ETV Bharat / state

পৰৱৰ্তী লক্ষ্য এছিয়া কাপ; ঘৰুৱা খেলপথাৰত অনুশীলনত ব্যস্ত উমা চেত্ৰী - Cricketer Uma Chetry

author img

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 7:31 AM IST

Uma Chetry Preparation For Asia Cup : ৰাষ্ট্ৰীয় দলৰ হৈ আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক ঘটা প্ৰথমগৰাকী অসমীয়া ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে অসমকন্যা উমা চেত্ৰী । সদ্যসমাপ্ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাত ভাৰতীয় দলৰ হৈ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটে উমাৰ । ইতিমধ্যে উক্ত শৃংখলা সামৰি বোকাখাতত উপস্থিত হৈছে উমা চেত্ৰী । উমাৰ এতিয়া পৰৱৰ্তী লক্ষ্য এছিয়া কাপ । যাৰ বাবে ঘৰুৱা খেলপথাৰত অনুশীলন অব্যাহত ৰাখিছে উমাই ।

Uma Chetry Preparation For Asia Cup
ঘৰুৱা খেলপথাৰত অনুশীলনত ব্যস্ত উমা চেত্ৰী (ETV Bharat Assam)

কাজিৰঙা/গোলাঘাট, ১৩ জুলাই : ২০২৪ চনৰ ৭ আৰু ৮ জুলাই । অসমৰ ক্ৰীড়া ইতিহাসৰ বাবে দুটা স্মৰণীয় দিন । কিয়নো ৭ জুলাইত অসমবাসীক গৌৰৱান্বিত কৰি ৰাষ্ট্ৰীয় দলৰ হৈ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত (মহিলা) অভিষেক ঘটায় অসম কন্যা উমা চেত্ৰীয়ে । তেওঁ হৈছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা আন্তৰাষ্ট্ৰীয় ক্ৰিকেট খেলা প্ৰথমগৰাকী ক্ৰিকেটাৰ । আনহাতে, ৮ জুলাইত ভাৰতীয় পুৰুষ ক্ৰিকেট দলত অভিষেক ঘটায় ৰিয়ান পৰাগে ।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সদ্যসমাপ্ত শৃংখলাত ৰাষ্ট্ৰীয় দলত অভিষেক ঘটে অসমৰ প্ৰতিভাৱান মহিলা ক্ৰিকেটাৰ উমা চেত্ৰীৰ । ইতিমধ্যে এই শৃংখলা সামৰি বোকাখাতত উপস্থিত হৈছে ক্ৰিকেটাৰ উমা চেত্ৰী । বোকাখাতৰ কান্ধুলিমাৰী গাঁৱৰ নিজা ঘৰখনত উপস্থিত হৈ উমাই ব্যক্ত কৰিছে ভাৰতীয় জাতীয় মহিলা ক্ৰিকেট দলত উদযাপন কৰা মুহূৰ্তৰ অভিজ্ঞতা ।

যোৱা ৭ জুলাইত টি-২০ দলত অভিষেক ঘটাৰ মুহূৰ্তত উমাৰ কি অনুভূতি হৈছিল সেয়াও জনায় উমা চেত্ৰীয়ে । এই সময়খিনি আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰেৰণাদায়ক আছিল বুলি ব্যক্ত কৰে উমাই । উল্লেখ্য, সদ্যসমাপ্ত শৃংখলাটো চলি থকাৰ সময়তে উমাৰ ঘৰখন বানত বুৰ গৈছিল । তাৰ বাবে উদ্বিগ্ন আছিল উমা । কিন্তু তথাপি নিজৰ খেলৰ বাবে সৰ্বোচ্চ উজাৰি দিছিল বোকাখাতৰ জীয়াৰী উমাই ।

উমা চেত্ৰীৰ পৰৱৰ্তী লক্ষ্য হৈছে এছিয়া কাপ । সেয়ে আগন্তুক এছিয়া কাপৰ বাবে সাজু হোৱা উমা চেত্ৰীয়ে অহা ১৫ জুলাইত পুনৰ যোগ দিব ভাৰতীয় দলত । ইফালে বানাক্ৰান্ত নিজগৃহত উপস্থিত হোৱাৰ পাচত ঘৰুৱা পৰিস্থিতি চম্ভালি লৈ উমা চেত্ৰীয়ে ঘৰুৱা খেলপথাৰ বোকাখাত ষ্টেডিয়ামত আৰম্ভ কৰিছে অনুশীলন ।

অনুশীলনত অতি গুৰুত্ব দিয়া উমা চেত্ৰীয়ে নিজৰ মনৰ ভাব প্ৰকাশ কৰি কয় যে এগৰাকী খেলুৱৈ হিচাপে খেলপথাৰত তেওঁ নিজক সমৰ্পণ কৰি আহিছে । যিহেতু দেশবাসীয়ে এতিয়া উমাৰ খেল আন্তৰিকতাৰে উপভোগ কৰিছে, দেশবাসীক সন্তুষ্ট কৰিবলৈ সমস্ত উজাৰি খেলিব তেওঁ ।

উল্লেখ্য, টি-২০ ফৰ্মেটত ১৯ জুলাইৰ পৰা ২৮ জুলাইলৈ শ্ৰীলংকাত অনুষ্ঠিত হ'বলগা মহিলা এছিয়া কাপত যোগদান কৰিবলৈ নিজকে সাজু কৰিছে উমাই । গ্ৰুপ লীগ পৰ্যায়ত ১৯, ২১ আৰু ২৩ জুলাইত ক্ৰমে পাকিস্তান, ইউ এ ই আৰু নেপালৰ বিৰুদ্ধে ভাৰতীয় মহিলা দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ।

লগতে পঢ়ক :লক্ষ্যত উপনীত হ'বৰ বাবে বদ্ধপৰিকৰ উমা চেত্ৰী : কেনেদৰে চলাইছে প্ৰস্তুতি ? - Interaction With Cricketer Uma Chetry
লগতে পঢ়ক :ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা উমা ছেত্ৰীক বোকাখাতত সম্বৰ্ধনা অতুল বৰাৰ - WOMEN CRICKETER Uma Chetry

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.