ETV Bharat / state

ডিব্ৰুগড় থানাত উপস্থিত হৈ জিংকি মিলিয়ে ক’লে- মই অনলাইন ট্ৰেডিঙত জড়িত নহয় - Online trading scam - ONLINE TRADING SCAM

Sumi Borah trading controversy: অন্তৱৰ্তীকালীন জামিন লাভৰ পাছতে ডিব্ৰুগড় সদৰ থানাত উপস্থিত হ'ল চুমী বৰাৰ বৌৱেক জিংকি মিলি ৷ অনলাইন ট্ৰেডিঙৰ সৈতে জড়িত নহয় বুলি দাবী জিংকিৰ ৷ সেয়ে নিজক বচাই ৰাখিবলৈ চেষ্টা কৰা বুলি ক’লে তেওঁ ৷

Sumi Borah trading controversy
ডিব্ৰুগড় সদৰ থানাত জিংকি মিলি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Sep 20, 2024, 8:26 PM IST

ডিব্ৰুগড়, 20 ছেপ্টেম্বৰ: অনলাইন ট্ৰেডিঙৰ নামত চলা শ শ কোটি টকাৰ কেলেংকাৰীয়ে জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ৷ ইতিমধ্যে অসম আৰক্ষীয়ে ৰাজ্যৰ ভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ কৰিছে বহুকেইগৰাকী এনে প্ৰৱঞ্চনাৰ অভিযুক্তক ৷ ডিব্ৰুগড়ত আৰক্ষীৰ জালত পৰে 22 বছৰীয়া যুৱক বিশাল ফুকন ৷ বিশালৰ গ্ৰেপ্তাৰৰ পিছতেই এই প্ৰৱঞ্চনাৰ সৈতে নাম সাঙোৰ খাই পৰে অসমৰ এগৰাকী কৰিঅ’গ্ৰাফাৰ চুমী বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক বৰা ৷ কেৱল চুমী-তাৰ্কিকেই নহয়, চুমীৰ ককায়েক ৰাজীৱ বৰা আৰু বৌয়েক জিংকি মিলিৰ নামো এই ঘটনাত সাঙোৰ খায় ৷

প্ৰায় 10 দিন ধৰি পলাতক হৈ থকাৰ পাছত চুমী-তাৰ্কিকে ডিব্ৰুগড়ত আত্মসমৰ্পণ কৰে ৷ কিন্তু তেতিয়াও পলাতক হৈ আছিল ৰাজীৱ-জিংকি ৷ 17 ছেপ্টেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে জিংকি মিলিৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে ৷ তাৰ পিছতেই শুকুৰবাৰে ডিব্ৰুগড়ত উপস্থিত হয় জিংকি মিলি ৷ আৰক্ষীয়ে জিংকি মিলিৰ ভাষ্য গ্ৰহণ কৰাৰ পাছত তেওঁক সদৰ থানাৰ পৰা যাবলৈ দিয়ে ।

ডিব্ৰুগড় সদৰ থানাত জিংকি মিলি (ETV Bharat)

ইফালে বিশাল ফুকনক আদালতে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল যদিও আজি পুনৰ 4 দিনৰ বাবে নিজৰ জিম্মাত লয় ডিব্ৰুগড় আৰক্ষীয়ে । অৱশ্যে এতিয়াও কাৰাগাৰতে আছে চুমী আৰু তাৰ্কিকৰ লগতে তাৰ্কিকৰ ভাতৃ অম্লান বৰা ৷

অভিযোগ অনুসৰি বিশাল ফুকনৰ সৈতে লগ হৈ ৰাজীৱ বৰা আৰু জিংকি মিলিয়ে পাৰ্চেলিয়া নামৰ এটা ঔষধ কোম্পানী আৰম্ভ কৰিছিল । কিন্তু বিশালৰ প্ৰৱঞ্চনাৰ কাৰ্য পোহৰলৈ অহাৰ পিছতেই ৰাজীৱ আৰু জিংকিয়ে আত্মগোপন কৰে ৷

সাংবাদিকৰ আগত কি ক'লে জিংকি মিলিয়ে ?

জিংকি মিলিয়ে সদৰ থানাৰ পৰা ওলাই সংবাদ মাধ্যমক কয়, ‘‘উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি মই মোৰ ভাষ্য প্ৰদান কৰিলো । যি সহযোগিতা কৰিব লাগে মই কৰিলো । মই অনলাইন ট্ৰেডিঙৰ সৈতে জড়িত নহয় । সেয়ে মই নিজক বচাই ৰাখিবলৈ চেষ্টা কৰিছিলো ।’’

লগতে পঢ়ক: চুমী-তাৰ্কিক জেলত, বিশালক পুনৰ জিম্মাত ল’লে আৰক্ষীয়ে - Online trading scam

চুমী বৰাৰ বৌৱেকৰ জামিন; নথি লুকুৱাই বৰ্খাস্ত হ’ল অসম চৰকাৰৰ অতিৰিক্ত লোক অধিবক্তা - Online Trading Scam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.