ETV Bharat / state

অসমত অসমীয়া জাতীয় সংগঠনৰ অভাৱ হৈছে নেকি ? বীৰ লাচিত সেনাৰ প্ৰশ্ন - Veer Lachit Sena

author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 4:03 PM IST

Veer Lachit Sena meeting in Morigaon : বীৰ লাচিত সেনা অসমৰ মৰিগাঁও জিলা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠকত কেন্দ্ৰীয় সমিতিৰ যুটীয়া সচিব প্ৰাণজিৎ গগৈয়ে উজাৰিলে ক্ষোভ । চৰকাৰে অসমীয়াৰ অস্তিত্ব নোহোৱা কৰিব বিচাৰিছে বুলি মন্তব্য় বীৰ লাচিত সেনাৰ যুটীয়া সচিবৰ ।

Veer Lachit Sena in Meeting Morigaon
বীৰ লাচিত সেনা অসম (ETV Bharat Assam)

মৰিগাঁও, ২০ আগষ্ট: অহা ২৩,২৪ আৰু ২৫ আগষ্টত অনুষ্ঠিত হ'ব বীৰ লাচিত সেনা অসমৰ সৈনিক সভা । মঙলবাৰে মৰিগাঁও আৱৰ্ত ভৱনত বীৰ লাচিত সেনাৰ মৰিগাঁও জিলা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠকত কেন্দ্ৰীয় সমিতিৰ যুটীয়া সচিব প্ৰাণজিৎ গগৈ আৰু বিত্ত সচিব তন্ময় চেতিয়াই অংশগ্ৰহণ কৰে । গোলাঘাটত অনুষ্ঠিত হ'বলগীয়া সংগঠনটোৰ সৈনিক সভাৰ বিষয়ে মৰিগাঁও জিলা সমিতিৰ সৈতে বৈঠকত মিলিত হয় কেন্দ্ৰীয় সমিতিৰ দুয়োগৰাকী নেতা ।

বীৰ লাচিত সেনা অসম (ETV Bharat Assam)

ইয়াৰ পূৰ্বে মৰিগাঁও জিলাৰ পৰ্যবেক্ষকৰ ৰূপত মঙলবাৰে মৰিগাঁও আৰ্ৱত্ত ভৱনত জিলাখনৰ বিভিন্ন সমস্যাৰ বুজ লৈ শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বীৰ লাচিত সেনাৰ যুটীয়া সচিব প্ৰাণজিৎ গগৈয়ে । শিৱসাগৰত অনা অসমীয়াই খিলঞ্জীয়াৰ ওপৰত সংঘটিত কৰা ঘটনা সন্দৰ্ভত বীৰ লাচিত সেনাৰ মুখ্য সচিব শৃংখল চলিহাৰ নেতৃত্বত সংগঠনটোৰ সৈনিকসকল জাঙুৰ খাই উঠাৰ লগতে দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু হোৱা সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় সমিতিৰ যুটীয়া সচিব প্ৰাণজিৎ গগৈয়ে ।

কেন্দ্ৰীয় সমিতিৰ যুটীয়া সচিব প্ৰাণজিৎ গগৈয়ে কয়," অতি দুখজনক কথা যে এইখন অসম চৰকাৰে অসমীয়াৰ অস্তিত্ব নোহোৱা কৰিব বিচাৰিছে । এইখন অসমত অসমীয়া জাতীয় সংগঠনৰ অভাৱ হৈছে নেকি ? কিয় লাগে বেংগলী,গুজৰাটী সংগঠন । শিৱসাগৰত হোৱা ঘটনাৰ সন্দৰ্ভত চৰকাৰ নিমাত কিয় ? "

শৃংখল চলিহা অকলে নহয় :

মঙলবাৰে মৰিগাঁও জিলা সমিতিৰ বিষয়ববীয়াৰ সৈতে মত বিনিময় কৰি গগৈয়ে কয়," শৃংখল চলিহা অকলে নহয় । চৰকাৰক প্ৰত্যাহ্বান জনাই কৈছো শৃংখল চলিহাৰ সৈতে হাজাৰ হাজাৰ মানুহ আছে । বীৰ লাচিত সেনা অসমৰ প্ৰতিজন সৈনিক আগবাঢ়ি আহি জেললৈ যোৱাৰ বাবে সাজু আছে ।"

লগতে পঢ়ক:শৃংখল চলিহাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ গৌৰৱ সোমানীৰ: দেহৰক্ষী প্ৰদান সোমানীক - FIR against Shrinkhal Chaliha

শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিলে উদ্ভৱ হ'ব বিষম পৰিস্থিতিৰ : আলফাৰ হুমকি - FIR against Shrinkhal Chaliha

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.