ETV Bharat / state

কাজিৰঙাই ৰিঙিয়াই : দেশ-বিদেশৰ কোন কোন বিশেষ ব্যক্তি মুগ্ধ হৈছিল কাজিৰঙাৰ সৌন্দৰ্যত - Kaziranga National Park

Special tourist in Kaziranga National Park: এশিঙীয়া গঁড়ৰ বাবে বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ সাময়িকভাবে পৰ্যটকৰ বাবে বন্ধ হৈ পৰিল । তথ্য অনুসৰি বিশ্বৰ ভিতৰতে 70% শতাংশ এশিঙীয়া গঁড় আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰু 2022 চনৰ পিয়ল অনুসৰি 2613 টা গঁড় উদ্যানখনত আছে । কিন্ত আপুনি জানেনে ৰাষ্ট্ৰীয় উদ্যানখনলৈ পৰ্যটক হিচাপে কোন কোন বিশেষ ব্যক্তি আহিছিল ? ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক বিশেষ প্ৰতিবেদন----

author img

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 3:30 PM IST

Etv Bharat
Etv Bharat (Etv Bharat)

তেজপুৰ, 1 মে': ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অলপতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিদৰ্শন কৰি কাজিৰঙাত নিশা কটোৱাৰ পিছতে ৰাষ্ট্ৰীয় উদ্যানখন পৰিদৰ্শনৰ বাবে পৰ্যটকৰ ভিৰ পৰিলক্ষিত হয় । দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চলিত বৰ্ষৰ 9 মাৰ্চত ৰাষ্ট্ৰীয় উদ্যানখন পৰিদৰ্শন কৰি জীপ চাফাৰী কৰে । মাত্ৰ এটা পৰ্যটন বৰ্ষৰ ভিতৰতে দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ভূটানৰ ৰজা আৰু বিখ্যাত ফুটবল খেলুৱৈ বাইচুং ভূটীয়াই ৰাষ্ট্ৰীয় উদ্যানখন পৰিদৰ্শন কৰে ।

ৰাষ্ট্ৰীয় উদ্যানখনৰ বাবে উল্লেখনীয় দিন:

1905 চনত ৰাষ্ট্ৰীয় উদ্যানখনে প্ৰাৰম্ভিকভাবে সংৰক্ষিত বনাঞ্চল হিচাবে স্বীকৃতি লাভ কৰিছিল আৰু পৰৱৰ্তী সময়ত 1985 চনত ৰাষ্ট্ৰীয় উদ্যানখনে ইউনেস্ক’ৰ (UNESCO) বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাবে স্বীকৃতি লাভ কৰে । 1953 চনত সেই সময়ৰ কেন্দ্ৰীয় ৰেল আৰু পৰিবহণ মন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিছিল বুলি ৰাষ্ট্ৰীয় উদ্যানৰ বিভাগীয় ৰেকৰ্ড বহীত অন্তৰ্ভুক্ত হৈ আছে ।

Kaziranga National Park
পূৰ্বৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ (Kaziranga National Park authority)

ইয়াৰ পৰৱৰ্তী সময়ত 1956 চনৰ 20 অক্টোবৰত পূৰ্বৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু ফিৰোজ গান্ধীয়ে ৰাষ্ট্ৰীয় উদ্যানখন পৰিদৰ্শন কৰিছিল । অৱশ্যে সেই সময়ত ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হোৱা নাছিল । প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিং ভাৰত চৰকাৰৰ পৰিকল্পনা সচিব হৈ থকা সময়তে 1982 চনৰ 23 মাৰ্চত এই ৰাষ্ট্ৰীয় উদ্যানখন পৰিদৰ্শন কৰিছিল ।

Kaziranga National Park
কাজিৰঙাত সপৰিয়ালে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ (X)

কিন্ত 2000 চনৰ পিছৰে পৰা ৰাষ্ট্ৰীয় উদ্যানখনলৈ কিছু পৰিৱৰ্তন আহে । 2005 চনৰ 12 ফেব্ৰুৱাৰীত পঞ্চাশটা এছিয়ান হাতীৰ শোভাযাত্ৰাৰে শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যানৰ আমন্ত্ৰিত অতিথি মহাৰাণী গায়ত্ৰী দেৱী, হস্তীৰাণী পাৰ্বতী বৰুৱা, কাজিৰঙাৰ ব্ৰেণ্ড এম্বেছাদৰ মাৰ্ক ছাণ্ড, লৰ্ড নিকোলাছ ৰেভেণ্ডেন আৰু ভাৰতৰ তেতিয়াৰ ভাইচৰয় লৰ্ড কাৰ্জনৰ নাতি লেডী ৰেভেণ্ডেন উপস্থিত থাকে আৰু ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে । 2016 চনৰ এপ্ৰিল মাহত ব্ৰিটিছ ৰাজকীয় দম্পতী ৰাজকুমাৰ উইলিয়াম আৰু ৰাজকুমাৰী কেট মিডলটনে জীপ ছাফাৰীৰ দ্বাৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন পৰিদৰ্শন কৰে । এশিঙীয়া গঁড়ৰ বাবে পৰিচিত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাগৰি ৰেঞ্জত নিৰাপত্তা বেষ্টনীৰ মাজত এখন মুকলি জীপত ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিছিল আৰু এইটো ৰাষ্ট্ৰীয় উদ্যানখনৰ বাবে আছিল এক উল্লেখযোগ্য বিষয় ।

Kaziranga National Park
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (X)

ইয়াৰ পিছত একে বর্ষত সেই সময়ৰ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি মহম্মদ হামিদ আনছাৰীয়েও পৰিদৰ্শন কৰিছিল ৰাষ্ট্ৰীয় উদ্যানখন । জৱাহৰলাল নেহৰুৱে প্ৰধানমন্ত্ৰী হিচাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰাৰ পিছত ইন্দিৰা গান্ধী আৰু ড৹ মনমোহন সিঙে কিন্তু প্ৰধানমন্ত্ৰী হিচাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰা নাছিল । 2020 চনৰ মাৰ্চ মাহত অনুষ্ঠিত হোৱা কাজিৰঙা মহোৎসৱত মুখ্য অতিথি হিচাবে উপস্থিত আছিল ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰচেন ।

মন কৰিবলগীয়া যে, ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰা দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি । তেওঁ 2022 চনৰ ফেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিছিল । ইয়াৰ পিছত বৰ্তমান দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে 2023 চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰীয় উদ্যানৰ গজ উৎসৱৰ মুকলি কৰিছিল । মাত্ৰ দুটা বৰ্ষৰ ভিতৰত দুগৰাকী ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰীয় উদ্যানখন পৰিদৰ্শন কৰিছিল । 2023 চনৰ অক্টোবৰ মাহত ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুকে ৰাষ্ট্ৰীয় উদ্যানখন পৰিদৰ্শন কৰে আৰু ইয়াৰ পিছত তাৰকা ফুটবল খেলুৱৈ ৱাইচুং ভূটীয়া ৰাষ্ট্ৰীয় উদ্যানখনলৈ অহাৰ পিছত পৰ্যটনৰ সোঁত ব’বলৈ ধৰে ।

লগতে পঢ়ক: পৰ্যটকৰ বাবে বন্ধ হ’ল কাজিৰঙা - Tourism in Kaziranga Shuts Down

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.