ETV Bharat / state

বনাঞ্চল হ্ৰাস হোৱাৰ বাবেই বৃদ্ধি হৈছে বাঘ-মানুহৰ সংঘাত - International Tiger Day 2024

Global Tiger Day in Burapahar Range : আজি বিশ্ব ব্যাঘ্ৰ দিৱস । বাঘৰ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে 29 জুলাইৰ দিনটো সমগ্ৰ বিশ্বতে পালন কৰা হৈ আহিছে বিশ্ব ব্যাঘ্ৰ দিৱস হিচাপে । কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলতো উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস ৷

International Tiger Day 2024 celebrated at Burapahar Range of kaziranga national park
বুঢ়াপাহাৰ বনাঞ্চলত উদযাপন বিশ্ব ব্যাঘ্ৰ দিৱস (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 29, 2024, 2:20 PM IST

কলিয়াবৰ, 29 জুলাই: আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস । বাঘৰ সংৰক্ষণৰ প্ৰতি মানুহৰ মাজত সজাগতা অনাৰ লক্ষ্যৰে প্ৰতিবছৰে 29 জুলাইৰ দিনটো উদযাপন কৰা হৈ আহিছে আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস হিচাপে । বাঘৰ প্ৰাকৃতিক বাসস্থান সুৰক্ষাৰ বাবে বিশ্বব্যাপী প্ৰচাৰ, বাঘ সংৰক্ষণৰ বিষয়সমূহৰ প্ৰতি জনসচেতনতা বৃদ্ধিৰ বাবে এই দিৱসটো পালন কৰা হয় ।

বুঢ়াপাহাৰ বনাঞ্চলত উদযাপন বিশ্ব ব্যাঘ্ৰ দিৱস (ETV Bharat Assam)

2010 চনত প্ৰথমবাৰৰ বাবে চেণ্ট পিটাৰ্ছবাৰ্গ বাঘ সন্মিলনত বাঘৰ সংখ্যা ভয়ংকৰভাৱে হ্ৰাস পোৱা বিষয়টোৱে উদ্বিগ্ন কৰি তুলিছিল । সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হৃদপিণ্ডস্বৰূপ তথা কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলতো উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় এই ব্যাঘ্ৰ দিৱসটো ।

International Tiger Day 2024 celebrated at Burapahar Range of kaziranga national park
বুঢ়াপাহাৰ বনাঞ্চলত উদযাপন বিশ্ব ব্যাঘ্ৰ দিৱস (ETV Bharat Assam)

বাঘৰ সংৰক্ষণ প্ৰচেষ্টাৰ জৰুৰী প্ৰয়োজনীয়তাৰ বিষয়ে দিনটোৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰে বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়াগৰাকীয়ে ৷ পৃথিৱীত বৰ্তমান থকা বাঘৰ সংখ্যাতকৈ অধিক হ্ৰাস নহ’বৰ বাবে তথা ইয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে সংবাদ মাধ্যমযোগে সকলোকে অনুৰোধ জনায় বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়াগৰাকীয়ে ৷

সমান্তৰালভাৱে ৰাজ্যত বৃদ্ধি হোৱা বাঘ আৰু মানুহৰ সংঘাত সন্দৰ্ভতো উদ্বেগ প্ৰকাশ কৰে বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়াগৰাকীয়ে ৷ জনাঞ্চলৰ সংখ্যা বৃদ্ধিৰ বাবে বনাঞ্চলৰ পৰিমাণ হ্ৰাস পাই অহাৰ বাবেই এই সংঘাতে ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বুলি কয় বুঢ়াপাহাৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়াগৰাকীয়ে ৷

দিনজোৰা কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানটোত আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসৰ সৈতে সংগতি ৰাখি বুঢ়াপাহাৰ বনাঞ্চলত স্থানীয় শিক্ষাৰ্থীসকলৰ মাজত চিত্ৰাংকণ, আকস্মিক বক্তৃতা, সজাগতা সভাকে ধৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে উদ্যোক্তা সমিতিয়ে ৷

লগতে পঢ়ক: এটা বাঘে ঘটিয়ে ঘটিয়ে পানী খুৱাইছে বন বিভাগক - Tiger Scare in Nagaon

ধিঙত বাঘ ধৰিবলৈ অভিযানত নামিছে হাতী : সুন্দৰবনৰ জাল লৈ বন বিভাগ - Tiger Scare in Nagaon

বাঘৰ সন্ধানত নিশাৰ ভাগতো ড্ৰ’ন ব্যৱহাৰ কৰা হৈছে : চন্দ্ৰমোহন পাটোৱাৰী - Tiger Scare in Nagaon

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.