ETV Bharat / state

বিজেপিক চাৰিমুখীয়া নীতিৰ চৰকাৰ বুলি কিয় ক'লে বিধায়ক ড৹ ৰফিকুল ইছলামে ? - Miya Muslims controversy

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2024, 2:17 PM IST

Miya Muslims controversy: মিঞা বিতৰ্কৰ সূচনা কৰা শিৱসাগৰৰ বিজেপি সভাপতি ময়ূৰ বৰগোঁহাইক গ্ৰেপ্তাৰৰ দাবী জনীয়াৰ বিধায়ক ড৹ ৰফিকুল ইছলামৰ । সাম্প্ৰদায়িক বক্তব্যৰে পৰিস্থিতি বেয়া কৰিবলৈ চেষ্টা কৰা একাংশ বিজেপি, বজৰং দলৰ নেতাক গ্ৰেপ্তাৰ কৰি সাহস দেখুৱাবলৈ অসম আৰক্ষীক প্ৰত্যাহ্বান বিধায়কগৰাকীৰ ।

Miya Muslims controversy
বিজেপিক চাৰিমুখীয়া নীতিৰ চৰকাৰ বুলি কিয় ক'লে বিধায়ক ড৹ ৰফিকুল ইছলামে ? (ETV Bharat)

জনীয়া, ২ ছেপ্টেম্বৰ : মিঞা মুছলিম বিতৰ্ক সন্দৰ্ভত পুনৰ সৰৱ হৈ উঠিল এআইইউডিএফৰ নেতা তথা জনীয়াৰ বিধায়ক ড৹ ৰফিকুল ইছলাম । এই প্ৰসংগত চৰকাৰক তীব্ৰ সমালোচনা কৰি বিধায়কগৰাকীয়ে কেতবোৰ মন্তব্য কৰে ৷

তেওঁ কয়, "এইখন চৰকাৰ দুমুখীয়া নহয় চাৰিমুখীয়া নীতিৰ চৰকাৰ । ময়ূৰ বৰগোঁহাই শিৱসাগৰ জিলাৰ বিজেপিৰ সভাপতি । তেওঁ মিঞাৰ বিৰুদ্ধে উচটাইছে আৰু বৰপেটা আৰু গোৱালপাৰাৰ শ্ৰমিকৰ ১৫ লাখ টকা আত্মসাৎ কৰি শ্ৰমিকক মাৰপিট কৰি খেদিছে । ভুক্তভোগীয়ে সময়মতে এজাহৰ দাখিল কৰিবলৈ যায় যদিও আৰক্ষীয়ে এজাহাৰ গ্ৰহণ কৰা নাছিল । বিষয়টো আমি বিধানসভাত উত্থাপন কৰাৰ পিচত আৰক্ষীয়ে এজাহাৰ লয় । অতি লক্ষণীয় বিষয় যে এজাহাৰ দাখিল কৰাৰ পিচতো ময়ূৰ বৰগোঁহাইক গ্ৰেপ্তাৰ কৰা হোৱা নাই । যিজন মানুহে আইন হাতত তুলি নিৰীহ লোকৰ ওপৰত জঁপিয়াই পৰিছিল তেওঁক এতিয়ালৈ কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই ।"

  • মিঞা গীত বিতৰ্ক

বিজেপিৰ সভাপতি হোৱাৰ বাবেই গ্ৰেপ্তাৰ হোৱা নাই নেকি বুলি জনীয়াৰ বিধায়কগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে । সেয়ে তেওঁক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ বিধায়কগৰাকীয়ে আহ্বান জনায় । লগতে দৰিদ্ৰ লোকসকলক ধনখিনি দিবলৈও তেওঁ জনায় । ইফালে মিঞা গীত বিতৰ্ক সন্দৰ্ভতো জনীয়াৰ বিধায়কগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

বিতৰ্কিত গীতটোত কণ্ঠদান কৰি আটক হোৱা গায়ক আলতাফ হুছেইন সন্দৰ্ভত তেওঁ কয়, "গান গাইছে মাজত মাত্ৰ এটা দুটা শব্দ নক'লে ভাল আছিল ক'ব নালাগিছিল । মাত্ৰ দুটা দুটা বাক্য ভুল হোৱা বুলি গায়কজনে ক্ষমা খুজিছে । কিন্তু তাৰ পিচতো তেওঁক আৰক্ষীয়ে আটক কৰিছে ।"

  • অসম আৰক্ষীক প্ৰত্যাহ্বান

ইয়াৰ বিপৰীতে সত্যৰঞ্জন বৰা, শিলাদিত্য দেৱ, বজৰং দলকে ধৰি আদি বিজেপিৰ বহুজনে প্ৰতিদিনে বিষাক্ত বক্তব্য দি আছে কিন্তু সেই সকলক গ্ৰেপ্তাৰ কৰি অসম আৰক্ষীয়ে সাহস দেখুৱাব পৰা নাই বুলিও বিধায়কগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰে । বিধায়কগৰাকীয়ে কয়, "সাহস আছে যদি সেইসকলক গ্ৰেপ্তাৰ কৰক যিসকলে বিষাক্ত বক্তব্য দি আছে । মুছলমানৰ বিৰুদ্ধে, মিঞাৰ বিৰুদ্ধে এটা জনগোষ্ঠীক লক্ষ্য কৰি সাম্প্ৰদায়িক বক্তব্য দি পৰিস্থিতি বেয়া কৰাৰ চেষ্টা কৰি আছে সেইসকলক গ্ৰেপ্তাৰ কৰাৰ সাহস দেখুৱাওক ।"

লগতে পঢ়ক :অসমত এইবাৰ গৰিয়া লোকপিয়ল: লখিমপুৰৰ পৰা আৰম্ভ অভিযান - Census of Garia population

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.