গোৱালপাৰা, 9 জুলাই : গোৱালপাৰা জিলাৰ লক্ষীপুৰত ইছলাম ধৰ্ম ত্যাগ কৰিছে এগৰাকী মুছলমান যুৱকে । লক্ষীপুৰৰ কুৰ্শ্বাপাকৰিত সংঘটিত হৈছে এই ঘটনা । এগৰাকী মুছলমান যুৱকে ধৰ্মীয় আৰু আইনী প্ৰক্ৰিয়াৰ মাধ্যমেৰে ইছলাম ধৰ্মৰ পৰা সনাতনী হিন্দু ধৰ্ম গ্ৰহণ কৰে ।
জানিব পৰা মতে, জলেশ্বৰ সমষ্টিৰ শিমলাবাৰী গাঁৱৰ ইউচুফ আলীৰ পুত্ৰ ফাৰিজুল হক নামৰ যুৱকজনে আজি উক্ত গাঁওখনৰে হিন্দু ধৰ্মাৱলম্বী ৰাইজক একত্ৰিত কৰি কুৰ্শ্বাপাকৰী গাঁৱৰ শিৱ মন্দিৰত চুলি খুৰাই সম্পূৰ্ণ ধৰ্মীয় নীতি-নিয়ম অনুসৰি মন্ত্ৰ পাঠ কৰি আৰু ধূতি পৰিধান কৰি কঁপালত সেন্দুৰ লগাই সনাতন ধৰ্ম গ্ৰহণ কৰে ৷ ফাৰিজুল হকে সনাতন ধৰ্ম গ্ৰহণ কৰি নাম ৰাখিলে ৰাতুল ডেকা ।
লগতে পঢ়ক: খ্ৰীষ্টান ধর্ম ত্যাগ কৰি পুনৰ গ্ৰহণ কৰিলে হিন্দু ধৰ্ম : মন্দিৰত বিবাহ সম্পন্ন
এতিয়াৰে পৰা ফাৰিজুল হক ৰাতুল ডেকা নামেৰে পৰিচিত হ’ব । ফাৰিজুল হকে ইছলামৰ বিৰুদ্ধে একো নক’লে যদিও তেওঁ সৰুৰে পৰা হিন্দু ধৰ্মাৱলম্বী লোকৰ ঘৰত ডাঙৰ-দীঘল হৈছে । সৰুৰে পৰা সনাতনী হিন্দু ধৰ্মক ভালপাই আহিছিল আৰু সনাতনী ধৰ্মাৱলম্বী লোকক ভাল পায় বাবেই ফাৰিজুল হকে সনাতনী হিন্দু ধৰ্ম গ্ৰহণ কৰে ।
ৰাতুল ডেকাৰ মাক-দেউতাক, পুত্ৰ সন্তান, পত্নী আৰু আত্মীয় স্বজন সকলো ইছলাম ধৰ্মতে আছে । ৰাতুল ডেকাই ভৱিষ্যতে তেওঁৰ সন্তানক সনাতন ধৰ্ম গ্ৰহণ কৰাৰ আহ্বান জনাব বুলি সাংবাদিকৰ আগত মত ব্যক্ত কৰে ৷ ভৱিষ্যতে ফাৰিজুল হক ওৰফে ৰাতুল ডেকাই ইছলাম ধৰ্মক লৈ কোনোধৰণৰ বিতৰ্কিত মন্তব্য নকৰে বুলিও উল্লেখ কৰে ।
লগতে পঢ়ক: হিন্দুৰ সুৰক্ষাৰ বাবে সংবিধান সংশোধনৰ দাবী বিতৰ্কিত সত্ৰাধিকাৰ জনার্দন দেৱগোস্বামীৰ