ETV Bharat / state

নামতোলাত অপহৰণৰ ঘটনাৰ বুজ ল'লে শীৰ্ষ আৰক্ষী বিষয়াই - KIDNAPPING IN CHARAIDEO NAMTOLA

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ স্বৰূপ উদঙাই দিলে নগা দুৰ্বৃত্তই ।

Naga Miscreants Kidnapped Case
চৰাইদেউৰ নামতোলাত আই জি পি জিৎমল দলে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 26, 2024, 8:14 PM IST

মৰাণ: অসমক ড্ৰাগছমুক্ত কৰিবলৈ উঠিপৰি লাগিছে আৰক্ষী । মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশত দিনে-নিশাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে ড্ৰাগছ বিৰোধী অভিযান । ৰাজ্য চৰকাৰৰ গৃহ বিভাগে জিলাই জিলাই ড্ৰাগছ দহন কাৰ্যসূচী কৰি একপ্ৰকাৰে অসমক ড্ৰাগছমুক্ত কৰা বুলি জাহিৰ কৰি আহিছে ।

কিন্তু চৰাইদেউৰ নামতোলাত সংঘটিত অপহৰণৰ ঘটনাই অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান কিমান সফল তাক লৈ প্ৰশ্ন উখাপন কৰিছে ।

চৰাইদেউৰ নামতোলাত আই জি পি জিৎমল দলে (ETV Bharat Assam)

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ ফোপোলা স্বৰূপ উদঙাই দিলে নগা দুৰ্বৃত্তই । নামতোলাত অসমৰ ড্ৰাগছ সৰবৰাহকাৰীক অপহৰণ কৰি উদঙাই দিলে অসমত চলি থকা ড্ৰাগছৰ গোপন বজাৰ । উল্লেখ্য় যে চৰাইদেউৰ অসম-নাগালেণ্ডৰ সীমান্তত অসম আৰক্ষীক অস্তিত্বহীন কৰি সোমবাৰে সন্ধিয়া নামতোলা আৰক্ষী চকীৰ নিচেই কাষৰ পৰা নগা দুৰ্বৃত্তই গুলী ফুটাই অপহৰণ কৰে অসমৰ ব্যৱসায়ীক ।

মুছলেক আলী নামৰ লোকজনক নিজা ব্যৱসায় প্ৰতিষ্ঠানত বহি থকা সময়ত অস্ত্ৰধাৰী দুৰ্বৃত্তই অপহৰণ কৰিছিল । ব্যৱসায়ীজনৰ দোকানৰ সন্মুখত এটা গ্ৰেণেডো এৰি যায় দুৰ্বৃত্তৰ দলটোৱে । চি চি টিভিত বন্দী হৈছে অপহৰণৰ সমগ্ৰ দৃশ্য । ইয়াৰ মাজতেই সকলোকে আচৰিত কৰি ৰাজহুৱা হ'ল অপহৃত ব্যৱসায়ী মুছলেক আলীৰ বিস্ফোৰক ভিডিঅ' বাৰ্তা । অপহৰণকাৰীৰ কৱলত থকা গোপন স্থানৰ পৰা প্ৰেৰণ কৰা হৈছে ভিডিঅ'টো । ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ বাবে নগাৰ ৰোষত পৰিছে মুছলেক আলী, সেই কথা নিশ্চিত হৈছে ভিডিঅ' বাৰ্তাৰ জৰিয়তে ।

নামতোলাত উপস্থিত জিৎমল দলে:

চৰাইদেউৰ নামতোলাত অপহৰণৰ ঘটনাৰ পাছতে পৰিস্থিতিৰ বুজ ল'বলৈ নামতোলাত উপস্থিত হ'ল আই জি পি জিৎমল দলে । আৰক্ষী বিষয়াগৰাকীয়ে অপহৃত মুছলেক আলীৰ পৰিয়ালৰ লগতে স্থানীয় আৰক্ষীৰ সৈতে সমগ্ৰ ঘটনাক লৈ মিলিত হ'ল আলোচনাত । ঘটনাত কোন জড়িত আছে সেই সম্পৰ্কত অসম আৰক্ষীয়ে তদন্ত কৰি থকা বুলি কয় আৰক্ষী বিষয়াগৰাকীয়ে ।

অপহৰণৰ ঘটনাক লৈ কি কয় জিৎমল দলেই:

অসমৰ ব্যৱসায়ীক নগা দুৰ্বৃত্তই অপহৰণ কৰা ঘটনাৰ বুজ ল'বলৈ নামতোলাত উপস্থিত হৈ জিৎমল দলেই কয়," প্ৰাথমিক তদন্তত গম পোৱা গৈছে সোমবাৰে সন্ধিয়া চাৰিজনমান অস্ত্ৰধাৰী যুৱকে লৈ গৈছে ব্যক্তিজনক । আৰক্ষীয়ে তদন্ত চলাই আছে । কোন সংগঠনে অপহৰণ কৰিছে সেই সম্পৰ্কত এতিয়ালৈ আৰক্ষীৰ ওচৰত কোনো তথ্য নাই । অপহৃত ব্যক্তিজনক ইয়াৰ পূৰ্বে দুবাৰ অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । লোকজনক নাগালেণ্ডৰ সচেতন ৰাইজে ড্ৰাগছ ব্যৱসায় নকৰিবলৈ সকীয়াই দিছিল । নগা সমাজৰ লগত এই সম্পৰ্কত আলোচনা কৰা হ'ব । "

লগতে পঢ়ক:চাঞ্চল্যকৰ অপহৰণ; অসম-নাগালেণ্ডৰ সীমান্তৰ নামতোলাত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ

কিয় অপহৃত মুছলেক আলী: অজ্ঞাত স্থানৰ পৰা ভিডিঅ’ বাৰ্তাত দোষ স্বীকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.