ETV Bharat / state

খিলঞ্জীয়া লোক ভূমিহীন-গৃহহীনত পৰিণত হৈছে : কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতি - Five star hotel in Kaziranga - FIVE STAR HOTEL IN KAZIRANGA

Five star hotel in Kaziranga : অসমৰ প্ৰায়ভাগ ভূমি আজি বহিৰাগত বণিয়া আৰু বৃহৎ পুঁজিপতিয়ে গ্ৰাস কৰিছে আৰু খিলঞ্জীয়া থলুৱা ৰাইজ ভূমিহীন গৃহহীনত পৰিণত হৈছে ৷ এই অভিযোগ বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ ৷

FIVE STAR HOTEL IN KAZIRANGA
কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ অভিযোগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 10:11 PM IST

গুৱাহাটী, 12 আগষ্ট : 'হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে দীর্ঘদিনৰ পৰা খিলঞ্জীয়া ৰাইজৰ ভূমি সুৰক্ষা কৰি ভূমিহীন ৰাইজক পাট্টা দিয়াৰ কথা কৈ আহিছে ৷ কিন্তু বাস্তৱত অসমৰ ৰাইজে এখন সম্পূর্ণ বিপৰীত ছবিহে দেখিবলৈ পাইছে ৷ এইখন চৰকাৰে অসমৰ বিভিন্ন ঠাইত দখলীকৃত ভূমিৰ পৰা খিলঞ্জীয়া ৰাইজক উচ্ছেদ কৰি চৰকাৰী মন্ত্ৰী-বিধায়ক, বণিয়া গোষ্ঠীক এইবোৰ ভূমি গতাই দিছে ৷ অসমৰ প্ৰায়ভাগ ভূমি আজি বহিৰাগত বণিয়া আৰু বৃহৎ পুঁজিপতিয়ে গ্ৰাস কৰিছে আৰু খিলঞ্জীয়া থলুৱা ৰাইজ ভূমিহীন গৃহহীনত পৰিণত হৈছে ৷' এই অভিযোগ বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ ৷

কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ ক্ষোভ (ETV Bharat Assam)

সমিতিৰ মুখ্য আহ্বায়ক প্ৰণৱ দলেই ই টিভি ভাৰতৰ আগত কয়-

কাজিৰঙাৰ ইংলে পথাৰৰ 60 বিঘা মাটিত কোনে সাজিব পঞ্চতাৰকা হোটেল : "2022 চনৰ 7 ডিচেম্বৰ কৃষিমন্ত্ৰী তথা বোকাখাতৰ স্থানীয় বিধায়ক অতুল বৰাৰ নেতৃত্বত Sub-divisional Land Committee (SDLC) সমিতিয়ে হাতীখুলি বাগিচা গাঁৱৰ ইংলে পথাৰৰ 60 বিঘা ভূমি অসম চৰকাৰৰ Assam Tourism Development Corporation (ATDC) ক আবণ্টন দিয়ে ৷ এই ভূমি ATDC ত মুখ্যমন্ত্ৰীৰ আদেশ মৰ্মে 'হায়াট' নামৰ বিদেশী ব্যক্তিগত কোম্পানীক পঞ্চ তাৰকা হোটেল খুলিবৰ বাবে চুক্তিবদ্ধ কৰিছে বুলি প্ৰকাশ কৰে ৷ 2024 চনৰ মে' মাহৰ পৰা পুলিচ-বেটেলিয়ন লগাই এই মাটিৰ ওপৰত কাটা তাঁৰ মাৰি কৃষক পৰিয়ালৰ ওপৰত নানান ধৰণৰ হাৰাশাস্তি কৰি আহিছে ৷ আনহাতে আমি এতিয়া 'হায়াত' নামৰ কোম্পানীৰ লগত যোগাযোগ কৰি গম পাইছো যে কাজিৰঙাত হায়াতৰ কোনো প্ৰকল্প নাই ৷ তেনেহলে এই 60 বিঘা মাটি অতুল বৰা নে হিমন্ত বিশ্ব শৰ্মাই ব্যক্তিগত কাৰণত হস্তান্তৰ কৰিছে নেকি ?

45 টা পৰিয়ালে 60 বিঘা মাটিত কেতিয়াৰ পৰা খেতি কৰিছিল : 45 টা চাহ শ্ৰমিক জনগোষ্ঠীৰ পৰিয়ালে কৃষিকার্য তথা ৰাইজে চৰণীয়া পথাৰ হিচাপে স্বাধীনতাৰ পূৰ্বৰে পৰা ব্যৱহাৰ কৰি আহিছে এই মাটি ৷ কেবাটাও পৰিয়ালৰ হাতত ম্যাদী, ৰায়তি খতিয়ানৰ নথি থকা সত্ত্বেও চৰকাৰে বলপূৰ্বকভাৱে দুখীয়া খেতিয়কৰ মাটি বে-আইনীভাবে দখল কৰিছে আৰু পুলিচৰ বিভিন্ন অত্যাচাৰ সত্বেও আজি পর্যন্ত ইয়াৰ বিৰুদ্ধে ৰাইজে গণতান্ত্ৰিক আন্দোলন চলাই গৈছে ৷ কৃষক পৰিয়ালৰ লগত কোনো ৰাজহুৱা শুনানি কৰা নহ'ল অথবা জাননী দিয়া নহ'ল ৷ Environment Impact Assessment (EIA) বা Social Impact Assessment(SIA)ৰ দৰে প্ৰক্ৰিয়াক আওকাণ কৰা হ'ল ৷ তদুপৰি কৃষি ভূমিৰ বে-আইনীভাবে শ্ৰেণী সলনি কৰা হ'ল ৷ State Board of Wildlife (SBWL)/National Board of Wildlife (NBWL)ৰ কোনো অনুমতি এই প্ৰকল্পৰ হাতত নাই ৷

লগতে পঢ়ক : কাজিৰঙাত টাটাৰ পঞ্চতাৰকা হোটেল : প্ৰতিবাদৰ মাজতে দিছপুৰত বুজাবুজিৰ চুক্তি - Five star hotel in Kaziranga

7 আগষ্টৰ সন্ধিয়া কাজিৰঙাৰ ৰঙাজানত প্ৰকৃততে কি ঘটিছিল : বিগত 7 আগষ্টৰ সন্ধিয়া বৃহত্তৰ কাজিৰঙাৰ ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ কৰ্মী মনোহৰ পেগু আৰু ঋতুপর্ণ পেগুৱে ৰঙাজানৰ মনোজ গোৱালাৰ ঘৰত এটি ভূমি অধিকাৰৰ আলোচনাত মিলিত হৈছিল ৷ ইংলে পথাৰৰ গ্ৰাণ্ট 'হায়াট' পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে চৰকাৰে অধিগ্ৰহণ কৰা ভূমিৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহ এই স্থানত উপস্থিত আছিল ৷ তেনে অৱস্থাতে হঠাৎ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ এগৰাকী মহিলা দৌৰি আহি সকলোকে জনায় যে গাঁৱৰ এচুকত অগপৰ নেতা লক্ষ্মণ কৰ্মকাৰ, এ চি এম এছৰ কৰ্মী সুভাষ চাওৰাসহ বিভিন্ন অঞ্চলৰ পৰা অহা কিছু অচিনাকি ব্যক্তিয়ে গাঁৱৰ এচামক লৈ এখন গোপন বৈঠক অনুষ্ঠিত কৰিছে ৷ এই সভাত ভুল কথাৰে এচামক সুৰক্ষা সমিতিৰ নেতা প্ৰণৱ দলেৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰি বৈঠক চলি থকা মনোজ গোৱালাৰ ঘৰত আক্ৰমণ কৰি হত্যা কৰাৰ পৰিকল্পনা কৰা হৈছে ৷ তাৰ ঠিক পোন্ধৰ মিনিটৰ পিচতে বাহিৰত এটি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু প্ৰায় এশ মানুহৰ এটি দলে সুভাষ চাওৰাৰ নেতৃত্বত মনোজ গোৱালাৰ ঘৰ ঘেৰাও কৰি প্ৰণৱ দলে আৰু ৰাজীৱ পেগুক তেওঁলোকৰ হাতত গতাই দিব লাগে বুলি চিঞৰ-বাখৰ কৰে ৷

তৎকালীনভাবে এই বিষয়ে প্ৰণৱ দলে আৰু সতীৰ্থসকলক অৱগত কৰা হয় আৰু তেওঁলোকে পুলিচক ফোনযোগে ঘটনাৰ সন্দৰ্ভত অৱগত কৰি অতি শীঘ্ৰে ঘটনা সংঘটিত হোৱা ঠাই ৰঙাজানলৈ গৈ পৰিস্থিতি মোকাবিলা কৰিবলৈ অনুৰোধ জনায় ৷ প্ৰায় দুঘণ্টা অতিবাহিত হোৱাৰ পিছতো পুলিচ প্ৰশাসন ঘটনাস্থলীত উপস্থিত নোহোৱাত আন দুজন সতীর্থ সৌৰভ পাটগিৰী আৰু শুভম দুয়ো মিলি কহৰা থানালৈ যায় আৰু পুলিচ কিয় দুঘণ্টাৰ পিচতো ঘটনাস্থলীত উপস্থিত হোৱা নাই সেই বিষয়ে বুজ ল'বলৈ চেষ্টা কৰে ৷ কিন্তু আচৰিতভাৱে পুলিচে সহযোগিতা কৰাৰ পৰিবৰ্তে এই দুজন সতীর্থক ধমকি দিয়ে আৰু থানা জ্বলাবলৈ অহা বুলি দোষ জাপি দি এনকাউণ্টাৰ কৰাৰ ভাবুকি দিয়ে ৷ দুয়োকে পুলিচে আটক কৰি ৰাখে ৷

ৰঙাজানত ইতিমধ্যে প্ৰায় এশজনীয়া দুৰ্বৃত্তৰ দলটোৱে নিজৰ খেতি পথাৰৰ পৰা বিতাৰিত মীনালী গোৱালা, তেখেতৰ কন্যা ৰশ্মি গোৱালা, গীতা গোৱালা আৰু কেবাজনকো গুৰুতভাৱে প্ৰহাৰ কৰে ৷ দা-যাঠিৰে মনোহৰ পেগুহতে লৈ যোৱা গাড়ীখন ভাঙি চূর্ণ-বিচূর্ণ কৰে আৰু গাড়ীৰ ভিতৰৰ পৰা বিভিন্ন ধৰণৰ কাগজ-পাতি তথ্য লৈ গুচি যায় ৷ ৰাতি প্ৰায় 12.30 মান বজাত মুষলধাৰ বৰষুণৰ মাজত দুৰ্বৃত্তৰ দলটোৱে সেই স্থান ত্যাগ কৰে আৰু তাৰ পিছতহে পুলিচ বাহিনী গৈ আৱদ্ধ হৈ থকা লোকসকলক থানালৈ লৈ আহে ৷ গীতা গোৱালা আৰু মীনালী গোৱালাই হাস্পতাললৈ সেই ৰাতিয়ে কন্যাৰ চিকিৎসাৰ বাৰে আহে, কিন্তু হাস্পতালৰ পৰাই ৰাতি বিনা কাৰণত গীতা গোৱালাক পুলিচে ধৰি থানালৈ লৈ আহে ৷ এয়া এক সম্পূর্ণ পৰিকল্পিত ঘটনা ৷ কাজিৰঙাৰ বুকুত অবৈধভাৱে নিৰ্মাণ কৰিব খোজা পঞ্চতাৰকা হোটেলৰ বিৰুদ্ধে গোটেই অসমজুৰি জনমত গঠন হোৱাত চৰকাৰ হতাশ হৈছে আৰু অৱশেষত ভয়, ভাবুকি, হত্যাৰ প্ৰচেষ্টা হাতত লৈছে ৷ কিন্তু আমি এয়া কেতিয়াও সফল হ'বলৈ নিদিওঁ ৷ প্ৰাণ যাব, প্ৰতিবাদ অব্যাহত থাকিব ৷ আমাৰ স্পষ্ট দাবী- যোৱা 7 আগষ্টৰ এই ভয়ানক ঘটনাৰ লগত জড়িত প্ৰত্যেকজন দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰক আৰু এক স্বতন্ত্ৰ ন্যায়িক তদন্তৰ ব্যৱস্থা কৰক ৷"

লগতে পঢ়ক : কাজিৰঙাত পঞ্চতাৰকা হোটেল: নিজাববীয়া গোচৰ ৰুজু ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ - Five star hotel in Kaziranga

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.