ETV Bharat / state

সংক্ৰমণৰ হাৰ বাঢ়িছে জাপানীজ এনকেফেলাইটিছৰ; ব্যৱস্থা গ্ৰহণত ব্যৰ্থ স্বাস্থ্য বিভাগ - JAPANESE ENCEPHALITIS OUTBREAK

author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 1:57 PM IST

Japanese Encephalitis in Dibrugarh: জাপানীজ এনকেফেলাইটিছৰ প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগ ব্যৰ্থ বুলি দাবী ভুক্তভোগীৰ ৷ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগী থকা অঞ্চলত স্বাস্থ্য বিভাগে প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় লোকৰ ৷

Japanese Encephalitis
জাপানীজ এনকেফেলাইটিছ (Representative image)

মৰাণ, 19 জুলাই: বানৰ পাছতে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰাদুৰ্ভাৱ ঘটিছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ ৷ ক্ৰমাৎ ৰাজ্যত জটিল ৰূপ ধাৰণ কৰিছে এই জাপানীজ এনকেফেলাইটিছ ৰোগে । অৱশ্যে ইমানৰ পাচতো ৰাজ্যৰ স্বাস্থ্য বিভাগটোৱে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে ভুক্তভোগী লোকে ৷

সংক্ৰমণৰ হাৰ বাঢ়িছে জাপানীজ এনকেফেলাইটিছৰ (ETV Bharat Assam)

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে চিনাক্ত হৈছে জাপানীজ এনকেফেলাইটিছ ৰোগী । কিন্তু জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণত ব্যৰ্থ প্ৰতিপন্ন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগ ।

ভুক্তভোগীয়ে জানিবলৈ দিয়া মতে, মৰাণৰ 1 নং তিলৈজান গাঁৱত গণিতা হাজৰিকা (68) নামৰ এগৰাকী মহিলা জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ বৰ্তমান ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ৷ যোৱা 12 জুলাইৰ দিনা প্ৰথমে ডায়েৰীয়াত আক্ৰান্ত হোৱা মহিলাগৰাকীক পোনপ্ৰথমে মৰাণ-তিলৈ সামূহিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল যদিও পিছত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় ৷

খোৱাং ব্ল'ক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত 1 নং তিলৈজান গাঁৱৰ মহিলাগৰাকী জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ পাছতো কিন্তু অঞ্চলটোত ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে বিশেষ কোনো তৎপৰতা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়াল তথা স্থানীয় লোকে । পৰিয়ালটোৰ এগৰাকী সদস্য জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ পাচতো সংশ্লিষ্ট স্বাস্থ্য বিভাগে আঁঠুৱা ঔষধিকৰণৰ বাদে কোনো প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ তুলিছে ৷ ইয়ে অঞ্চলটোৰ অধিক লোকৰ ৰোগটোত আক্ৰান্ত কৰিব বুলি আশংকা ব্যক্ত কৰিছে স্থানীয় সচেতন ৰাইজে ।

গাঁওখনত ৰোগ প্ৰতিৰোধৰ বাবে ফগিং কৰাৰ লগতে তেজৰ নমুনা পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিবলৈ ৰাইজে স্বাস্থ্য বিভাগক আহ্বান জনাইছে ৷

লগতে পঢ়ক: বানৰ সমান্তৰালকৈ অসমত এনকেফেলাইটিছৰ সংহাৰ : ২৪ খন জিলাত ১৮৭ জন আক্রান্ত - Japanese Encephalitis

কালৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে; জি এম চি এইচত চলিত বৰ্ষত ৬ জন ৰোগীৰ মৃত্যু - Japanese Encephalitis

মৰাণত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত বৃদ্ধা - Japanese Encephalitis

জে এম চি এইছত 11 বছৰীয়া শিশুৰ মৃত্যু তদন্তৰ প্ৰতিবেদন দাখিল; অসন্তুষ্ট পৰিয়াল - Child death in JMCH

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.