ৷ তাৰ পিচতে ধনদাবী আৰু গোচৰ...

Kidnapping allegation in Jonai
জোনাইত বন্ধুক ব্লেকমেইলিঙৰ অভিযোগ (ETV Bharat Assam)

জোনাই, ৪ আগষ্ট : জোনাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ প্ৰেমৰ অভিনয়েৰে এগৰাকী লোকক ব্লেকমেইলিঙৰ অভিযোগ উত্থাপিত হৈছে এটা দম্পতীৰ বিৰুদ্ধে ৷ উত্থাপিত হৈছে ধন ঘটাৰ উপায় হিচাপে এগৰাকী বিবাহিতা মহিলাই ভিন্নজনৰ লগত প্ৰেমৰ অভিনয় কৰাৰ ৷

দম্পতীৰ বিৰুদ্ধে অভিযোগ কি ?

ভুক্তভোগী লোকজনৰ আত্মীয়ৰ অভিযোগ অনুসৰি জোনাইৰ লংকেশ্বৰ কাৰ্দং নামৰ লোকজনৰ সৈতে প্ৰায় এমাহৰ পূৰ্বে বন্ধুত্ব হয় ভুক্তভোগী লোকজনৰ ৷ ইয়াৰ পিচৰে পৰা প্ৰায়েই যোগাযোগত থাকে দুয়ো বন্ধু ৷ সেই অনুসৰি লংকেশ্বৰ কাৰ্দঙৰ পত্নী অঞ্জলি নৰহ কাৰ্দঙৰ সৈতেও বন্ধুত্বসুলভ সম্পৰ্কত থাকে ভুক্তভোগী লোকজন ৷ দিন হাজিৰা কৰা ভুক্তভোগীগৰাকী অৰুণাচল প্ৰদেশলৈ কামৰ বাবে যোৱাৰ সময়তে তেওঁৰ লগত বন্ধুপত্নীও লগতে যাবলৈ ওলাল ৷ প্ৰথম পৰ্যায়ত ফুৰিবলৈ যোৱা বুলিয়েই বন্ধুপত্নীয়ে উল্লেখ কৰা বুলি ভুক্তভোগীৰ আত্মীয়ই জানিবলৈ দিছে ৷ কিন্তু পিচত জানিব পৰা মতে জোৰদৱৰদস্তিহে বন্ধুপত্নী দিন হাজিৰা কৰা লোকজনৰ সৈতে মেচুকালৈকে যায় ভুক্তভোগীৰ সৈতে ৷

অৰুণাচললৈ যোৱাৰ পিচত কি হ’ল ?

বিবাহিতা বন্ধুপত্নী ভিনিহিয়েকৰ সৈতে অৰুণাচললৈ যোৱাৰ খবৰ পালে খুলশালিয়েকে ৷ বিষটো ভাল নেদেখি দুয়োকে ঘৰলৈ লৈ আনিবলৈ গ’ল খুলশালিয়েক ৷ সেই অনুসৰিয়েই শনিবাৰে নিশা দুয়োকে লৈ আনিল জোনাইলৈ ৷ জোনাইলৈ আনি দুয়োকে আত্মীয়ৰ ঘৰত ৰখা হয় ৷

পত্নীক বিচাৰি বন্ধুক ব্লেকমেইলিঙৰ অভিযোগ :

দিন হাজিৰা কৰা লোকজনক লংকেশ্বৰ কাৰ্দঙে ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ দাবী কৰা ৭০ হাজাৰ দিব নোৱৰাত ভুক্তভোগীগৰাকীৰ বিৰুদ্ধে বন্ধু লংকেশ্বৰ কাৰ্দঙে পত্নীক অপহৰণ আৰু ধৰ্ষণৰ অভিযোগ উত্থাপন কৰে ৷ ইয়াৰ পিচতে বিষয়টো জোনাই আৰক্ষী থানা পাইগৈ ৷ ইতিমধ্যে ধেমাজি আৰক্ষীয়ে জোনাই আৰক্ষীৰ পৰা ভুক্তভোগী লোকজনক জিম্মাত সোধ-পোছৰ বাবে লৈ যায় ৷

লগতে পঢ়ক : সন্তান শিক্ষানুষ্ঠানলৈ যোৱাৰ পিচতে হোৱাটছএপ যোগে আপোনালৈ আহিব পাৰে ভয়ংকৰ ফোনকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.