ETV Bharat / state

তিনিচুকীয়া আৰক্ষীৰ অভিযানত জব্দ ৬০ লক্ষাধিক নগদ ধন - IPL Gamblers In Tinsukia

author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 9:50 PM IST

আই পি জুৱাৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা ৷ ৬২ লাখ ৮০ হাজাৰ ৮৯০ টকাসহ আটক নিখিল আগৰৱালক ৷ বেৰিয়া ভাতৃ এণ্ড টিমৰ প্ৰতিটো বাসগৃহত আৰক্ষীৰ অভিযান।

IPL betting crackdown Tinsukia
তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা (ETV BHARAT ASSAM)

তিনিচুকীয়া, 2 মে’: আই পি এল জুৱাৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা ৷ আই পি এল জুৱাৰ সদাগৰ বিকাশ বেৰিয়াক 26 এপ্ৰিলত কাহিলীপুৱাতেই আটক কৰি দ্বিতীয়বাৰৰ বাবে তিনিদিনলৈ আৰক্ষীয়ে নিজৰ জিম্মাত লোৱাৰ পাচতে তিনিচুকীয়া আৰক্ষীয়ে আজি পৰ্বতীয়াস্থিত এটা বাসগৃহত অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ নগদ ধন ৷ তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইৰ নেতৃত্বত নিখিল আগৰৱালাৰ বাসগৃহত চলোৱা অভিযানত 62 লাখ 80 হাজাৰ 890 টকা জব্দ কৰাৰ লগতে আটক কৰে নিখিল আগৰৱালক ৷

আৰক্ষীৰ সূত্ৰই সদৰী কৰা আই পি এল জুৱাৰ সদাগৰ বিকাশ বেৰিয়া আৰু নিতিন বেৰিয়াৰ জুৱাৰ ধনসমূহ মজুত ৰাখিছিল নিখিল আগৰৱালাৰ বাসগৃহত ৷ নিখিল আগৱালাৰ বাসগৃহত আলমাৰী ভাঙি আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ ধনখিনি ৷ আৰক্ষীয়ে ধনখিনি উদ্ধাৰ কৰাৰ পাচতে এই ঘটনাৰ তদন্তৰ বাবে তিনিচুকীয়া আৰক্ষীয়ে ক’ৰ বিভাগক দায়িত্ব অৰ্পণ কৰা বুলি সদৰী কৰে তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে ৷

ইফালে, তিনিচুকীয়া আৰক্ষীয়ে বিকাশ বেৰিয়াক 26 এপ্ৰিলত পুৱা মানৱ কল্যাণস্থিত নিজা বাসগৃহত আটক কৰাৰ লগতে জব্দ কৰিছিল 10 লক্ষাধিক টকা ৷ তাৰ পাচত পুনৰ ভাতৃ নিতিন বেৰিয়াৰ বাসগৃহত অভিযান চলাই জব্দ কৰিছিল 8 লাখ 50 হাজাৰ আৰু চৰফৰাজ আহমেদৰ বাসগৃহৰ পৰা জব্দ কৰিছিল 1.50 লাখ টকা ৷ এই টকাসমূহ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰাৰ পাচতে বেৰিয়া এণ্ড টিমৰ প্ৰতিটো বুকীৰ ঘৰত অভিযান চলাইছে যদিও সম্প্ৰতি পলাতক নিতিন বেৰিয়াৰ লগতে বুকীসমূহ ৷ তিনিচুকীয়া আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰি প্ৰথম পৰ্যায়ত বিকাশ বেৰিয়াক 10 দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল যদিও তিনিদিনৰ বাবে জিম্মাত লাভ কৰাৰ পাচত আৰক্ষীয়ে লাভ কৰে এই বৃহৎ সফলতা ৷

চৰ্চিত অনুসৰি বেৰিয়া ভাতৃদ্বয়ে বছৰ বছৰ ধৰি জুৱাৰ জৰিয়তে লুটি আহিছিল উত্তৰ-পূৰ্বাঞ্চলত ৷ বহু লোকে এই চক্ৰত পৰি সৰ্বস্বান্ত হেৰুৱাই পেলাইছে ৷ গতিকে শেহতীয়াকৈ তিনিচুকীয়া আৰক্ষীয়ে লাভ কৰা বৃহৎ সফলতাৰ পাছত শুকুৰবাৰে পুনৰ আদালতত হাজিৰ কৰি আৰক্ষীয়ে নিজৰ জিম্মাত বিচৰাৰ সম্ভাৱনা আছে ৷ আনহাতে, আজি নিখিল আগৰৱালাৰ বাসগৃহত জব্দ কৰা বিকাশ বেৰিয়াৰ বৃহৎ পৰিমাণৰ ধনখিনি কেনেদৰে নিখিল আগৰৱালাৰ বাসগৃহ পালেগৈ আৰু এই চক্ৰটোত কোন কোন জড়িত হৈ আছে সেয়া পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব ৷

লগতে পঢ়ক : সোণাৰি আৰক্ষীৰ জালত পাঁচটা জুৱাৰী : বৃহৎ পৰিমাণৰ ধন জব্দ - Five Gamblers Arrested

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.