ETV Bharat / state

পানীও লগোৱা নাই, পোৰাও নাই; জাবৰৰ পৰা প্ৰস্তুত কৰিলে পৰিৱেশ অনুকূল ইটা - STOP PRODUCTION OF PLASTICS

আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰেৰে এক নতুন উদ্ভাৱন কৰিছে গুৱাহাটী IIT-এ ৷ গুৱাহাটী IIT-এ নিৰ্মাণ কৰি উলিয়াইছে পৰিৱেশ অনুকুল ইটা ৷

environmentally friendly bricks
গুৱাহাটী IIT ৰ দ্বাৰা পৰিৱেশ অনুকুল ইটা উদ্ভাৱন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 21, 2024, 10:35 AM IST

গুৱাহাটী : সমস্যাৰ মাজতে লুকাই থাকে সম্ভাৱনাৰ পথ । মাত্ৰ সেই সম্ভাৱনাক বাস্তৱ ৰূপ দিবলৈ লাগে সাধনা আৰু সু-পৰিকল্পনা । তেনে এক সমস্যাক সম্ভাৱনালৈ পৰিৱৰ্তন কৰাত সফল হৈছে গুৱাহাটী আই আই টিৰ এটা গৱেষকৰ দল । এই গৱেষকৰ দলটোৱে নিৰ্মাণ কৰি উলিয়াইছে পৰিৱেশ অনুকুল ব্লক তথা ইটা ৷

পৌৰ নিগমৰ বৰ্জিত আৱৰ্জনা, নিৰ্মাণ কাৰ্যৰ পৰা ওলোৱা আৱৰ্জনাৰ লগতে নদী বা জলাশয়ৰ বোকা ব্যৱহাৰ কৰি গুৱাহাটী আই আই টিৰ এটা গৱেষকৰ দলে পথ নিৰ্মাণত ব্যৱহাৰ কৰা ব্লক তথা ইটা নিৰ্মাণ কৰা নতুন কৌশল উদ্ভাৱন কৰিছে ৷ এই ব্লক তথা ইটা সম্পূৰ্ণ পৰিৱেশ অনুকূল বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে গৱেষকৰ দলটোৱে ৷

গুৱাহাটী IIT ৰ দ্বাৰা পৰিৱেশ অনুকুল ইটা উদ্ভাৱন (ETV Bharat Assam)

গুৱাহাটী আই আই টিৰ অসামৰিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক অনিল কে মিশ্ৰৰ নেতৃত্বত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ এটা গৱেষণা দলে এক দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত গুৱাহাটী পৌৰ নিগমৰ বৰ্জিত আৱৰ্জনা, ব্ৰহ্মপুত্ৰৰ বোকা আৰু আই‌ আই টি গুৱাহাটীৰ চৌহদত নিৰ্মাণ কাৰ্যৰ বৰ্জিত আৱৰ্জনা ব্যৱহাৰ কৰি বিশেষ ধৰণে এই ইটা নিৰ্মাণ কৰিছে ।

এই সন্দৰ্ভত অধ্যাপক অনিল কে মিশ্ৰই কয়, ‘‘এই ইটা নিৰ্মাণত কোনো চিমেণ্ট ব্যৱহাৰ কৰা‌ হোৱা নাই । আনকি পানীও ব্যৱহাৰ কৰা নাই । লগতে কোনো দহন কাৰ্য সম্পন্ন নকৰাকৈ অৰ্থাৎ অন্য ইটাৰ দৰে জ্বলাই এই ইটা নিৰ্মাণ কৰা হোৱা নাই ।’’ তেওঁ আৰু কয়, ‘‘এই ইটা সম্পূৰ্ণ পৰিৱেশ অনুকূল । এই ইটা অন্য ইটাকৈ বেছি দীৰ্ঘম্যাদী ।’’

IIT Guwahati innovates eco-friendly geopolymer from industrial waste
পৰিৱেশ অনুকুল ইটা উদ্ভাৱন (ETV Bharat Assam)

আইআইটি গুৱাহাটীৰ অধ্যাপক অনিল কে মিশ্ৰ আৰু তেওঁৰ গৱেষণা ছাত্ৰ অলোক বিজলৱান আৰু বিতোপন সোণোৱালৰ এই গৱেষণাৰ অধ্যয়নৰ ফলাফলসমূহ প্ৰতিষ্ঠিত জাৰ্নেল কনষ্ট্ৰাকচন এণ্ড বিল্ডিং মেটেৰিয়েলছত প্ৰকাশিত হৈছে । অধ্যাপক মিশ্ৰৰ দলটোৰ এই গৱেষণাই আধুনিক অসামৰিক অভিযান্ত্ৰিক আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰে ।

নগৰীকৰণ আৰু ঔদ্যোগিকৰণ অব্যাহত থকাৰ লগে লগে, এই ধৰণৰ উদ্ভাৱনে এক পৰিৱেশ অনুকুল, অধিক বহনক্ষম ভৱিষ্যত গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা‌‌ হৈছে ।

লগতে পঢ়ক : বন্যহস্তীৰ দেহত ৰেডিঅ' ক'লাৰ স্থাপন, জানিব পৰা যাব হাতীৰ জাকৰ গতিবিধি

লগতে পঢ়ক : শীঘ্ৰেই বজাৰত উপলব্ধ হ’ব ভেজাল খাদ্য সামগ্ৰী পৰীক্ষণ যন্ত্ৰ ‘E-Nose’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.