ETV Bharat / state

লোহাৰ দলং উদ্বোধন, উৎফুল্লিত অসম-অৰুণাচলৰ সীমান্তৱৰ্তী ৰাইজ - Iron Bridge inaugurated in Dhemaji

author img

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 1:59 PM IST

Kemi river in Dhemaji : চৰকাৰৰ চৰম হেমাহি আৰু অমনোযোগিতাৰ ফলতে ধেমাজি জিলাৰ জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত সীমান্তৱৰ্তী জোনাইৰ কেমি অঞ্চলত জীৱন মৰণৰ মাজত যুঁজি কণ-কণ ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজে যাতায়ত অব্যাহত ৰাখিছিল কেমি নদীত । পিছে এতিয়া ৰাইজৰ ওঁঠত বিৰিঙিছে হাঁহি ।

Kemi river in Dhemaji
কেমি নদীৰ ওপৰত নিৰ্মিত লোৰ দলং (ETV BHARAT ASSAM)

জোনাই, ২৪ জুন : ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত অসম-অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলৰ কেমি জেলেম গাঁৱৰ মাজেৰে বৈ যোৱা কেমি নদীৰ ওপৰত নিৰ্মিত লোৰ দলংখন‌ সোমবাৰে উদ্বোধন কৰা হয় । পৰম্পৰাগত ৰীতি-নীতিৰে শুভ উদ্বোধন কৰে জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে ৷

দলংখন‌ উদ্ধোধন কৰি বিধায়কগৰাকীয়ে কয়, "এই দলঙখনে অঞ্চলবাসীৰ লগতে বিশেষকৈ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষভাৱে উপকৃত হ'ব ৷" কেমি নদীয়ে সৃষ্টি কৰা খহনীয়া প্ৰতিৰোধৰ বাবে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ দ্বাৰা চলোৱা পাৰ্কুপাইন স্ক্ৰীনিঙৰ কামৰ শুভাৰম্ভ কৰে বিধায়কগৰাকীয়ে ৷

উল্লেখ্য় যে, এখন দলঙৰ অভাৱত দীৰ্ঘদিনেই হাহাকাৰ কৰি আহিছিল জোনাইৰ সীমান্তৱৰ্তী অঞ্চলৰ কেইবাখনো গাঁৱৰ ৰাইজে ৷ দলঙৰ অভাৱত জোনাইৰ সীমান্তৱৰ্তী কেমি-ঐৰামঘাট অঞ্চলৰ ছাত্ৰ-ছাত্ৰী, ৰোগীৰ লগতে সাধাৰণ ৰাইজে বিশেষকৈ বাৰিষাৰ সময়ত যাতায়তৰ ক্ষেত্ৰত ভুগি আহিছে যমৰ যাতনা ৷

কেমি নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ দাবী কৰি বছৰ বছৰ ধৰি অঞ্চলতোৰ ৰাইজে বিভিন্ন মহলক বহু আবেদন-নিবেদন কৰি অহাৰ পিচতো কোনো গুৰুত্ব দিয়া নাছিল চৰকাৰ কিম্বা জনপ্ৰতিনিধিয়ে ৷ অৱশেষত বিধায়ক ভূৱন পেগুৱে ৰাইজৰ এই দাবীৰ প্ৰতি সঁহাৰি জনাই কেমি নদীৰ ওপৰত এখন লোহাৰ দলঙৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰি আজি সম্পূৰ্ণ চলাচল কৰিব পৰা হ’ল দলংখন ৷

লগতে পঢ়ক:গোৱালপাৰাত বলিয়া বান : চকুৰ সন্মুখতে উটি গ’ল চাৰিচকীয়া বাহন-দলং - ASSAM FLOOD 2024

এখন দলং লাভ কৰাত বিধায়ক ভূৱন পেগু আৰু সাংসদ প্ৰদান বৰুৱাক ধন্যবাদ জ্ঞাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷ দুয়োগৰাকীৰ প্ৰচেষ্টাত পলমকৈ হ'লেও কেমি নদীৰ ওপৰত এখন লোহাৰ দলং লাভ কৰি উৎফুল্লিত হোৱা দেখা গৈছে সীমান্তৱৰ্তী কেমিবাসী ৷

উল্লেখ্য যে, বাৰিষাই হওক, খৰালিয়ে হওক, একাঠু পানী গচকি কেমি নদী পাৰ হৈ নিতৌ যাতায়াত কৰি আহিছিল কেমি, ঐৰামঘাট, জামপানী আদিৰ ছাত্ৰ-ছাত্ৰীৰ লগতে গাঁওবাসী ৰাইজে ৷ এনে সময়তে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ দুখ-দুৰ্দশাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি বিকল্প হিচাপে বাৰিষাৰ পূৰ্বে এখন লোহাৰ দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি দিয়াত অৰুণাচল সীমান্তত থকা জোনাইৰ কেমি, ঐৰামঘাট, জামপানী আদি কৰি চাৰিখন গাঁৱৰ ছাত্ৰ-ছাত্ৰীয়ে কেমি নদীক দৈনিক আলোকৰ সন্ধানত বিপদসংকুলভাৱে পাৰাপাৰ কৰা পৰা ৰক্ষা পৰিল ৷

অন্যথা বাৰিষাত খৰস্ৰোতা নদীখনক পাৰ কৰিব নোৱাৰি কেমি অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ স্তব্ধ হৈ পৰিছিল স্কুল যাত্ৰা ৷ কাৰণ নৈখনৰ বাদে স্কুললৈ যাবলৈ বিকল্প পথ বিছাৰিলে প্ৰায় ১০-১১ কিলোমিটাৰ সোমাই যাব লগীয়া হৈছিল অৰুণাচলৰ পৰা৷ অৱশ্যে উক্ত নদীৰ ওপৰত এখন পকী দলঙৰো নিৰ্মাণ কাম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে জানিব পৰা গৈছে ৷

লগতে পঢ়ক:এডাল বাঁহৰ সাঁকো আৰু এখন টুলুঙা নাৱেৰে যাতায়াত মোকালনি মিচিং গাঁওবাসীৰ - Poor Transportation In Amguri

নিৰ্মাণৰ 5 বছৰতে ভাগিল কাঠৰ দলং : চৰকাৰৰ মৰমৰ মাজুলীত ৰাইজে ভুগিছে দুৰ্ভোগ - Bridge collapses in Majuli

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.