ETV Bharat / state

সাহিত্যিকৰ মাজত জয়-পৰাজয় অশোভনীয়: অনুৰাধা শৰ্মা পূজাৰী - ANURADHA SHARMA PUJARI

কিয় অসম সাহিত্য সভাৰ সভাপতি পেনেলৰ পৰা নাম প্ৰত্যাহাৰ অনুৰাধা শৰ্মা পূজাৰীৰ ? সাহিত্য সভালৈ কি অনুৰোধ সাহিত্যিকগৰাকীৰ ?

Anuradha Sharma Pujari withdrawn her name from president election of Assam Sahitya Sabha
অনুৰাধা শৰ্মা পূজাৰীৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 14, 2024, 10:46 PM IST

যোৰহাট: সাহিত্য সভাপতি পদৰ পেনেলৰ পৰা নাম প্ৰত্যাহাৰ কৰি সাহিত্য সভাৰ প্ৰধান সম্পাদকলৈ পত্ৰ লিখি সভাপতি দৌৰৰ পৰা নিজকে আঁতৰাই ৰাখিলে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে ।

বৃহস্পতিবাৰে নিজৰ জন্মস্থান যোৰহাটত উপস্থিত হৈ সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে কয়,"অনুৰাগীসকলে মোক সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি হিচাপে বিচাৰিলে নহ'ব শাখাসমূহে বিচাৰিব লাগিব ।"

অনুৰাধা শৰ্মা পূজাৰীৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

তেওঁ লগতে কয়,"মোক সাহিত্য সভাৰ সভাপতি হিচাপে পেনেলত নাম দিয়াৰ আগতে মই তেওঁলোকক দুটা অসুবিধাৰ কথা অৱগত কৰিছিলো আৰু অসুবিধাৰ কথাও জানিও উচ্চস্তৰীয় সমিতিয়ে মোৰ নাম পেনেলত অন্তৰ্ভুক্ত কৰিলে, সেয়েহে তেওঁলোকৰ প্ৰতি মোৰ কৃতজ্ঞতা জনালো ৷ যেতিয়া মোৰ নাম পেনেলত অন্তৰ্ভুক্তি কৰিলে তেতিয়া শাখাসমূহে মোলৈ ফোন কৰিছিল । তেতিয়া তেওঁলোকে মোক কৈছিল যে ঘৰতেই বহি থাকিলে নহ'ব । এই কথা শুনি মই আচৰিত হৈছিলো । তাৰ মানে মই ৰাজনৈতিক নেতা দৰে ভোট বিচাৰিব লাগিব আৰু এইটো এটা অশোভনীয় কথা ।"

Anuradha Sharma Pujari withdrawn her name from president election of Assam Sahitya Sabha
অনুৰাধা শৰ্মা পূজাৰীৰ চিঠি (ETV Bharat Assam)

ইয়াৰোপৰি বিশিষ্ট সাহিত্যিকগৰাকীয়ে কয়,"কাৰণ শিল্পী-সাহিতিকক ৰাজনৈতিক নেতাৰ দৰে একাকাৰ কৰিব নালাগে । মই পৰাজিত হ'ব নিবিচাৰো আৰু আন সকলকো পৰাজিত কৰিব নিবিচাৰো ৷ সাহিত্যিকৰ মাজত জয়-পৰাজয় এক অশোভনীয় কথা । মই এনে প্ৰক্ৰিয়াত থাকিব নিবিচাৰো । নিৰ্বাচনৰ আওতালৈ ননা হ'লে মই সাহিত্য সভাৰ সভাপতি হ'লোহেতেন আৰু এই অশুভ পৰম্পৰা সংশোধন কৰাটো অতি প্ৰয়োজন ।"

সাহিত্য সভাৰ সভাপতি হোৱাহেতেন তেওঁৰ কৰণীয়খিনিৰ সন্দৰ্ভত পূজাৰীয়ে কয়,"মই সাহিত্য সভাৰ সভাপতি হোৱা হ'লে প্ৰথমতে সাহিত্য সভাৰ চিষ্টেমটো সলনি কৰিলোহেতেন । সাহিত্য সভাই প্ৰথমতে ৰাইজৰ কথা শুনক আৰু সাহিত্য সভাৰ চিষ্টেমটো সলনি কৰক । তেতিয়াহে সাহিত্য সভাৰ প্ৰতি নৱপ্ৰজন্মৰ আকৰ্ষণ বৃদ্ধি হ'ব । যি গৰাকী নমস্য সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি হ'ব তেওঁ প্ৰথমতে সভাৰ চিষ্টেমটো সলনি কৰক । এয়া মোৰ আহ্বান আৰু সাহিত্য সভাৰ প্ৰতি মোৰ আস্থা আছে ৷ সকলো প্ৰকাৰে সাহিত্য সভাক সহায় সহযোগিতা আগবঢ়াই যাম ।"

লগতে পঢ়ক: অসম সাহিত্য সভাৰ সভাপতি পদৰ তালিকা প্ৰকাশ

সভাপতিকেন্দ্ৰিক বিতৰ্কই সাহিত্য সভাৰ স্খলন উদঙাই দিছে: নীলিম কুমাৰ

অসম সাহিত্য সভাৰ সভাপতি পেনেলৰ পৰা নাম প্ৰত্যাহাৰ অনুৰাধা শৰ্মা পূজাৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.