ETV Bharat / state

ভয়াৱহ সংকটৰ ইংগিত: অসমত উদ্বেগজনকভাৱে বৃদ্ধি নতুন এইচ আই ভি সংক্ৰমণৰ সংখ্যা

দেশত এইচ আই ভিৰ সংক্ৰমণৰ হাৰ ০.২০ শতাংশৰ বিপৰীতে অসমত এই হাৰ ০.১৩ শতাংশ । অসমত দৈনিক প্ৰায় 20 জন এইডছ আক্ৰান্ত চিনাক্ত হয় ৷

HIV CASES IN ASSAM
অসমত উদ্বেগজনকভাৱে বৃদ্ধি নতুন এইচ আই ভি সংক্ৰমণৰ সংখ্যা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 12 hours ago

গুৱাহাটী: সৰ্বভাৰতীয় পৰ্যায়ত এইচ আই ভিৰ দ্বাৰা আক্ৰান্তৰ যি হাৰ, তাৰ তুলনাত অসমত এই হাৰ কম যদিও শেহতীয়াকৈ অসমত এইচ আই ভিৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে । অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সংস্থাৰ তথ্য মতে, অসমত ২০১০ চনৰ পৰা এইচ আই ভিৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই আহিছে । চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহে এইচ আই ভিৰ সংক্ৰমণ হ্ৰাস কৰাৰ বাবে নিয়মাফিক পদক্ষেপ কৰি আহিছে । যাৰ বাবে অসমত এইচ আই ভিৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সফল হ'ব পৰা নাই ।

অসমত নতুন এইচ আই ভি সংক্ৰমণৰ হাৰ ২২ শতাংশ বৃদ্ধি:

অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সংস্থাৰ তথ্য মতে, দেশত এইচ আই ভিৰ সংক্ৰমণৰ হাৰ ০.২০ শতাংশৰ বিপৰীতে উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ অসমত এইচ আই ভিৰ সংক্ৰমণৰ হাৰ ০.১৩ শতাংশ । এইচ আই ভি সংক্ৰমণৰ হাৰ সৰ্বভাৰতীয় পৰ্যায়ৰ তুলনাত অসমত কম যদিও অসমত নতুন এইচ আই ভি সংক্ৰমণৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে । অসমত নতুন এইচ আই ভি সংক্ৰমণৰ হাৰ ২০১০ চনৰ তুলনাত ২০২১ আৰু ২০২২ চনত ২২ শতাংশ বৃদ্ধি পাইছে ।

অসমকে ধৰি উত্তৰ-পূবৰ চাৰিখন ৰাজ্যত নতুন এইচ আই ভি সংক্ৰমণৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে । ত্ৰিপুৰা (524.41%), অৰুণাচল প্ৰদেশ (469.84%), মেঘালয় (124.70%) আৰু অসম (22.11%)। এইখিনিতে উল্লেখ কৰিব পাৰি যে উত্তৰ-পূবৰ তিনিখন ৰাজ্যত দেশৰ ভিতৰতে এইচ আই ভিৰ সংক্ৰমণ সৰ্বাধিক । এইচ আই ভি সংক্ৰমণৰ হাৰৰ ক্ষেত্ৰত মিজোৰাম, নাগালেণ্ড আৰু মণিপুৰ ভাৰতৰ ভিতৰতে শীৰ্ষত আছে । এইচ আই ভিৰ প্ৰাদুৰ্ভাৱৰ হাৰ মিজোৰাম, নাগালেণ্ড আৰু মণিপুৰত ক্ৰমে 2.73%, 1.37% আৰু 0.87% ।

অসমত দৈনিক ১৮-২০ জনকৈ এইচ আই ভি লোক চিহ্নিত হয়:

অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সংস্থাৰ তথ্য অনুসৰি অসমত মাহত গড়ে ৬০০ জনকৈ এইচ আই ভি দ্বাৰা সংক্ৰমিত লোক চিহ্নিত হয় । অসমত দৈনিক গড়ে জনকৈ ১৮-২০ জনকৈ এইচ আই ভি দ্বাৰা সংক্ৰমিত লোক চিহ্নিত হয় । ২০২২-২৩ বিত্তীয় বৰ্ষত (এপ্ৰিলৰ পৰা ডিচেম্বৰলৈ) অসমত ৪০১৮ জন এইচ আই ভিৰ দ্বাৰা সংক্ৰমিত লোক চিহ্নিত হৈছিল । ২০২৩-২৪ বিত্তীয় বৰ্ষত (এপ্ৰিলৰ পৰা ডিচেম্বৰলৈ) ৭২৭৪ জন এইচ আই ভিৰ দ্বাৰা সংক্ৰমিত লোক চিহ্নিত হৈছিল । ২০২৪-২৫ বিত্তীয় বৰ্ষত (এপ্ৰিলৰ পৰা অক্টোবৰলৈ ) সাতমাহত অসমত ৩৯৪৭ জন এইচ আই ভিৰ দ্বাৰা সংক্ৰমিত লোক চিহ্নিত হৈছে ।

সৰ্বাধিক এইচ আই ভি দ্বাৰা সংক্ৰমিত জিলা:

অসমৰ নগাঁও জিলাত সৰ্বাধিক এইচ আই ভি দ্বাৰা সংক্ৰমিত লোক চিহ্নিত হৈছে । ২০২২-২৩ বিত্তীয় বৰ্ষত কামৰূপ মহানগৰ সৰ্বাধিক এইচ আই ভিৰ দ্বাৰা সংক্ৰমিত লোক চিহ্নিত জিলা আছিল । সেই বছৰত নগাঁও দ্বিতীয় স্থানত আছিল । কিন্তু ২০২৩-২৪ বিত্তীয় বৰ্ষত নগাঁও জিলাই প্ৰথম স্থান‌ অধিকাৰ কৰে, কামৰূপ মহানগৰ (গুৱাহাটী) দ্বিতীয় ‌হয় ।

লগতে পঢ়ক: বিশ্ব এইডছ দিৱস ২০২৪: কেনেকৈ হয় HIV ? HIV বিয়পে নেকি, HIVৰ সন্দৰ্ভত কিছুমান ভ্ৰান্ত ধাৰণা

তথ্য মতে, ২০২২-২৩ বিত্তীয় বৰ্ষত নগাঁও জিলাত ৭০৭ জন এইচ আই ভিৰ দ্বাৰা সংক্ৰমিত লোক চিহ্নিত হৈছিল । ঠিক সেইদৰে গুৱাহাটীত ৮১৬ জন এইচ আই ভিৰ দ্বাৰা সংক্ৰমিত লোক চিহ্নিত হৈছিল । তথ্য মতে, ২০২৩-২৪ বিত্তীয় বৰ্ষত নগাঁও জিলাত ১৩৫৩ জন এইচ আই ভিৰ দ্বাৰা সংক্ৰমিত লোক চিহ্নিত হৈছিল । ঠিক সেইদৰে গুৱাহাটীত ১২৪০ জন এইচ আই ভি সংক্ৰমিত লোক চিহ্নিত হৈছিল ৷

উল্লেখযোগ্য যে অসমৰ সৰ্বাধিক এইচ আই ভিৰ দ্বাৰা সংক্ৰমিত লোক চিহ্নিত পাঁচখন জিলাৰ ভিতৰত আছে ক্ৰমে কামৰূপ মহানগৰ (গুৱাহাটী), নগাঁও, কাছাৰ, তিনিচুকীয়া আৰু শোণিতপুৰ জিলা ।

জিলা২০২২-২৩২০২৩-২০২৪২০২৪-২০২৫
(অক্টোবৰলৈ)
কামৰূপ মহানগৰ (গুৱাহাটী)৮১৬১২৪০৫৩৩
নগাঁও৭০৭১৩৫৩৩৭৫‌
কাছাৰ৪০৭৬৫১৩৬০
তিনিচুকীয়া১২০৪৯৭৩৩১
শোণিতপুৰ১৫৬৩৬৩৩৪৪

বেজীৰে ড্ৰাগছ লোৱাৰ বাবে বৃদ্ধি হৈছে এইচ আই ভি:

অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সংস্থাৰ সহকৰী সঞ্চালক ৰঞ্জনজ্যোতি ডেকাই কয়- ‘‘শেহতীয়াকৈ অসুৰিক্ষত যৌন সম্পৰ্কৰ জৰিয়তে এইচ আই ভি সংক্ৰমণ কমিছে । কিন্তু নতুনকৈ যি এইচ আই ভি সংক্ৰমণ বৃদ্ধি পাইছে তাৰ অন্যতম কাৰণ হ'ল অসমত বেজীৰে ড্ৰাগছ লোৱা লোকৰ সংখ্যা বৃদ্ধি । কাৰণ এইধৰণৰ লোকৰ পৰা এই সংক্ৰমণ বৃদ্ধি পাইছে । তেওঁলোকে সুৰক্ষিতভাৱে বেজী ব্যৱহাৰ নকৰে । এটা বেজীৰে বহুত কেইজনে ড্ৰাগছ ‌সেৱন কৰে‌ । তথ্য মতে, 64.6 শতাংশ এইচ আই ভি সংক্ৰমণ বেজীৰে ড্ৰাগছ লোৱাৰ পৰা হৈছে ।‌ আনহাতে 25.2 শতাংশ অসুৰিক্ষত যৌন সম্পৰ্কৰ জৰিয়তে হৈছে ।’’

অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সংস্থাৰ সহকৰী সঞ্চালক ৰাজীৱ শৰ্মাই কয়, ‘‘এইডছ হৈছে এইচ আই ভি সংক্ৰমণৰ চৰম পৰ্যায় । এইচ আই‌ ভিৰ দ্বাৰা সংক্ৰমিত ব্যক্তিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা নাইকীয়া হৈ যায় । এইডছে ৰোগীসকলক যক্ষ্মা, হেপাটাইটিছ বি আৰু চি, কিছুমান কৰ্কট ৰোগৰ দৰে আন কেইবাটাও সংক্ৰামক ৰোগৰ প্ৰতি অত্যন্ত সংবেদনশীল কৰি তোলে । কোনোৱে যক্ষ্মা, মেলেৰিয়া বা আন ৰোগ হৈ ৰোগ প্ৰতিৰোধ ক্ষমতা হেৰুৱাই মৃত্যুৰ মুখত পৰে । যাৰ বাবে এইডছত মৃত্যু হোৱাৰ সঠিক তথ্য সংগ্ৰহ কৰা অসুবিধা হয় । সি যি কি নহওঁক এইচ আই ভিৰ সংখ্যাই স্বাস্থ্য সংকটৰ ইংগিত দিয়ে । এই ক্ষেত্ৰত অসমৰ বাবে নতুনকৈ এইচ আই ভি সংক্ৰমণ বৃদ্ধিয়ে স্বাস্থ্য সংকটৰ ভয়াৱহ ইংগিত বহন কৰিছে ।

লগতে পঢ়ক: ড্ৰাগছৰ ব্যৱহাৰে এইডছৰ ভয়াৱতা বৃদ্ধি কৰিছে অসমত !

সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতিবছৰে পালন কৰা হয় এই দিৱস; তৎস্বত্বেও আজিও প্ৰস্তুত নহ’ল প্ৰতিষেধক - World AIDS Vaccine Day 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.