ETV Bharat / state

উপামণিৰ পৰা অবিনাশলৈ : তিনিটা দশকত কিমান মহানাগৰিকৰ প্ৰাণ ল’লে কৃত্ৰিম বানে ? - Artificial flood in Guwahati

Guwahati development : মৰণত শৰণ দি মহানগৰবাসীয়ে যাপন কৰি আহিছে জীৱন ৷ প্ৰশাসনৰ গুৰুত্বহীনতাত কোন সময়ত কিদৰে কাৰ মৃত্যু হ’ব তাৰ নিশ্চয়তা নাই ৷ কৃত্ৰিম বানে কাঢ়িছে ইটোৰ পিচত সিটো জীৱন ৷

author img

By ETV Bharat Assamese Team

Published : Jul 6, 2024, 5:57 PM IST

Guwahati development
মহানগৰৰীৰ কৃত্ৰিম বানে কাঢ়িছে ইটোৰ পিচত সিটো জীৱন (ETV Bharat Assam)

গুৱাহাটী, ৬ জুলাই : শেহতীয়াকৈ কৃত্ৰিম বানে মহানগৰীৰ আভিজাত্য পুনৰ উদঙাই দেখুৱালে ৷ চৰকাৰে গুৱাহাটীৰ উন্নয়নক লৈ বজাই থকা ফটাঢোল পুনৰ উন্মোচিত হ’ল ৷ মহানগৰীৰ উম্মুক্ত নলাত পৰি অবিনাশ সৰকাৰ নামৰ এটি কণমানি নিৰুদ্দিষ্ট হৈ থকাৰ ঘটনাই চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাই দেখুৱালে ৷

উল্লেখ্য যে কৃত্ৰিম বানৰ সমস্যাই মহানগৰীত যোৱা তিনিটা দশক ধৰি জটিল ৰূপ ধাৰণ কৰি আহিছে ৷ কিন্তু এইক্ষেত্ৰত কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত যোৱা তিনিটা দশকত কৃত্ৰিম বানত ১১ জনকৈ লোকে মৃত্যুক সাৱটি ল’বলগীয়া হৈছে ৷ ২০০২ চনত গুৱাহাটীৰ বানত পোনপ্ৰথমবাৰৰ বাবে মানুহৰ মৃত্যু হৈছিল ৷ বানত কৰুণভাৱে মৃত্যুক সাৱটি লোৱা মহিলাগৰাকীৰ নাম আছিল উপামণি চৌধুৰী ৷ চানমাৰি অঞ্চলত এটা নলাত পৰি উপামণিৰ মৃত্যু হৈছিল ।

লগতে পঢ়ক: মৰণফান্দত পৰিণত মহানগৰীৰ ৰাজপথ : কাৰ ভুলৰ বাবে নলাত উটি গ’ল শিশু ?

তাৰ পিচত ২০০৭ চনত জু-ৰোডৰ নলাত পৰি বিনয়মোহন দাস নামৰ লোকজনৰ মৃত্যু হৈছিল । এনেদৰে মহানগৰীত প্ৰতিবছৰে বানপানীত মৃত্যু হোৱা লোকৰ সংখ্যা বাঢ়ি গৈ থাকিল ৷ ২০১৭ চনতে গুৱাহাটীত বানপানীৰ বাবে নজন লোকে কৰুণভাৱে মৃত্যুক সাৱটি লৈছিল । ইয়াৰে চাৰিজন লোক বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰিছিল ।

উল্লেখ্য যে মুখ্যমন্ত্ৰী তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ প্ৰথম পাঁচ বছৰীয়া আমোলত কৃত্ৰিম বানে একাকাৰ কৰি পেলোৱা মহানগৰীৰ এক উন্মুক্ত নলাত পৰি উপামণি চৌধুৰী নামৰ এগৰাকী মহিলা একেদৰে নিৰুদ্দিষ্ট হৈ পৰিছিল ৷ শেষত তেওঁৰ নিথৰ দেহ উদ্ধাৰ হৈছিল পল্টন বজাৰৰ নন্দন হোটেলৰ ওচৰৰ নলাৰ জাবৰৰ দ’মত আৱদ্ধ হৈ থকা অৱস্থাত ৷

লগতে পঢ়ক: অবিনাশৰ সন্ধানত নলাই নলাই অভিযান প্ৰশাসনৰ

ৰাজ্যজুৰি এই ঘটনাই তোলপাৰ লগোৱাই নহয়, কংগ্ৰেছ চৰকাৰখনক তীব্ৰ ঘৃণা আৰু ধিক্কাৰেৰে ওপচাই দিছিল । কিন্তু সেই কৰুণ ঘটনাৰ কুৰিটা বছৰৰ পিচতো বৃহস্পতিবাৰে নিশা মহানগৰীৰ মাজমজিয়াত একেই ঘটনাৰ পুনৰাবৃত্তিয়ে দেখদেখকৈ ৰাজ্যত কেউফালে উন্নয়নৰ গংগা বোওৱা বুলি ঢাক-ঢোল কোবাই থকা বৰ্তমানৰ কৰ্মদক্ষ চৰকাৰখনৰ ফোঁপোলা স্বৰূপটো উদঙাই দিলে ৷

উল্লেখ্য যে ২০০৭ চনত জু-ৰোডৰ নলাত পৰি বিনয়মোহন দাস নামৰ লোকজনৰ মৃত্যু হৈছিল । দিনত কন্যাৰ সৈতে জু-ৰোডলৈ ওলাই অহা বিনয়মোহন দাসে জু-ৰোডৰ বাছ আস্থানৰ পদপথৰ ওপৰেৰে খোজকাঢ়ি গৈ আছিল । কৃত্ৰিম বানত ডুব যোৱা পদপথৰ উন্মুক্ত নলাত পৰি বিনয়মোহন দাসে কৰুণভাৱে মৃত্যুক সাৱটি ল’বলগীয়া হৈছিল ।

তাৰ কিছুবছৰ পিচত অনিল নগৰত ৫৫ বছৰীয়া বাসন্তী দেৱীৰ কৃত্ৰিম বানত কৰুণ মৃত্যু হৈছিল । ২০১৭ চনৰ জুন মাহৰ এটি বর্ষাসিক্ত পুৱা । নিশাৰে পৰা অহা নেৰানেপেৰা বৰষুণজাকে মহানগৰীৰ বিভিন্ন বাট-পথবোৰ বুৰাই পেলাইছিল । বৰষুণজাক আৰু বানলৈ চাই বাসন্তী দেৱীয়ে মাথো এটা কথাই ভাবি আছিল- বৰষুণ আৰু বানপানীক নেওচি তেওঁ কামলৈ ওলাই যাব পাৰিবনে ! বহুত ভাবি-চিন্তি এটা সময়ত বাসন্তী ঘৰৰ পৰা ওলাই আহিছিল ।

লগতে পঢ়ক: গুৱাহাটীৰ কৃত্রিম বান পৰিস্থিতিকলৈ আজি দিছপুৰত মুখ্যমন্ত্রীৰ জৰুৰী বৈঠক

ঘৰৰ পৰা ওলাই অহা বাসন্তীৰ কিন্তু কোনোদিনে ঘৰলৈ উভতি যোৱা নহ’ল । বাসন্তী গৈ থকা পদপথটোত পৰি থকা বিদ্যুৎ পৰিবাহী তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ ৫৫ বছৰীয়া বাসন্তীৰ কৰুণ মৃত্যু হৈছিল । কেৱল বাসন্তী দেৱীয়ে নহয়, সেই বছৰটোত গুৱাহাটীত বানপানীৰ বাবে আঠজন লোকৰ মৃত্যু হৈছিল । ইয়াৰে চাৰিজনে বানপানীত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি লৈছিল । সেই বছৰটোতে মহানগৰীৰ বানত সৰ্বাধিক লোকৰ মৃত্যু হৈছিল ৷

উল্লেখ্য যে পানীৰ ধলত নলাত উটি যোৱা অবিনাশক যোৱা ৪০ ঘন্টা উকলি যোৱাৰ পিচতো উদ্ধাৰ কৰিব পৰা নাই ৷ ইয়াৰ পৰা চৰকাৰে কিবা শিক্ষা গ্ৰহণ কৰিবনে ? নে আগৰ দৰে সময় যোৱাৰ‌ পিচত সকলো‌ স্বাভাৱিক হৈ উঠিব ?

লগতে পঢ়ক: উদ্ধাৰ হ’ল নিখোজ অবিনাশৰ ছেণ্ডেলযোৰ; নলাই নলাই সন্তানক বিচাৰি হাবাথুৰি দুৰ্ভগীয়া পিতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.