ETV Bharat / state

ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডাৰ বাৰ্ষিক ATGM ৰ প্ৰশিক্ষণ সমাপ্ত

ATGM field firing test : ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডাৰ বাৰ্ষিক এন্টি টেংক গাইডেড মিছাইলৰ প্ৰশিক্ষণ সমাপ্ত ৷ ভাৰতীয় সেনা বাহিনীৰ প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেন্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱতে সদৰী কৰিছে এই কথা ৷

author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 12:26 PM IST

আঠ দিনীয়া কাৰ্যসূচীৰে সমাপ্ত ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডাৰ বাৰ্ষিক ATGM ৰ প্ৰশিক্ষণ

তেজপুৰ, ২৯ ফেব্ৰুৱাৰী : ছিক্কিমৰ তিস্তা ফিল্ড ফায়াৰিং ৰেঞ্জত ২০ ফেব্ৰুৱাৰীৰ পৰা আঠদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ভাৰতীয় সেনা বাহিনীৰ ইষ্টাৰ্ণ কমাণ্ডৰ বাৰ্ষিক এণ্টি টেংক গাইডেড মিছাইল (Anti Tank Guided Missile চমুকৈ ATGM) ফিল্ড ফায়াৰিঙৰ প্ৰশিক্ষণ ২৮ ফেব্ৰুৱাৰীত সম্পন্ন হয় । প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱতে জনায় এই কথা ।

তেওঁ কয় যে ভাৰতীয় সেনা বাহিনীৰ ইনফেণ্ট্ৰি আৰু মেকানাইজড ইনফেণ্ট্ৰি বেটেলিয়নৰ বিভিন্ন ইউনিটৰ পৰা প্ৰায় ১৫০০ ৰো অধিক জোৱানে এই কমাণ্ড লেভেলৰ প্ৰশিক্ষণ অনুশীলনত অংশগ্ৰহণ কৰে । ইষ্টাৰ্ণ কামাণ্ডৰ ত্ৰিশক্তি কৰ্পছৰ তত্বাৱধানত চলা এই ফায়াৰিং অনুশীলনত ৱান মিছাইল ৱান টেংকৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যৰে ২৬০ ৰো অধিক অত্যাধুনিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হয় ।

যুদ্ধক্ষেত্ৰত টেংকে মুখ্য ভূমিকা গ্ৰহণ কৰা কৌশলগত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই ফায়াৰিঙৰ লক্ষ্য কৰা হৈছে । বিশেষকৈ এ টি জি এম ডিটেচমেণ্ট বিভিন্ন ধৰণৰ পৰা অহা গুলী চলালে যিবোৰ কৌশলগত পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি তেওঁলোকে কি ভূমিকা গ্ৰহণ কৰিবলগীয়া হ’ব পাৰে ইয়াৰ বিষয়ে গুৰুত্ব আৰোপ কৰা হয় ।

ইয়াৰ ভিতৰত শেহতীয়াকৈ অন্তৰ্ভুক্ত থলুৱা লাইট ষ্ট্ৰাইক বাহনকে ধৰি বিভিন্ন বাহনৰ পৰা গুলীচালনা আৰু স্থল ভিত্তিক ডিটেচমেণ্টৰ দ্বাৰা গুলীচালনাও আছিল অন্যতম । হেলিকপ্টাৰেৰে অনা সৈন্যই লক্ষ্য আক্ৰমণ কৰাৰ অভ্যাসও কৰা হৈছিল।

এই ফায়াৰিঙৰ সাক্ষী ত্ৰিশক্তি কৰ্পছৰ জিঅ’চি আছিল । তেওঁ সৈন্য বাহিনীক তেওঁলোকৰ পেছাদাৰী উৎকৃষ্টতা আৰু কাৰ্যকৰী প্ৰস্তুতিৰ বাবে শলাগ লৈ এই গুৰুত্বপূৰ্ণ অস্ত্ৰৰ প্ৰশিক্ষণটোত পাৰদৰ্শিতা লাভ কৰিবলৈ সকলোকে আহ্বান জনায় ।

লগতে পঢ়ক : প্ৰতাৰণাৰে ভাৰতীয় যুৱকক ৰাছিয়াৰ সৈন্যবাহিনীত নিয়োগ; কেন্দ্ৰৰ পৰা সহায়ৰ আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.