ETV Bharat / state

শীঘ্ৰেই পৰ্দা আঁতৰিব: ঢকুৱাখনাৰ ৰহস্যজনক হত্যাকাণ্ড সন্দৰ্ভত ডিজিপিৰ আশ্বাস - Dhakuakhana murder case

author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 11:39 AM IST

Mysterious murder: অপেক্ষাৰ অন্ত পৰিব ৷ কম দিনৰ ভিতৰতে সকলো স্পষ্ট হৈ পৰিব ৷ ঢকুৱাখনাৰ সুনীল গগৈৰ ৰহস্যজনক নিখোঁজকাণ্ডৰ প্ৰকৃত তথ্য পাইছে আৰক্ষীয়ে ৷ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সংবাদ মাধ্যমৰ আগত এই বিষয়ে স্পষ্ট কৰিছে ৷

Dhakuakhana Murder
সুনীল গগৈকাণ্ড (ETV Bharat)

গুৱাহাটী, ২২ জুলাই : সুনীল গগৈকাণ্ড; অতি শীঘ্ৰেই হয়তু সকলো পোহৰলৈ আহিব ৷ আৰক্ষীয়ে লাভ কৰিছে বহু তথ্য ৷ দেওবাৰে নিশা সুনীল গগৈৰ কাণ্ড সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কৰিছে কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ।

আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সংবাদ মাধ্যমৰ আগত কয়, ‘‘সুনীল গগৈৰ কাণ্ডত প্ৰকৃততে কি হৈছে আমি গম পাইছো । শীঘ্ৰে এটা ফলাফল পাব সকলোৱে । আমাৰ তদন্ত প্ৰক্ৰিয়া এতিয়া বৈজ্ঞানিকভাৱে কৰা হৈছে । সকলো কম সময়ৰ ভিতৰত পোহৰলৈ আহিব ।’’

লগতে পঢ়ক : ঢকুৱাখনাকাণ্ডৰ তদন্তৰ দায়িত্ব চি আই ডিলৈ হস্তান্তৰ : জনালে জি পি সিঙে - Dhakuakhana murder case

উল্লেখ্য যে, বিগত ১ জুনৰ নিশা ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱৰ সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড । ঘটনাস্থলীত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল এটা অৰ্ধগলিত মৃতদেহ ৷ প্ৰথম অৱস্থাত সেই মৃতদেহটো ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জলজীৱন মিছনৰ দ্বিতীয় শ্ৰেণীৰ ঠিকাদাৰ সুনীল গগৈৰ বুলি আৰক্ষীয়ে উল্লেখ কৰিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত ফৰেঞ্চিক বিভাগৰ তথ্যৰ আলমতে আৰক্ষীয়ে উক্ত মৃতদেহটো জাহাংগীৰ হুছেইনৰ বুলি স্পষ্ট কৰি দিয়ে ৷

তাৰ পাচতে আৰক্ষীয়ে ১ জুনৰ নিশা ৮ বজাৰ পৰা সুনীল গগৈক পলাতক বুলি ঘোষণা কৰে ৷ প্ৰায় ডেৰ মাহ উকলি যোৱৰ পাচতো আৰক্ষীয়ে সুনীল গগৈৰ কোনো সন্ধান উলিয়াব পৰা নাই ৷ এই ঘটনাত সুনীল গগৈৰ পত্নী, পুত্ৰ আৰু তেওঁৰ ভতিজাক জড়িত আছে বুলি চলিছে চৰ্চা ৷ আনকি আৰক্ষীয়েও তিনিওকে বাহু বাৰ জেৰা চলাইছে ৷ লগতে সুনীল গগৈ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছে গোচৰ ।

লগতে পঢ়ক : ৰহস্যঘন ঢকুৱাখনাকাণ্ডৰ তদন্ত: ছিন্নমুণ্ড বিচাৰি পাব নে চিআইডিয়ে ? সুনীল গগৈ এতিয়া ক’ত ? - Dhakuakhana murder case

দেওবাৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে উল্লেখ কৰা মতে, সম্ভৱতঃ সুনীল গগৈকাণ্ডৰ প্ৰতিটো দিশৰ পৰাই পৰ্দা আঁতৰি যাব আৰু সকলো দিশ ৰাইজৰ আগত স্পষ্ট হৈ পৰিব ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ক্ষীপ্ৰতাৰে কাম কৰি গৈছে ৷

সুনীল গগৈকাণ্ডৰ লগতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে উক্ত সংবাদমেলতেই বাল্যবিবাহ বিৰোধী অভিযান সন্দৰ্ভতো মন্তব্য কৰে ৷ তেওঁ উল্লেখ কৰা অনুসৰি, শীঘ্ৰে ৰাজ্যত আৰম্ভ হ’ব বাল্যবিবাহ বিৰোধী অভিযান । অহা এক-ডেৰ মাহৰ ভিতৰত পুনৰ আৰম্ভ হ'ব বাল্য বিবাহ বিৰুদ্ধে অভিযান ।

আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ইতিমধ্যে তালিকা প্ৰস্তুত কৰিছে । ইণ্ডিয়া চাইল্ড ৰিপ'ৰ্ট অনুসৰি ৰাজ্যত ৮১% বাল্য বিবাহ কমিছে । সকলো তথ্য গোটোৱাৰ পিছতেই এই অভিযান চলোৱা হ’ব বুলি তেওঁ কয় ৷

লগতে পঢ়ক : সুনীল গগৈকাণ্ড : ঢকুৱাখনাত পুনৰ ফৰেনচিক বিশেষজ্ঞৰ দল - Dhakuakhana murder case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.