ETV Bharat / state

আলফা স্বাধীনৰ বোমা সংস্থাপনৰ তদন্ত: সত্ৰাধিকাৰক থানালৈ কিয় নিলে আৰক্ষীয়ে ? - ULFA I BOMB PLANS - ULFA I BOMB PLANS

Satradhikar detained for ULFA I link : স্বাধীনতা দিৱসত বিভিন্ন প্ৰান্তত বোমা সংস্থাপনৰ তদন্ত অব্যাহত । বোমা সংস্থাপন সন্দৰ্ভত কেইবাজনো প্ৰাক্তন আলফাক সোধা-পোছা আৰক্ষীৰ । ইয়াৰ মাজতেই গুৰুজনাৰ জন্মস্থানৰ এগৰাকী সত্ৰাধিকাৰকো সোধা-পোছা কৰিলে বটদ্ৰৱা আৰক্ষীয়ে ।

Satradhikar detained for ULFA I link
ভেটিয়নী নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 5:25 PM IST

নগাঁও, ১৯ আগষ্ট : স্বাধীনতা দিৱসৰ দিনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱৰো দুটাকৈ স্থানত বোমা সংস্থাপন কৰা বুলি আলফা স্বাধীনে এক ই-মেইল বাৰ্তা প্ৰেৰণ কৰাৰ পাছতেই একপ্ৰকাৰ হাহাকাৰ লাগিছিল ৰাজ্যজুৰি । কোনো কোনো প্ৰান্তৰ পৰা বোমা সদৃশ সামগ্ৰী উদ্ধাৰো কৰিবলৈ সক্ষম হয় অসম আৰক্ষী । এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখা নগাঁও আৰক্ষীয়েও ইজনৰ পিছত সিজন প্ৰাক্তন আলফা নেতাক সোধা-পোছা কৰে । ইয়াৰ মাজতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ গাতে লাগি থকা এখন সত্ৰৰ সত্ৰাধিকাৰকো জেৰা চলালে নগাঁও আৰক্ষীয়ে ।

সত্ৰাধিকাৰক থানালৈ কিয় নিলে আৰক্ষীয়ে (ETV Bharat Assam)

সত্ৰাধিকাৰগৰাকীৰ ওপৰত আৰক্ষীৰ দৃষ্টি কিয় ?

আলফা স্বাধীনৰ বোমা সংস্থাপনৰ ঘটনাৰ অনুসন্ধান অব্যাহত ৰখা নগাঁও আৰক্ষীয়ে ঘটনাৰ নিশাই ঘৰৰ পৰা নি সোধা-পোছা কৰে নগাঁৱৰ বটদ্ৰৱাৰ সমীপৰ ভেটিয়নী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অৰূপ দেৱগোস্বামীক । সত্ৰাধিকাৰ অৰূপ দেৱগোস্বামীক আৰক্ষীয়ে সোধা-পোছা কৰাৰ কাৰণ অৰূপ দেৱগোস্বামীও আছিল এগৰাকী প্ৰাক্তন আলফা ।

তেওঁ কয়,"১৯৯০ চনৰ পৰাই আলফাৰ সৈতে মই জড়িত হৈ আছিলো । পৰৱৰ্তী সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰৰ কাৰ্যকালৰ শেষৰ সময়ত অৰ্থাৎ ২০০১ চনতেই মই আত্মসমৰ্পন কৰিছিলো । তাৰ পাছৰ পৰাই মই সামাজিক কাম-কাজৰ সৈতে জড়িত হওঁ । পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ সৈতেও জড়িত হৈ পৰৱৰ্তী সময়ত ভেটিয়নি নৰোৱা সত্ৰৰ সত্ৰাধিকাৰৰ দায়িত্ব গ্ৰহণ কৰো । এনে অৱস্থাত হঠাৎ আলফাৰ যোগসূত্ৰ বিচাৰি আৰক্ষীয়ে অনুসন্ধান চলোৱাৰ সময়ত মোক আৰক্ষী থানালৈ নি দীঘলীয়া সময় বহুৱাই ৰাখি সোধা-পোছা কৰে ।"

এই সন্দৰ্ভত কি কয় নগাঁও আৰক্ষীয়ে ?

গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ সমীপৰ ভেটিয়নী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অৰূপ দেৱগোস্বামীক সোধা-পোছা কৰা সন্দৰ্ভত ই টিভি ভাৰতৰ তৰফৰ পৰা জানিব বিচৰাত নগাঁও আৰক্ষীয়ে কোনো মন্তব্য প্ৰকাশ কৰা নাই যদিও বোমা সংস্থাপনৰ ঘটনাক লৈ কেইবাগৰাকী প্ৰাক্তন আলফাক সোধা-পোছা কৰা বুলি জানিবলৈ দিয়ে নগাঁও আৰক্ষীৰ শীৰ্ষ বিষয়াই ।

লগতে পঢ়ক:লিংকমেনৰ সন্দেহ : নলবাৰীত প্ৰাক্তন আলফা পদ্মলোচন দাস ওৰফে উদ্গৰীণ অসমক আটক

নগাঁৱত বোমা সদৃশ সামগ্ৰী উদ্ধাৰৰ এটা দিনৰ পাছত উপস্থিত আই জি পি দেৱজ্যোতি মুখাৰ্জী - ULFA I BOMB PLANS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.