ETV Bharat / state

আঢ়ৈখন আসনৰ প্ৰসংগত কি ক'লে মন্ত্রী জয়ন্ত মল্লবৰুৱাই

author img

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 6:38 PM IST

Minister Jayant Malla Baruah : কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ । কংগ্ৰেছে দিল্লীত গান্ধী পৰিয়ালৰ কোম্পানী এটা চলোৱাটোৱেই উদ্দেশ্য় বুলি কৰে মন্ত্রী গৰাকীয়ে । মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদৰ ১৯৩৫ চনৰ আইনখন খাৰিজ কৰাক লৈও কৰিলে মন্তব্য় ।

Minister Jayant Malla Baruah
মন্ত্রী জয়ন্ত মল্লবৰুৱা
মন্ত্রী জয়ন্ত মল্লবৰুৱা

গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক মহলত আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি । শাসক আৰু বিৰোধীৰ মাজত চলিছে আক্ৰমণ-প্ৰত্যাক্ৰমণৰ যুঁজ । সততে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লোৱা মন্ত্রী জয়ন্ত মল্লবৰুৱাই মঙলবাৰে পুনৰ কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰে । বাজপেয়ী ভৱনত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে কংগ্ৰেছৰ ৰাইজৰ লগত কথা নাই । দিল্লীত গান্ধী পৰিয়ালৰ কোম্পানী এটা চলিব লাগে আৰু অসমত তৰুণ গগৈ নাইবা গৌৰৱ গগৈৰ পৰিয়ালৰ কোম্পানী এটা চলিব লাগে । মন্ত্রী জয়ন্ত মল্লবৰুৱাই লগতে কয় যে কংগ্ৰেছ দলত ধুমুহা আহিছে বাবেই সকলো ভাঙি-চিঙি নোহোৱা হৈছে ।

আনহাতে, ৰাজ্যিক কেবিনেটে মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদৰ ১৯৩৫ চনৰ আইনখন খাৰিজ কৰাক লৈ বিভিন্ন পক্ষই চৰকাৰক কৰা সমালোচনাৰ তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । তেওঁ কয় যে বদৰুদ্দিন আজমল, আছাদুদ্দিন ওৱেচিৰ দৰে ব্যক্তিয়ে ব্যৱস্থাটোৱেই তেনেদৰে কৰি ৰাখিছে । তেওঁলোকে সমগ্ৰ মুছলমান সমাজখনক অশিক্ষিত কৰি ৰাখিব বিচাৰে । মুছলমান নাৰী সকলক পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিব বিচাৰে । সেইটোৱেই তেওঁলোকৰ উদ্দেশ্য আৰু তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া অহাটো স্বাভাৱিক । কিন্তু আছাদুদ্দিন ওৱেচিয়ে বিষয়টো সন্দৰ্ভত ভুল ব্যাখ্যা আগবঢ়াইছে বুলি সদৰি কৰি তেওঁ কয় যে আছাদুদ্দিন ওৱেচিয়ে কোৱাৰ দৰে মুছলমানৰ নিকাহ বন্ধ কৰা নাই । বাল্য বিবাহৰ ব্যৱস্থা ১৯৩৫ চনৰ আইনখন বাতিল কৰা হৈছে । মহিলাৰ উন্নয়ন নিবিচৰা সকলে এই আইনখনৰ বিৰোধিতা কৰিবই বুলি তেওঁ কয় ।

আনহাতে, লোকসভা নিৰ্বাচনৰ প্ৰসংগত তেওঁ কয় যে বিজেপিয়ে চাৰে এঘাৰখন আসন পায়ে আছে আৰু চেষ্টা হ'ব ১৪ খন আসনৰ । বাকী আঢ়ৈখন আসনৰ বাবে যথেষ্ট কষ্ট আছে বুলি সদৰি কৰি তেওঁ সেই আঢ়ৈখন আসনৰ প্ৰসংগত কয় যে য'ত খিলঞ্জীয়া ভূমিপুত্রই জয়লাভ কৰাত অসুবিধা আছে ।

লগতে পঢ়ক:ভূপেন বৰাই ক’লে ধুমুহা আহি আছে, ক’লৈ আহিছে ক’লে পীযুষ হাজৰীকাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.