ETV Bharat / state

বাংলাদেশী নাগৰিকক অসমত চিকিৎসা প্ৰদান নকৰিবলৈ আহ্বান বিশেষ সংগঠনৰ - BANGLADESHI BOYCOTT DEMAND

বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত নিৰ্যাতন অব্যাহত থকাত ইয়াৰ বিৰুদ্ধে সৰৱ হৈছে শিলচৰৰ জয় ৰাধে সেৱা সমিতি নামৰ সন্থাটো ।

Jai Radhe Seva Samiti Press Meet
বাংলাদেশীক বৰ্জন কৰাৰ দাবী জয় ৰাধে সেৱা সমিতিৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 8, 2024, 6:51 PM IST

শিলচৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ পাছত এইবাৰ চিকিৎসাৰ ক্ষেত্ৰত বাংলাদেশী নাগৰিকক বৰ্জন কৰাৰ দাবী উত্থাপিত হৈছে ৷ ইয়াৰ বাবে শিলচৰসহ ৰাজ্যৰ সকলো বেচৰকাৰী হাস্পতালৰ চিকিৎসক সমাজক পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাইছে শিলচৰৰ এটা সেচ্ছাসেৱী সন্থাই ৷ বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত নিৰ্যাতন অব্যাহত থকাত ইয়াৰ বিৰুদ্ধে সৰৱ হৈছে শিলচৰৰ জয় ৰাধে সেৱা সমিতি নামৰ সন্থাটো ।

জয় ৰাধে সেৱা সমিতিয়ে এক সংবাদমেলত ৰাজ্যৰ ব্যক্তিগত হাস্পতাল কৰ্তৃপক্ষক বাংলাদেশী নাগৰিকক বৰ্জন কৰাৰ আহ্বান জনাইছে ৷ সন্থাটোৰ কৰ্মকৰ্তা সকলে কয়, "বাংলাদেশত যেনেদৰে সংখ্যালঘু নিৰ্যাতন অব্যাহত আছে, এয়া অমানৱীয় ৷ দেশখনত সংখ্যালঘু নিৰ্যাতন চৰম পৰ্যায়ত উপনীত হৈছে ৷ লগতে দেশখনৰ তথাকথিত বুদ্ধিজীৱী, আন্দোলনকাৰী, ছাত্ৰসমাজৰ ভাৰত বিৰোধী চিন্তা-চৰ্চা ক্ৰমাত বৃদ্ধি পাইছে ৷ "

বাংলাদেশীক বৰ্জন কৰাৰ দাবী জয় ৰাধে সেৱা সমিতিৰ (ETV Bharat Assam)

তেওঁলোকে পুনৰ কয়, "অন্তৱৰ্তীকালীন চৰকাৰেও কূটনৈতিকভাৱে ভাৰত বিৰোধী অৱস্থান গ্ৰহণ কৰিছে ৷ আনকি দেশখনৰ বিভিন্ন ঠাইত ৰাজপথত ভাৰতৰ জাতীয় পতাকাক অপমান কৰা কাৰ্য অব্যাহত আছে ৷ এই অৱস্থাত আগৰতলা, শ্ৰীভূমি আৰু শিলচৰত হোটেল, ৰেষ্টুৰেণ্টত বাংলাদেশী নাগৰিকক বৰ্জন কৰা হৈছে তেনেদৰে চিকিৎসাৰ ক্ষেত্ৰতো বাংলাদেশীক বৰ্জন কৰিব লাগে ৷"

ভাৰতলৈ চিকিৎসাৰ বাবে বাংলাদেশী লোক অহা প্ৰসংগত তেওঁলোকে পুনৰ সৰৱ হৈ কয়, "চিকিৎসাৰ বাবে অসমলৈ প্ৰতি মাহে কেইবা হাজাৰো বাংলাদেশী লোক আহে ৷ আনকি শিলচৰলৈ প্ৰতি মাহে ৫ৰ পৰা ১০ হাজাৰ বাংলাদেশী নাগৰিক চিকিৎসাৰ বাবে আহে ৷ ফলত শিলচৰসহ ৰাজ্যৰ প্ৰতিখন ঠাইত বাংলাদেশীক চিকিৎসা প্ৰদান বৰ্জন কৰাৰ প্ৰয়োজন ৷ " ৰাজ্যৰ বেচৰকাৰী হাস্পতাল কৰ্তৃপক্ষই এই ক্ষেত্ৰত পদক্ষেপ ল'ব লাগে বুলি সন্থাটোৱে দাবী জনাইছে ।

লগতে পঢ়ক:পাৰ্শ্বক্ৰিয়া ! বাংলাদেশী গ্ৰাহকৰ বাবে বৰাকৰ হোটেল-ৰেস্তোৰাঁৰ দুৱাৰ বন্ধ

বন্ধ কৰিলে ভিছা: বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ জৰুৰী সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.