ETV Bharat / state

অক্টোবৰত গুৱাহাটীত মুকলি হ'ব ভাৰতৰ প্ৰথমটো নদী টাৰ্মিনেল : কি এই নদী টাৰ্মিনেল ? - FIRST RIVER TERMINAL IN INDIA

author img

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 7:27 PM IST

Guwahati Gateway Ghat : অপেক্ষা আৰু কিছু মাহৰ ৷ চলিত বৰ্ষৰ অক্টোবৰত গুৱাহাটীত মুকলি হ'ব ভাৰতৰ প্ৰথমটো নদী টাৰ্মিনেল ৷ নিৰ্মীয়মান অৱস্থাত আছে গুৱাহাটী গেটৱে' ঘাট ৷ পিছে আপুনি বাৰু জানেনে কি এই নদী টাৰ্মিনেল ? কি কি সুবিধা আছে এই টাৰ্মিনেলটোত ?

FIRST RIVER TERMINAL IN INDIA
ভাৰতৰ প্ৰথমটো নদী টাৰ্মিনেল (The Assam Inland Water Transport Development Society)

গুৱাহাটী, ২৫ জুলাই : গুৱাহাটীবাসীৰ বাবে সুখবৰ । কাৰণ গুৱাহাটীত সংযোজিত হ'ব ভাৰতৰ প্ৰথমটো নদী টাৰ্মিনেল । অহা অক্টোবৰত এই নদী টাৰ্মিনেলটো মুকলি কৰা হ'ব । The Assam Inland Water Transport Development Society কাৰ্যালয়ে এই কথা সদৰী কৰিছে ।

River terminal
গুৱাহাটীত মুকলি হ'ব ভাৰতৰ প্ৰথমটো নদী টাৰ্মিনেল (The Assam Inland Water Transport Development Society)

উল্লেখ্য যে, ২০২২ চনৰ ১৩ মে’ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰ প্ৰথমটো অত্যাধুনিক নদী ফেৰী টাৰ্মিনেল গুৱাহাটী গেটৱে ঘাট (জিজিজি)ৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰিছিল । The Assam Inland Water Transport Development Society কাৰ্যালয়ৰ পৰা জনোৱা‌ মতে, নদী টাৰ্মিনেলটোৰ ৯০ শতাংশ কাম প্ৰায়‌‌ সম্পূৰ্ণ হৈছে । বিশ্ব বেংকৰ পৰা প্ৰায় ৩০৫ কোটি টকাৰ পুঁজিৰে এই নদী টাৰ্মিনেলটো নিৰ্মাণ কৰা হৈছে ।

River terminal
কি এই নদী টাৰ্মিনেল ? (The Assam Inland Water Transport Development Society)

লগতে পঢ়ক : লুইতৰ পাৰত দেশৰ প্ৰথম নদী ফেৰী টার্মিনেলৰ আধাৰশিলা

কি থাকিব নদী টাৰ্মিনেলত ? :

এই নদী টাৰ্মিনেলটোত আভ্যন্তৰীণ জল পৰিবহণ অসমৰ অধীনৰ সকলো ফেৰী, জাহাজ আদিৰ যাত্ৰা কৰা হ'ব । ক’বলৈ গ'লে একপ্ৰকাৰ উৰাজাহাজৰ বাবে যেনেদৰে গুৱাহাটী বিমানবন্দৰ আছে, তেনেদৰে জাহাজৰ বাবে অসমত প্ৰথমবাৰৰ বাবে এনেধৰণ নদী বন্দৰ অৰ্থাৎ নদী টাৰ্মিনেল নিৰ্মাণ কৰা হৈছে । এয়া ভাৰতৰ ভিতৰত প্ৰথম ।

River terminal
নদী টাৰ্মিনেলটোত নতুন নতুন দিশ সংযোজিত (The Assam Inland Water Transport Development Society)

গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ পিচফালে অৰ্থাৎ ফাচীবজৰৰ ব্ৰহ্মপুত্ৰ নদীৰ ঘাটত এই নদী টাৰ্মিনেল নিৰ্মাণ কৰা হৈছে । নদী টাৰ্মিনেলত ১০০ জন যাত্ৰী বহিব পৰা অপেক্ষাগৃহ থাকিব । লগতে থাকিব বজাৰগৃহ, ৰেষ্টোৰা, টিকট ঘৰ আদি ।

নদী টাৰ্মিনেলটোত ১৮০ মিটাৰ দৈৰ্ঘৰ বিশেষ পথ নিৰ্মাণ কৰা হৈছে । এই পথেৰে যাত্ৰী আৰু বাহন জাহাজত উঠিব পাৰে । এয়া বিশেষভাৱে নিৰ্মাণ কৰা‌ হৈছে, যাতে নদীৰ পানী কমিলে বা বাঢ়িলে কোনো অসুবিধা নহয় ।

লগতে পঢ়ক : গুৱাহাটীৰ পৰা ঢাকা, কাঠমাণ্ডুলৈ চলিব এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান - Guwahati Airport

ব্ৰহ্মপুত্ৰত জাহাজ দুৰ্ঘটনাত উদ্ধাৰৰ ঐতিহাসিক সংযোজন :

এই নদী টাৰ্মিনেলটোত নতুন নতুন দিশ সংযোজিত কৰা হৈছে । অসমত ব্ৰহ্মপুত্ৰ নদীত জাহাজ আৰু ফেৰী দুৰ্ঘটনা হ'লে আভ্যন্তৰীণ জল পৰিবহণৰ কোনো অনুসন্ধান আৰু উদ্ধাৰ কৰা শাখা (Search and rescue unit) নাছিল । কিন্তু এতিয়াৰে পৰা গুৱাহাটী গেটৱে ঘাট (জিজিজি)ত search and rescue unit থাকিব । এই search and rescue unit টো Integrated Command & Control Center (ICCC) ৰ অধীনত থাকিব ।

অসমৰ বিভিন্ন নদীত চলাচল কৰি থকা আভ্যন্তৰীণ জল পৰিবহণ অসমৰ অধীনৰ জাহাজ বা ফেৰীক জি পি এছ ব্যৱস্থাৰ জৰিয়তে ICCC নিৰীক্ষণ কৰি থাকিব ।

লগতে পঢ়ক : ছেপ্টেম্বৰত সম্পূৰ্ণ হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ অত্যাধুনিক নদী টাৰ্মিনেল গুৱাহাটী গেটৱে' ঘাট - Minister Keshab Mahanta

অসমত নতুনকৈ চাৰিটাকৈ নিৰ্মাণ হৈ আছে নদী টাৰ্মিনেল :

গুৱাহাটী গেটৱে ঘাট (জিজিজি) ৰ লগতে অসমত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত উত্তৰ গুৱাহাটী ঘাট, উমানন্দ ঘাট, যোৰহাটৰ নিমাতী ঘাট আৰু মাজুলী অফলামুখ ঘাটত নদী টাৰ্মিনেল নিৰ্মাণ কৰি থকা হৈছে । এই নদী টাৰ্মিনেল চাৰিটাৰ ৩০ শতাংশ কাম প্ৰায়‌ সম্পূৰ্ণ হৈছে । অহা ডিচেম্বৰত এই নদী টাৰ্মিনেল চাৰিটা মুকলি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

উল্লেখ্য যে, নদী টাৰ্মিনেল এই উন্নয়নে দেশৰ পৰিবহণ আৰু লজিষ্টিক খণ্ডত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হ'ব । এই টাৰ্মিনেলটোৱে সামগ্ৰীৰ পৰিবহণৰ লগতে ফেৰী যাত্ৰীকো সুচাৰুৰূপে আৰু অধিক কাৰ্যক্ষম কৰি ৰাজ্যখনৰ অৰ্থনীতি বৃদ্ধি বুলি আশা কৰা হৈছে ৷

জিজিজিয়ে গুৱাহাটী আৰু ওচৰৰ নদী প্ৰৱেশ পইণ্ট বা ঘাটৰ যাত্ৰীসকলৰ বাবে বছৰজুৰি নদীৰ কাষেৰে নিৰাপদ আৰু উপভোগ্য পৰিবহণৰ ব্যৱস্থা কৰিব ।

লগতে পঢ়ক : গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ'পৱে ভাৰা শিক্ষাৰ্থীৰ বাবে ৫০% হ্ৰাস - Guwahati ropeway service

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.