ETV Bharat / state

আঘাতপ্ৰাপ্ত পহুক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদান বাৰেকুৰিবাসীৰ - Assam Flood 2024 - ASSAM FLOOD 2024

Deer rescued by local people: তিনিচুকীয়া জিলাৰ বাৰেকুৰিত বন্যপ্ৰাণী প্ৰীতিৰ এক অনন্য নিদৰ্শন ৷ আঘাতপ্ৰাপ্ত পহুক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তুলিলে বাৰেকুৰিবাসীয়ে ৷

injured barking deer was rescued by locals of tinsukia and given first aid
আঘাতপ্ৰাপ্ত পহুক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদান বাৰেকুৰিবাসীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 3:59 PM IST

তিনিচুকীয়া, 9 জুলাই: ৰাজ্যত এতিয়া চৌদিশে বাঢ়নী পানীয়ে ধাৰণ কৰিছে সংহাৰী ৰূপৰ ৷ বানে এই ৰূপ ধাৰণ কৰাৰ ফলত ৰক্ষা পৰা নাই জীৱকূল ৷ বাঢ়নী পানীৰ কোবাল সোঁতে কৰবাত যদি বন্যপ্ৰাণীক উটুৱাই নিছে, কৰবাত আকৌ মৃত্যুমুখলৈ ঠেলি দিছে ৷

আঘাতপ্ৰাপ্ত পহুক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদান বাৰেকুৰিবাসীৰ (ETV Bharat Assam)

এই দুৰ্যোগপূৰ্ণ সময়ত তিনিচুকীয়া জিলাৰ বৃহত্তৰ বাৰেকুৰি অঞ্চলবাসীয়ে সমাজৰ আগত দাঙি ধৰিছে এক অনন্য নিদৰ্শন ৷ বন্যপ্ৰাণীৰ প্ৰতি দেখুওৱা প্ৰেমে বহুতৰে অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে ৷ জানিব পৰা মতে, বাৰেকুৰি অঞ্চলৰ বৰগাঁৱত বিগত কিছুমাহৰ পৰা দুটাকৈ ছাগলী পহুৱে বিচৰণ কৰি ফুৰিছিল ৷ কিছুদিনৰ পাচত গাঁওবাসীয়ে প্ৰত্যক্ষ কৰিছিল পহু দুটা ৷ পহু দুটা গাঁওবাসীয়ে প্ৰত্যক্ষ কৰাৰ পাচতে সকলোৱে পহু দুটাক সংৰক্ষণ কৰাৰ লগতে কোনেও যাতে হত্যা কৰিব নোৱাৰে সেয়া নামঘৰত ৰাজহুৱাকৈ ঘোষণা কৰে আৰু সকলোৱে পৰ্যাপ্ত পৰিমাণে যতন লয় পহু দুটাক ৷

দুৰ্ভাগ্যজনিত বিষয় যে, সোমবাৰে এটা পহুৰ শিং এখন ফেন্সিঙত লাগি ধৰে আৰু পহুটোক কুকুৰেও কামুৰি আঘাতপ্ৰাপ্ত কৰে ৷ সেই দৃশ্য প্ৰত্যক্ষ কৰি স্থানীয় এজন লোকে কুকুৰৰ পৰা ৰক্ষা কৰি পহুটো উদ্ধাৰ কৰি ঘৰলৈ লৈ আহে ৷ প্ৰথমে লোকজনে গাঁওবাসীৰ সহযোগত ঘৰতে প্ৰাথমিক চিকিৎসা পহুটোক প্ৰদান কৰে আৰু পৰৱৰ্তী সময়ত পশু চিকিৎসকৰ জৰিয়তে চিকিৎসা প্ৰদান কৰে পহুটোক ৷

ঘৰতেই পহুটোক চিকিৎসা কৰাৰ সমান্তৰালভাৱে গাঁৱৰ ৰাইজে বন বিভাগক সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে অৱগত কৰিছে ৷ কিন্তু গাঁওবাসীয়ে অতি মৰমেৰে ৰখা পহুটো বন বিভাগে চিকিৎসা কৰিবলৈ নিলেও কোনো বনাঞ্চলত মুকলি নকৰি পুনৰ বৰগাঁৱতে মুকলি কৰি দিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক: নিৰূপায় বন্যাৰ্ত; নাৱত আহিছে ভকত, পথৰ ওপৰতে পুত্ৰই পাতিলে পিতৃৰ আদ্যশ্ৰাদ্ধ - Assam Flood 2024

দেৰগাঁৱত উদ্ধাৰ বানত দিকভ্ৰষ্ট পহু - ASSAM FLOOD 2024

কলিয়াবৰত দুৰ্ঘটনাত আহত এটা পহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.