ETV Bharat / state

চি আই ডিৰ মহাপৰিদৰ্শক হিচাপে অসমলৈ উভতিল সংযুক্তা পৰাশৰ - Sanjukta Parashar - SANJUKTA PARASHAR

Iron Lady of Assam: কেইবাবছৰ ধৰি কেন্দ্ৰীয় ডেপুটেশ্যনত 'নিয়া'ত আছিল সংযুক্তা পৰাশৰ । 'আইৰণ লেডী' হিচাপে পৰিচিত আই পি এছ বিষয়াগৰাকী ২০১৭ত ডেপুটেচনত দিল্লীলৈ গৈছিল ।

Iron Lady of Assam
আই পি এছ বিষয়া সংযুক্তা পৰাশৰ
author img

By ETV Bharat Assamese Team

Published : Apr 19, 2024, 5:35 PM IST

গুৱাহাটী, ১৯ এপ্ৰিল: সুদীৰ্ঘ সময় ডেপুটেচনত থকা 'আইৰণ লেডী' হিচাপে পৰিচিত আই পি এছ বিষয়া সংযুক্তা পৰাশৰ পুনৰ অসমলৈ উভতিল । চি আই ডিৰ মহাপৰিদৰ্শক (IGP) হিচাপে নিযুক্তি দিয়া হৈছে বিষয়াগৰাকীক । বিগত কেইবাবছৰ ধৰি কেন্দ্ৰীয় ডেপুটেশ্যনত 'নিয়া'ত আছিল সংযুক্তা পৰাশৰ । ডেপুটেচনৰ সময় শেষ হোৱাৰ পাচত অসম চৰকাৰে এক নিৰ্দেশ যোগে সংযুক্তা পৰাশৰক চি আই ডিৰ আই জি পি হিচাপে নিযুক্তি দিয়ে ।

Iron Lady of Assam
আই পি এছ বিষয়া সংযুক্তা পৰাশৰ

উল্লেখ্য যে অসমৰ মাকুমত সহকাৰী কমাণ্ডেণ্ট হিচাপে প্ৰাৰম্ভিক নিযুক্তিৰ সময়ত সংযুক্তা পৰাশৰে তেওঁৰ নিৰ্ভীকতাৰ বাবে খুব শীঘ্ৰে চিনাকি লাভ কৰিছিল । সংযুক্তা পৰাশৰক 'আইৰণ লেডী' বুলি জনা যায় । গুৱাহাটীত শিক্ষা জীৱনৰ পাতনি মেলা সংযুক্তা পৰাশৰে দিল্লীৰ ইন্দ্ৰপ্ৰস্থ কলেজৰ পৰা স্নাতক আৰু জে এন ইউৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে । ইয়াৰ লগতে তেওঁ ইউনিভাৰ্চিটি অৱ ইন্দোনেছিয়াৰ পৰা আমেৰিকাৰ বৈদেশিক নীতি বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰীও লাভ কৰে । ২০০৬ ত সৰ্বভাৰতীয় লোক সেৱাৰ পৰীক্ষাত ৮৫ সংখ্যক স্থান অধিকাৰ কৰি সংযুক্তা পৰাশৰে আই পি এছ বিষয়া হোৱাৰ মানসেৰে যোগ দিয়ে অসম-মেঘালয় কেডাৰত ।

২০০৮ ত মাকুমৰ দ্বিতীয় অসম আৰক্ষী বেটেলিয়ানৰ সহকাৰী কমাণ্ডেন্ট হিচাপে যোগদান কৰাৰ পাচতে শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছিল সংযুক্তা পৰাশৰক । সেই সময়ত তেওঁ চি আৰ পি এফৰ দলকো নেতৃত্ব দিছিল । একে সময়ত অসমৰ বড়ো অধ্যুষিত অঞ্চলত নিষিদ্ধ ঘোষিত সংগঠন এন ডি এফ বিৰ কাৰ্যকলাপ তুংগত আছিল । শোণিতপুৰৰ ভীমাজুলিত নীৰিহৰ তেজেৰে ফাকু খেলিছিল এন ডি এফ বিয়ে । সেইসময়ত শোণিতপুৰত হোৱা এক সংঘৰ্ষত প্ৰাণ হেৰুৱাইছিল গুলজাৰ হুছেইন নামৰ অসম আৰক্ষীৰ এগৰাকী বিষয়াই । তাৰ কিছুদিন পাচতেই এন ডি এফ বিক ইয়াৰ প্ৰত্যুত্তৰ দিছিল সংযুক্তা পৰাশৰে ।

সংযুক্তা পৰাশৰে নেতৃত্ব দিয়া আৰক্ষী আৰু চি আৰ পি এফৰ দলৰ গুলীত নিহত হৈছিল বহুকেইটা উগ্ৰপন্থী । আৰক্ষী অধীক্ষক হৈ থকা সময়ত সংযুক্তা পৰাশৰে সন্ত্রাসবাদী বিৰোধী বহুকেইটা অভিযানৰ নেতৃত্ব দিছিল । কেইবাটাও উগ্ৰপন্থীক নিঃশেষ কৰিছিল । তথ্য অনুসৰি তেওঁ অসম আৰক্ষীত কৰ্মৰত হৈ থকা অৱস্থাত ২০১৩ চনত ১৭২ টা আৰু ২০১৪ত ১৭৫ টা উগ্ৰপন্থীক জেললৈ প্ৰেৰণ কৰিছিল ।

উল্লেখ্য যে হাতত AK-47 লৈ উগ্ৰপন্থীৰ বিৰুদ্ধে সমুখৰ পৰা যুঁজ দিয়া সংযুক্তা পৰাশৰে বহুবাৰ মৃত্যুৰ ভাবুকি লাভ কৰিছিল । কিন্তু তেওঁ বিচলিত নহৈ শত্ৰুক ভয় কৰাৰ পৰিৱৰ্তে শত্ৰুৰ বাবেহে তেওঁ ত্ৰাসৰ কাৰণ হৈ পৰিছিল । ২০১৭ত তেওঁ ডেপুটেচনত দিল্লীলৈ যায় । ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ 'নিয়া'ৰ বিষয়া হিচাপে ২০১৭ৰ পৰা তেওঁ কৰ্মৰত হৈ আছিল । অৱশেষত ডেপুটেচনৰ পৰা অসমলৈ উভতি আহিল বিষয়াগৰাকী । এগৰাকী অতি দক্ষ আৰু সাহসী আৰক্ষী বিষয়া হিচাপে সংযুক্তা পৰাশৰ সমগ্ৰ দেশতেই পৰিচিত ।

লগতে পঢ়ক:কাজিৰঙাত বিশ্ব ঐতিহ্য দিৱস উদযাপন - World Heritage Day 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.