ETV Bharat / state

ভাৰতীয় ৰে’লৱে : AC ডবাত ব্যৱহৃত সকলো কাপোৰ স্বচ্ছ আৰু পৰিষ্কাৰ-পৰিচন্ন

কংগ্ৰেছৰ সাংসদে উত্থাপন কৰা প্ৰশ্নৰ পিছতে ভাৰতীয় ৰে’লৱে যাত্ৰীসকলক যোগান ধৰা কম্বল আৰু চাদৰ সন্দৰ্ভত উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই কেতবোৰ মন্তব্য কৰে ৷

Northeast Frontier Railway
ভাৰতীয় ৰে’ল সেৱা (ANI)
author img

By ANI

Published : 3 hours ago

গুৱাহাটী : ভাৰতীয় ৰেলৱেই শীততাপ নিয়ন্ত্ৰিত (AC) শ্লীপাৰ ক্লাছত যাত্ৰা কৰা সকলো যাত্ৰীক পৰিষ্কাৰ-পৰিচ্ছন্ন, ভালদৰে ধোৱা আৰু ইস্ত্ৰী কৰা কম্বল আৰু চাদৰ প্ৰদানৰ বাবে সকলো প্ৰচেষ্টা হাতত লৈছে । ইয়াৰ বাবে শেহতীয়া অত্যাধুনিক প্ৰযুক্তিও ব্যৱহাৰ কৰা হৈছে ।

নৰ্থ-ইষ্ট ফ্ৰন্টিয়াৰ ৰে’লৱেৰ চিপিআৰঅ’ই জনোৱা মতে, ৰে’ল যাত্ৰাৰ সময়ত যাত্ৰীসকলক প্ৰদান কৰা কাপোৰ প্ৰতিবাৰ ব্যৱহাৰৰ পিছত বৈদুতিক যন্ত্ৰৰ সহায়ত কাপোৰ ধোৱা হয় বুলি সংবাদ সংস্থা ANI ৰ বাতৰিত উল্লেখ কৰা হয় ৷

শেহতীয়াকৈ কংগ্ৰেছৰ সাংসদ কুলদীপ ইন্দোৰাই ৰে’লে যাত্ৰীসকলক প্ৰদান কৰা কম্বল আৰু চাদৰসমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ হৈছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছিল, যাৰ উত্তৰত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ভাৰতীয় ৰে’লৱে শীততাপ নিয়ন্ত্ৰিত (AC) শ্লীপাৰ ক্লাছত যাতায়তৰ অনুমতি দিয়ে ।

সকলো যাত্ৰীকে পৰিষ্কাৰ-পৰিচ্ছন্ন, স্বচ্ছ আৰু ভালদৰে ইস্ত্ৰী কৰা কম্বল আৰু চাদৰৰ ব্যৱস্থা কৰিবলৈ সকলো প্ৰচেষ্টা চলোৱা হয় । ইয়াৰ বাবে শেহতীয়া অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হয় । ৰে’লত যাত্ৰা কৰাৰ সময়ত যাত্ৰীসকলক প্ৰদান কৰা কম্বল আৰু বিচনা চাদৰ প্ৰতিটো ব্যৱহাৰৰ পিছত কাপোৰবোৰ ধুই পেলোৱা হয় ।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ চিপিআৰঅ’ কপিঞ্জল কিশোৰ শৰ্মাই কয় যে ৰে’ল যাত্ৰাৰ সময়ত যাত্ৰীসকলক প্ৰদান কৰা কম্বল বা বিচনা চাদৰ সাধাৰণতে মাহত এবাৰ হ’লেও ধুই পেলোৱা হয় আৰু প্ৰয়োজন অনুসৰি ই অধিক হ্ৰাস পাই ১৫ দিন বা তাতোকৈ অধিক হয় ।

কপিঞ্জল কিশোৰ শৰ্মাই কয়, “প্ৰতিজন শীততাপ নিয়ন্ত্ৰিত যাত্ৰীক বেডৰ’ল কিট(কম্বল, গাৰু আৰু চাদৰ থকা এটা পেকেট)ত অতিৰিক্ত চাদৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে – য’ত কম্বল আৰু চাদৰ ক্ৰমে এখন বাৰ্থত শুবলৈ আৰু আনখন গাত উৰি ল’বলৈ ৰিজাৰ্ভেচন এগেইনষ্ট কেনচেলেচন (Reservation against cancellation চমুকৈ RAC) যাত্ৰীসকলকো ডবাত দিয়া হৈছে ।’’

‘‘শীততাপ নিয়ন্ত্ৰিত ডবাৰ উষ্ণতা ২৪ ডিগ্ৰী চেণ্টিগ্ৰেডৰ ওচৰত ৰখা হয়, গতিকে কম্বলৰ প্ৰয়োজন নহয় আৰু বিচনা চাদৰখন পৰ্যাপ্ততকৈ অধিক । ৰে’লৱে যাত্ৰীসকলক পৰিষ্কাৰ বেড্ৰল কিট অৰ্থাৎ সহজ অৰ্থত বিচনা চাদৰৰ কিট প্ৰদানৰ বাবেও কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে এন এফ ৰে’লৱে ৷ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত কেইবাটাও অত্যাধুনিক লণ্ড্ৰী কেয়াৰ চেণ্টাৰ অৰ্থাৎ ৰে’লৱেৰ কাপোৰ ধোৱা কেন্দ্ৰই কাম কৰি আছে ।” তেওঁ কয় ৷

তেওঁ আৰু কয় যে গুৱাহাটীত আন এটা নতুন লণ্ড্ৰী কেয়াৰ চেণ্টাৰ স্থাপন কৰা হৈছে য’ত প্ৰতিদিনে ১৬ হাজাৰ বেড্ৰল পেকেট উৎপাদন ক্ষমতা আছে ।

"ইয়াৰ দ্বাৰা গুৱাহাটী ভিত্তিক ৰে'লৰ ক্ৰমবৰ্ধমান বেড্ৰলৰ প্ৰয়োজনীয়তা পূৰণ কৰা হ'ব । গুৱাহাটীৰ অত্যাধুনিক লণ্ড্ৰী হৈছে সুৰংগ ভিত্তিক ব্যৱস্থা যাৰ অসংখ্য বৈশিষ্ট্য আছে, য'ত পানী, বিদ্যুৎ, ভাপ আৰু ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ অনুকূল কৰি তোলাৰ ক্ষমতাও আছে ৷’’ শৰ্মাই কয় ৷

‘‘ৰে’ল যাত্ৰাৰ সময়ত যাত্ৰীসকলৰ আৰাম আৰু সুৰক্ষাৰ বাবে স্বচ্ছ আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন বেড্ৰল প্ৰদানৰ বাবে ভাৰতীয় ৰে’লৱেই কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে । ৰে’লৱেৰ পদক্ষেপৰ ভিতৰত উন্নত মানদণ্ড নিশ্চিত কৰিবলৈ কটকটীয়া সহনশীলতাৰ সৈতে উন্নত ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ (বিআইএছ) স্পেচিফিকেশনৰ সৈতে নতুন লিনেন চেট্ ক্ৰয় কৰাটোও অন্তৰ্ভুক্ত কৰা হৈছে ।’’ কপিঞ্জল কিশোৰ শৰ্মাই কয় ।

“স্বচ্ছ আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন লিনেন চেটৰ যোগান নিশ্চিত কৰিবলৈ মেকানাইজড লণ্ড্ৰী (Mechanized laundries) স্থাপন কৰা হৈছে, লিনেন সামগ্ৰী ধোৱাৰ বাবে ষ্টেণ্ডাৰ্ড মেচিন আৰু ব্ৰেণ্ডেড ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয় ৷ ধোৱা লিনেন সামগ্ৰীৰ মানদণ্ড পৰীক্ষা কৰিবলৈ হোৱাইট’-মিটাৰ ব্যৱহাৰ কৰা হয় ৷ লগতে ৰে’ল মাদাদ পৰ্টেলত দাখিল কৰা অভিযোগসমূহৰ ওপৰত নিৰীক্ষণ আৰু তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আঞ্চলিক মুখ্য কাৰ্যালয় আৰু সংমণ্ডল পৰ্যায়ত স্থাপন কৰা হৈছে । প্ৰথাসমূহৰ সৈতে ৰে’লৱে যাত্ৰীৰ সুবিধা আৰু সুৰক্ষা বৃদ্ধিৰ লক্ষ্য ৰাখিছে ।’’ শৰ্মাই কয়।

তেওঁ লগতে কয় যে ভাৰতীয় ৰে’লৱে পৰিৱেশ অনুকূল পেকেজিংকে ধৰি বিচনাৰ সকলো সামগ্ৰী মজুত কৰি ৰখা, পৰিবহণ, লোডিং আৰু আনলোডিঙৰ বাবে লজিষ্টিক উন্নত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে । বৰ্তমানৰ নিৰ্দিষ্টতা অনুসৰি ভাৰতীয় ৰে’লৱেত ব্যৱহৃত কম্বলসমূহ লঘু, ধোৱাত সহজ আৰু যাত্ৰীসকলক সামগ্ৰিকভাৱে আৰামদায়ক ভ্ৰমণ অভিজ্ঞতাৰ বাবে ভাল ইনচুলেচন প্ৰদান কৰে ।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়াই কয়, ‘‘কোনো কাৰণতে ৰে’ল যাত্ৰাৰ সময়ত যাত্ৰীসকলক ব্যৱহাৰৰ বাবে নোধোৱা কাপোৰ যোগান ধৰা নহয় ৷’’ (ANI)

লগতে পঢ়ক : অসমৰ চাহ উদ্যোগৰ সমস্যা সমাধানৰ আশ্বাস কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.